শেহতীয়া আপডেটঃ

সন্ত‍‍ান নোহোৱাৰ বহু কাৰণৰ ভিতৰত এটা কাৰণ হ’ল স্বামী-স্ত্ৰীৰ মাজত সঠিকভাবে নতুবা সঠিক সময়ত শাৰীৰিক সম্পৰ্ক (যৌন-মিলন) নোহোৱ‍া

স্ৱামী-স্ত্ৰী (HUSBAND -WIFE) দুয়োজনেই কয় যে "আমি মিলনৰ বাবে ওচৰ চাপো, কিন্তু মোৰ সংগীয়ে(PARTNER) সেই সময়তেই আন কিবা কথা চিন্তা কৰি কিবা কিবি বেলেগ কথা কৈ থাকে বাবে সেই অনুভূতিবোৰ হঠাৎ নোহোৱা হৈ যায়।"

সন্ত‍‍ান নোহোৱাৰ বহু কাৰণৰ ভিতৰত এটা কাৰণ হ’ল স্বামী-স্ত্ৰীৰ মাজত সঠিকভাবে নতুবা সঠিক সময়ত শাৰীৰিক সম্পৰ্ক (যৌন-মিলন) নোহোৱ‍া।

কেতিয়‍াব‍‍া বিয়াৰ পিছত ৩-৪ বছৰ (বা তাতোকৈ বেছি) পাৰ হৈ যোৱালৈকে সঠিক মিলন নহয়।

কিয় নহয়? বহু ক্ষেত্ৰত এজনে আনজনৰ SEXUAL RESPONSE CYCLE মানে শৰীৰটো কোন সময়ত সঠিকভাবে মিলনৰ ব‍াবে পৰিপক্ব হৈ উঠে সেয়া নজনাটো।
নজনাটো ডাঙৰ কথা নহয়, কিন্তু জানিবলৈ চেষ্টা নকৰাটো নিশ্চয় ডাঙৰ কথা। আমাৰ সমাজত এতিয়াও যৌনতাৰ বিষয়ে আলোচনা কৰাটো হীন কাম(SOCIAL TABOO) বুলি ভবা হয়। সঠিক যৌন-জ্ঞানৰ (SEXUAL KNOWLWDGE)অভাবৰ ফলতেই, এজনৰ শৰীৰে কি বিছাৰে সেয়া আনজনে সঠিক মূহূৰ্তত বুজি নোপোৱাৰ ফলতেই দুয়োজনৰ মাজত মিলন সুখকৰ হৈ নুঠে।ফলত মানসিক বান্ধোন কেতিয়াবা শিথিল হৈ পৰে। মিলনৰ ক্ষেত্ৰত অনীহা আহি পৰে।

অনীহা হোৱাৰ আন এটা কাৰণ হ’ল গম নোপোৱাকৈ শৰীৰৰ ভিতৰত কিছুমান হ’ৰমনৰ তাৰতম্য হোৱাটো। আমাৰ সকলোৰে নিজৰ শৰীৰৰ বিষয়ে সাধাৰণজ্ঞানখিনি থকা উচিত।

প্ৰকৃতিৰ নিয়মমতে উপযুক্ত সংকেত(SIGNAL) পালে পুৰুষৰ শৰীৰত উত্তেজনা যিকোনো সময়তেই হব পাৰে। কিন্তু পুৰুষ(HUSBAND) সকলে এটা কথা মনত ৰখা উচিত যে তেওঁৰ সংগী(PARTNER-WIFE)ৰ ক্ষেত্ৰত সেয়া একে নহয়। কাৰণ প্ৰকৃতিৰ নিয়ম অনুসৰি মহিলাসকলৰ যৌন-মিলনৰ আসক্তি (URGE) ঋতুচক্ৰ(MENSTRUAL CYCLE)ৰ ওপৰত নিৰ্ভৰশীল। কাৰণ বিভিন্ন হৰম’ণৰ কম-বেছি পৰিমান চলি থাকে।

