শেহতীয়া আপডেটঃ

বিশ্বনাথত ৭৮ সংখ্যক স্বাধীনতা দিৱস উদযাপন বিশ্বনাথক সৰ্বাংগ সুন্দৰ ৰূপত গঢ়ি তোলাৰ বাবে সকলো ধৰণৰ প্ৰচেষ্টা অব্যাহত ৰাখিম : মুখ্য অতিথি ডাঃ নেহা যাদৱ বিভিন্ন ক্ষেত্ৰৰ ১১ গৰাকী ব্যক্তিক সম্বৰ্ধনা জ্ঞাপন

বিশ্বনাথত ৭৮ সংখ্যক স্বাধীনতা দিৱস উদযাপন

বিশ্বনাথক সৰ্বাংগ সুন্দৰ ৰূপত গঢ়ি তোলাৰ বাবে সকলো ধৰণৰ প্ৰচেষ্টা অব্যাহত ৰাখিম : মুখ্য অতিথি ডাঃ নেহা যাদৱ

বিভিন্ন ক্ষেত্ৰৰ ১১ গৰাকী ব্যক্তিক সম্বৰ্ধনা জ্ঞাপন

 

অসম খবৰ বিশ্বনাথ চাৰিআলি, ১৫ আগষ্টঃ_ ৰাজ্যখনৰ অন্যান্য ঠাইৰ লগতে বিশ্বনাথ জিলাতো দেশৰ ৭৮ সংখ্যক স্বাধীনতা দিৱস ব্যাপক উলহ মালহেৰে উদযাপন কৰা হয়। মহকুমাৰ সদৰ বিশ্বনাথ চাৰিআলিৰ কাছাৰী ময়দানত আয়োজিত দিৱসৰ মূল কাৰ্য্যসূচীত বিশিষ্ট অতিথিৰূপে উপস্থিত থাকি জাতীয় পতাকা উত্তোলন কৰে বিশ্বনাথৰ জিলা আয়ুক্ত তথা মুখ্য অতিথি ডাঃ নেহা যাদৱে ।

 

নিজৰ ভাষণত ভাৰতীয় প্ৰশাসনীয় সেৱাৰ বিষয়া গৰাকীয়ে জাতিৰ পিতা মহামানৱ মহাত্মা গান্ধী আৰু দেশৰ স্বাধীনতা সংগ্ৰামত জীৱনপণ কৰা জ্ঞাত-অজ্ঞাত স্বাধীনতা যুঁজাৰুসকললৈ গভীৰ শ্ৰদ্ধা নিবেদন কৰে। বিশ্বনাথৰ বিধায়ক প্ৰমোদ বৰঠাকুৰ, বিশ্বনাথ জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া দিগন্ত কুমাৰ বৈশ্য, অতিৰিক্ত জিলা আয়ুক্তত্ৰয় ধ্ৰুৱজ্যোতি দাস, ৰাকেশ ডেকা, হৃদয় কুমাৰ দাস, আৰক্ষী অধীক্ষক শুভাশীষ বৰুৱা, প্ৰাক্তন মন্ত্ৰীদ্বয় নুৰজামাল চৰকাৰ, প্ৰবীণ হাজৰিকা, বিশ্বনাথ চাৰিআলি পৌৰ সভাৰ পৌৰপতি অমৰজ্যোতি বৰঠাকুৰ আদি সন্মানীয় অতিথিসকলৰ উপৰিও জিলাৰ বিভিন্ন বিভাগৰ উচ্চ পদস্থ বিষয়া কৰ্মচাৰী, মুক্তিযোদ্ধাৰ পৰিয়াল, জ্যেষ্ঠ নাগৰিক, বিভিন্ন দল সংগঠনৰ প্ৰতিনিধি প্ৰমুখ্যে কেইবাহাজাৰো জনতাৰ উপস্থিতিত প্ৰদান কৰা নাতিদীৰ্ঘ ভাষণত মুখ্য অতিথি তথা জিলা আয়ুক্ত গৰাকীয়ে বিশ্বনাথ জিলাৰ দৰে সুবিশাল অঞ্চলটোক সমৃদ্ধিশালী ৰূপত গঢ়ি তোলাৰ বাবে বিগত দিনবোৰত চৰকাৰে গ্ৰহণ কৰা বিভিন্ন উন্নয়নমূলক পদক্ষেপসমূহৰো এক চমু অৱলোকন দাঙি ধৰে। ভাষণত মুখ্য অতিথি গৰাকীয়ে গুপ্তকাশীৰূপে খ্যাত ঐতিহাসিক বিশ্বনাথ জিলাক সৰ্বাংগ সুন্দৰ ৰূপত গঢ়ি তোলাৰ বাবে সকলো ধৰণৰ প্ৰচেষ্টা অব্যাহত ৰখাৰ লগতে জিলাখনৰ সৰ্বাংগীন উন্নয়নৰ বাবে সমূহ ৰাইজৰ সক্ৰিয় সহযোগিতাৰো কামনা কৰে।

 

