বিহালী বটিয়ামাৰী পঞ্চায়তৰ নৱনিৰ্মিত ভৱন উদ্ধোধন বিধায়ক ৰঞ্জিত দত্ত

বিহালী বটিয়ামাৰী পঞ্চায়তৰ নৱনিৰ্মিত ভৱন উদ্ধোধন বিধায়ক ৰঞ্জিত দত্ত ::

বিশ্বনাথ ২৬ এপ্ৰিলবিহালী সমষ্টিৰ বটিয়ামাৰী পঞ্চায়তৰ নৱনিৰ্মিত কাৰ্য্যালয় ভৱনটিৰ আজি শুভ উদ্ধোধন কৰে বিধায়ক ৰঞ্জিত দত্তই

প্ৰায় ১৬ লাখ টকাৰে বিহালী উন্নয়ন খণ্ড উন্নয়ন বিষয়া কাৰ্যালয় অন্তৰ্গত বটিয়ামাৰী গাওঁ পঞ্চায়তৰ নৱ নিৰ্মিত গৃহটো বটিয়ামাৰী গাওঁ পঞ্চায়ত সভানেত্ৰী ফুলমণি দাস সচীৱ গুণেন্দ্ৰ চেত্ৰী লগতে অভিযন্তা সঞ্জয় গোৱালা তত্ত্বাৱধান নিৰ্মাণ সম্পূৰ্ণ কৰা গৃহটো বটিয়ামাৰী গাওঁ পঞ্চায়ত প্ৰতিনিধি লগতে স্থানীয় ৰাইজৰ উপস্থিত বিধায়ক ৰঞ্জিত দত্তই শুভ উদ্বোধন কৰে।
গৃহটো শুভ উদ্বোধন কৰি বিধায়ক ৰঞ্জিত দত্তই পঞ্চায়ত প্ৰতিনিধি ও সচীব গুণেন্দ্ৰ চেত্ৰী লগতে গৃহটো দায়িত্ব থকা অভিযন্তা সঞ্জয় গোৱালাক প্ৰশংসা কৰে।

ইফালে ইয়াৰ পূৰ্বে পুৱা ১০ বজাত বিধায়ক গৰাকীয়ে মুখ্যমন্ত্ৰী পকী পথ নিৰ্মাণ আচঁনি ২০২২-২৩ বৰ্ষৰ অধীনত এম.বি.পৰা টেলেংগনীয়া পানী যোগান আচঁনিলৈ যোৱা পথ,ভিমডংগা গাংগমৌথান পথৰ পৰা শান্তিপুৰ পথ,বটিয়ামাৰী ঢাকাল বস্তি পথ,লগতে জিনজিয়া লালপানী পথ নিৰ্মাণ কামৰ আধাৰশিলা স্থাপন কৰে বিধায়ক ৰঞ্জিত দত্তই
এই আধাৰশিলা অনুষ্ঠানত উপস্থিত থাকে বিশ্বনাথ জিলা পৰিষদৰ গাণনিক বিষয়া, বিহালী
লোক নিৰ্মাণ বিভাগৰ কাৰ্যবাহী অভিযন্তা, অভিযন্তা লগতে জিলা পৰিষদৰ সদস্যা দীপিকা ঢেকাল শৰ্মা,পঞ্চায়তৰ প্ৰতিনিধি ও স্থানীয় ৰাইজ৷

Be the first to comment

Leave a Reply

Your email address will not be published.


*


This site uses Akismet to reduce spam. Learn how your comment data is processed.