যদিহে শৰীৰৰ ভিতৰত ধৰিব নোৱাৰকৈ বহুদিনৰ পৰা কোনো ৰোগ হৈ থাকে তেতিয়াও SEXUAL PERFORMANCE ৰ ক্ষেত্ৰত বহু প্ৰভাব পৰে। এই ক্ষেত্ৰত মধুমেহ (DIABETES) ৰোগ প্ৰধানকৈ জগৰীয়া। সঠিক সময়ত ইয়াৰ চিকিৎসা কৰি নিয়ন্ত্ৰণ(CONTROL) নকৰিলে পিছলৈ বহু অসুবিধাৰ সৃষ্টি কৰে।

LOSS OF LIBIDO বা মিলনৰ ক্ষেত্ৰত অনীহা আহি পৰাৰ আন এক মাৰাত্মক ব্যাধি হৈছে মেদবহুলতা, শৰীৰত অত্যাধিক চৰ্বি জমা হোৱা আৰু কোনো ধৰণৰ শাৰীৰিক পৰিশ্ৰম নকৰা। এয়া পুৰুষ-মহিলা দুয়োজনৰ ক্ষেত্ৰতেই খাটে।

INTERNET ৰ বহুল প্ৰচাৰৰ ফলত যৌনতা (PORN) সহজেই উপলব্ধ। কিন্তু দেখাক দেখি সেয়া নিজৰ জীৱনত মিলনৰ সময়ত অনুৰপ চেষ্টা নকৰাই উচিত।সেইবোৰ স্ৱাভাৱিক ৰতি-ক্ৰিয়া প্ৰণালী নহয়। অজ্ঞানতাই হিতে বিপৰীত কৰে।
যৌনশক্তি বৰ্ধক দৰবৰ পয়োভৰ আজিকালি যতে ততেই। কিন্তু সেইবোৰ যধে-মধে সেৱন কৰিলে তাৰ পাৰ্শ্ব-ক্ৰিয়া (SIDE EFFECTS) সাংঘাটিক।

মনত ৰাখিব সকলো অসুবিধাৰ চিকিৎসা আছে। বেছিভাগ ক্ষেত্ৰত কোনো শাৰীৰিক অসুবিধা নাথাকে,অসুবিধা থাকে মনত।

মোৰ দ্বাৰা সঠিকভাবে হ’বনে? মোৰ সংগী(PARTNER) ক সঠিকভাবে সুখী কৰিব পাৰিমনে? কি হ’ব নোৱাৰিলে? (PERFORMANCE ANXIETY)।তেওঁ চাগে মোৰ লগত সুখী নহয়। এনে ধৰনৰ নেতিবাচক(NEGATIVE) চিন্তাই দুয়োজনকেই বিপদত পেলায়।

আন এটা সঘনাই বেছিভাগ মহিলাৰ মনলৈ আহি থকা প্ৰশ্ন হ’ল..

“মই দেখোন মিলনৰ সময়ৰ চৰম তৃপ্তি (CLIMAX/ORGASM) পোৱা নাই কেতিয়াও। লগৰ বান্ধবী দুই-এজনীয়ে কোৱা শুনো তেনে কিবা চৰম অনুভূতি লাভ কৰিব পাৰি। মই দেখোন পোৱ‍া নাই, সেইবাবেই মোৰ সন্তান হোৱা নাই নেকি?”

ইয়াৰ উত্তৰ হিচাপে কওঁ মিলনৰ সময়ত দুয়োজনে লাভ কৰা শাৰীৰিক সুখৰ লগত সন্তান হোৱা-নোহোৱাৰ কোনো সম্পৰ্ক ন‍াই। এয়া এক ভ্ৰান্ত ধাৰণাহে মাথো। যদিহে সন্তান ধাৰণ কৰিব পৰাকৈ শুক্ৰাণু-ডিম্বাণু (SPERM-EGG), ডিম্ববাহী নলীকা(FALLOPIAN TUBE), জৰায়ু (UTERUS) আৰু শৰীৰৰ সকলো হ’ৰমণ থিক পৰিমানত আছে তেন্তে কিমান সময় শাৰীৰিক মিলন হৈছে সেয়া গুৰুত্বপূৰ্ণ নহয়, বীৰ্য্যপাত যোনী(VAGINA)ৰ ভিতৰত হৈছে নে নাই সেয়াহে গুৰুত্বপূৰ্ণ কথা।

তেতিয়াই সেই মহিলাসকলৰ মনত আকৌ প্ৰশ্ন আহে “মই তেনেহলে কিয় চৰম তৃপ্তি (CLIMAX/ORGASM) পোৱা নাই এতিয়াও?”

