উপনিৰ্বাচন ২০২১ || ৪১ নং ভৱানীপুৰ বিধানসভা সমষ্টিৰ সৰ্বাঙ্গীন উন্নয়নে আমাৰ লক্ষ্য

■ অহা ৩০ অক্টোবৰ তাৰিখে হ’বলগীয়া উপ নিৰ্বাচনৰ বাবে আজি  ৪১ নং ভৱানীপুৰ বিধানসভা সমষ্টিৰ অসম গণ পৰিষদ,ইউ পি পি এল দলৰ সমৰ্থিত তথা ভাৰতীয় জনতা পাৰ্টিৰ মনোনীত প্ৰাৰ্থী ফণীধৰ তালুকদাৰ ডাঙৰীয়াৰ হৈ ভৱানীপুৰ সমষ্টিৰ অন্তৰ্গত চাউলীয়াবড়ি,ধুমাৰ পাথাৰ পঞ্চায়ত,আনন্দ বজাৰ,মৈৰামভিঠা আদি বিভিন্ন অঞ্চলত নিৰ্বাচনী প্ৰচাৰ সভাত ৰাজ্যিক সভাপতি ভৱেশ কলিতা উপস্থিত থাকে৷

উক্ত সভা কেইখনত ভৱানীপুৰবাসী জনসাধাৰণৰ বিপুল সঁহাৰি আৰু পাৰ ভঙা উৎসাহ সমৰ্থন দেখি মই আপ্লুত হোৱাৰ লগতে ৰাইজে সমষ্টিৰ সৰ্বাঙ্গীন বিকাশৰ স্বাৰ্থত নিজৰ বহু মূলীয়া ভোট ভাৰতীয় জনতা পাৰ্টিৰ মনোনীত প্ৰাৰ্থী ফণীধৰ তালুকদাৰক পদুম ফুলৰ ছবিত ভোট প্ৰদান কৰি বিজয় সাব্যস্ত কৰিব বুলি বিনম্ৰ অনুৰোধ কৰে ৷

Be the first to comment

Leave a Reply

Your email address will not be published.


*


This site uses Akismet to reduce spam. Learn how your comment data is processed.