ইয়াৰ উত্তৰ হ’ল- এজন পুৰুষে(আপোনাৰ স্বামীয়ে) এজনী মহিলাৰ (আপোনাৰ) শৰীৰৰ সকলো কথা খুটি-নাটি নজনাটোৱেই স্ৱাভাৱিক। এজনী মহিলাই (নতুবা পুৰুষজনেও) যদি মনতেই ভাবি লৈছে তেওঁৰ সংগীয়ে (PARTNER) তেওঁক শাৰীৰিক সুখ কেনেকৈ দিব লাগে সকলো কথা নিজে নিজেই জানিব সেয়া অত্যন্ত ভুল ধাৰণা। এইক্ষেত্ৰত স্বামী-স্ত্ৰী উভয়ৰেই সঠিক তাল-মিল থকাটো বাঞ্চনীয়। এজনে আনজনক নিজৰ শৰীৰৰ স্পৰ্শ সংবেদনশীল অংশবোৰৰ বিষয়ে অবগত কৰাই নিদিলে এইক্ষেত্ৰত সঠিক সুখানুভুতি পোৱা অসম্ভব।

বহু পুৰুষ-মহিলাই প্ৰশ্ন কৰে

“মোৰ বিয়াৰ কেবাবছৰো হ’ল,সন্তান নাই হোৱা। মই বিয়াৰ আগত বহুবছৰ হস্তমৈথুন (MUSTURBATION) কৰিছিলো। সেই অভ্যাসৰ কাৰণেই এতিয়া সন্তান নাই হোৱা নেকি?”

উত্তৰ হ’ল- হস্তমৈথুন(MUSTURBATION) হ’ল প্ৰকৃতিৰ নিয়ম অনুসৰি এটা বয়সৰ(PUBERTY) পিছত প্ৰাপ্ত-বয়স্ক পুৰুষ-মহিলা উভয়ৰে শৰীৰত উৎপন্ন হোৱা এটা স্বাভাবিক প্ৰাকৃতিক সঁহাৰি(NORMAL NATURAL BODY RESPONSE)।ইয়াক জোৰকৈ বাধা দিবলৈ চেষ্টা কৰিলে অসুবিধাৰ সৃষ্টি হ’ব পাৰে। হস্তমৈথুন কৰা নকৰাৰ লগত সন্তান হোৱা নোহোৱাৰ কোনো সম্পৰ্ক নাই।শুক্ৰাণু আৰু ডিম্বাণুৰ গুনাগুনৰ কোনো কম-বেছি নহয়। এইটোও সমাজত চলি থকা এটা ভ্ৰান্ত ধাৰণা।

ভোক-পিয়াহ, খং-ৰাগ, হাঁহি-কান্দোন,ভাললগা-বেয়ালগা, ঠাণ্ডা-গৰম এইবোৰ যেনেকৈ কোনোবা সময়ত শৰীৰত সৃষ্টি হোৱা এটা এটা আবেগ অনুভূতি, থিক তেনেকৈ এজন পুৰুষ বা এজনী মহিলাৰ মন মগজুত নিজৰ ভাল লগা সংগীজনৰ (PARTNER) প্ৰতি কোনোবা সময়ত যৌন-মিলনৰ (INTERCOURSE) বাবে সৃষ্টি হোৱা আকৰ্ষণো এটা প্ৰকৃতিৰ নিয়মমতে চলা আবেগ-অনুভূতি। প্ৰতিটো অনুভূতি শৰীৰত সৃষ্টি হবলৈ তেনে ধৰণৰ কোনো এটা উপযুক্ত কাৰণৰ (TRIGGER POINT) দৰকাৰ। সেইসময়ত আন অনুভূতিৰ মন-মগজুত প্ৰবেশ নিষেধ।

এই কথাষাৰ এইবাবেই গুৰুত্বপূৰ্ণ যে বহু সময়ত স্ৱামী-স্ত্ৰী (HUSBAND -WIFE) দুয়োজনেই কয় যে “আমি মিলনৰ বাবে ওচৰ চাপো, কিন্তু মোৰ সংগীয়ে(PARTNER) সেই সময়তেই আন কিবা কথা চিন্তা কৰি কিবা কিবি বেলেগ কথা কৈ থাকে বাবে সেই অনুভূতিবোৰ হঠাৎ নোহোৱা হৈ যায়।” মিলনৰ ক্ষেত্ৰত অনীহা আহি পৰাৰ এয়াও এক কাৰণ।

শাৰীৰিক মিলন প্ৰণালী কেতিয়াও একঘেয়ামি(MONOTONUS) হোৱা অনুচিত। ভিন্নতাই (DIFFERENT POSITIONS) সুখানুভূতি বঢ়োৱাত সহায় কৰে।

মনত ৰাখিব হাঁহিৰ সময়ত খং নাহে, মিঠা লগাৰ সময়ত তিতা সোৱাদ একেলগে নাহে, দুটা অনুভূতি যিদৰে একেসময়তে একেলগে অনুভব কৰিব নোৱাৰি, ঠিক সেইদৰে যৌন-মিলন(SEXUAL INTERCOURSE)ৰ সময়ত মাত্ৰ সেই অনুভূতিবোৰ লবলৈহে চেষ্টা কৰা উচিত। এই ক্ষেত্ৰত স্বামী-স্ত্ৰী দুয়োজনৰেই নিজৰ মানসিক সংযোগ এক বিন্দুত স্থিৰ হৈ ৰোৱা উচিত।

স্বামী- স্ত্ৰী (PARTNER) ৰ মাজত সঠিক সময়ৰ অন্তৰালত শাৰীৰিক সম্বন্ধ মাজে মাজে হৈ থকা অতি আবশ্যক। ইয়ে বহু ক্ষেত্ৰত মানসিক চাপ কমোৱাতো সহায় কৰে।

নিজৰ শৰীৰৰ বিষয়ে জানক , শৰীৰৰ ইংগিত (SIGNAL) বোৰ বুজক আৰু সুখী যৌন জীবন উপভোগ কৰক। সুস্থ থাকক,কুশলে থাকক সকলোৱে।

DR.DHIREN DUTTA
Reproductive Endocrinologist,
Sexologist,
IVF Specialist,
Trained in Clinical Genetics,
Hysteroscopic Surgeon.
Ph:9401224343

https://www.facebook.com/share/p/14v4ZYayn7/

#infertility #infertilityjourney #infertilityawareness #infertilitysupport #sexualhealthformen #sexual #sexuality #intercourse #sexpositions #erotic #musturbation #orgasm

album-art
Roi Roi Binale A Zubeen Garg Musical
00:00
Sorry, no results.
Please try another keyword
  • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
  • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
  • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
  • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS
  • ROI ROI BINALE- TITTLE TRACK |ZUBEEN GARG |GEOCONDA VESSICHELLI |
  • Tumar Nilim Kothar Dore | Zubeen Garg | RGS | Roi Roi Binale |
  • Dusokur Kajolere | Zubeen Garg | SABITA SHARMA GOSWAMI, ARUNDHATI BHANU PRIYA | Zeal Creations |
  • Mon Gole-Roi Roi Binale | Zubeen Garg | Achurjya Borpatra | Fency Rajkumari | Zeal Creations" by Zeal Creations.
  • ROI ROI BINALE JUKEBOX | ZUBEEN GARG |
  • FREE BIRD | ZUBEEN GARG |
  • Herowa Chanda- Trailer
spot_imgspot_imgspot_imgspot_img

Latest Posts

বিশেষঃ

Stay in touch

To be updated with all the latest news, offers and special announcements.