দিনজোৰা কাৰ্যসূচী অনুসৰি অনুষ্ঠিত এই স্বাধীনতা দিৱসৰ দিনা পুৱা ৫ বজাত জনসংযোগ বিভাগৰ দ্বাৰা অনুভাষ যন্ত্ৰযোগে দেশপ্ৰেমমূলক গীত পৰিৱেশনৰে স্বাধীনতা দিৱসৰ কাৰ্যসূচীৰ পাতনি মেলা হয়। পুৱা সাত বজাত নিজ নিজ বাসগৃহ, চৰকাৰী-বেচৰকাৰী কাৰ্যালয়, শিক্ষানুষ্ঠান, অনুষ্ঠান-প্ৰতিষ্ঠান আদিত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰা হয়। চহৰখনৰ ক্লক টাৱাৰ সংলগ্ন সুসাহিত্যিক দীননাথ শৰ্মা, অগ্নিকবি কমলাকান্ত ভট্টাচাৰ্য আৰু দেশপ্ৰাণ লক্ষ্মীধৰ শৰ্মাৰ ত্ৰিমূৰ্তিত বিশ্বনাথ সমষ্টিৰ
বিধায়ক প্ৰমোদ বৰঠাকুৰে পুষ্পাঞ্জলি অৰ্পণ কৰে।চেনিৰাম দাস শিশু উদ্যানত থকা জাতিৰ পিতা মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তিত শ্ৰদ্ধাঞ্জলি নিবেদন কৰাৰ পাছত কাছাৰী ময়দানত উপস্থিত হোৱা অনুষ্ঠানৰ মুখ্য অতিথি তথা জিলা আয়ুক্ত ডাঃ নেহা যাদৱে আৰক্ষী জোৱান সকলৰ কুচকাৱাজৰ অভিবাদনো গ্ৰহণ কৰে। ভাস্কৰজ্যোতি বৰাই আঁত ধৰা এই অনুষ্ঠানত বিশ্বনাথৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান আৰু শিক্ষানুষ্ঠানৰ সৰ্বমুঠ ৯টা দলে কুচকাৱাজত ভাগ লয়। ইয়াৰোপৰি স্বাধীনতা দিৱসৰ এই কাৰ্যসূচীত বিশ্বনাথ আৰক্ষীৰ ডেয়াৰ ডেভিল টীম মটৰ চাইকেল চালন প্ৰদৰ্শন কৰাৰ উপৰিও বিশ্বনাথৰ বিভিন্ন ক্ষেত্ৰত উল্লেখযোগ্য অৰিহণা দেখুওৱা মুঠ ১১ গৰাকী ব্যক্তিক সম্বৰ্ধনা জনোৱা হয়। বিয়লি বিশ্বনাথৰ কাছাৰী ময়দানত বিষয়া কৰ্মচাৰীসকলৰ মাজত টেকেলি ভঙা খেল আৰু জিলা প্ৰশাসন একাদশ আৰু বিশ্বনাথ জিলা ক্ৰীড়া একাদশৰ মাজত এখন প্ৰীতি ফুটবল খেলো অনুষ্ঠিত কৰা হয়। দিৱসৰ সমগ্ৰ কাৰ্যসূচী ৰূপায়নৰ ক্ষেত্ৰত আগবঢ়োৱা সহায়-সহযোগিতাৰ বাবে বিশ্বনাথবাসীক বিশ্বনাথ জিলা প্ৰশাসনে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছে।

বিশ্বনাথ জিলা প্ৰশাসনে স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি সম্বৰ্ধনা জ্ঞাপন কৰা এঘাৰ গৰাকী ব্যক্তি হৈছে চলিত বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত বিশ্বনাথ চাৰিআলিৰ অসমীয়া মাধ্যমৰ অগ্ৰণী শৈক্ষিক প্রতিষ্ঠান শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ পৰা পৰীক্ষাত অৱতীৰ্ণ হৈ অসমৰ ভিতৰতে দ্বিতীয় স্থান প্রাপ্ত কৃতী ছাত্রী ঝৰ্ণা শইকীয়া, জিলাখনৰ এগৰাকী মানৱ দৰদী, সু-চিকিৎসক তথা এনাচথেচিষ্ট ডাঃ ৰিপন চুতীয়া,


গুৱাহাটীত অনুষ্ঠিত হোৱা দশম ৰাষ্ট্ৰীয় হস্ততাঁত দিৱসত অসম চৰকাৰে তেওঁক শ্রেষ্ঠ শিপিনী হিচাপে সম্বর্ধনা জ্ঞাপন কৰা জিলাখনৰ এগৰাকী সফল বয়ন শিল্পী সবিতা বেপী, হেলেম আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া, উপ পৰিদৰ্শক সঞ্জয় শইকীয়া, চাৰিআলি বিদ্যুত উপসংমণ্ডলৰ লাইন মেন-২ কুমদ দাস, বিশ্বনাথ চাৰিআলি পৌৰ সভাৰ স্বচ্ছতা সহায়ক, দেৱপ্ৰতিম হাজৰিকা, জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয়ৰ সহকাৰী বলবৎ পৰিদৰ্শক ৰাজীৱ দাস, অৱসৰপ্ৰাপ্ত কৃতী শিক্ষয়িত্রী, লেখিকা ধনদা কলিতা, বিশ্বনাথ মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক ড০ ৰাহুল শৰ্মা, অৱসৰ প্ৰাপ্ত হিন্দী শিক্ষক তথা অসমৰ ৰাজ্যপালৰ পৰা ৰাষ্ট্ৰভাষা গৌৰৱ সন্মানেৰে সন্মানিত শংকৰ প্ৰসাদ চাহু আৰু নগাঁও নিম্ন বুনিয়াদী বিদ্যালয়ত বিগত চৈধ্য বছৰে বিনা বেতনেৰে সেৱা আগবঢ়াই থকা এগৰাকী স্বেচ্ছাসেৱী শিক্ষয়িত্রী পাপৰি মহন্ত।

album-art
Roi Roi Binale A Zubeen Garg Musical
00:00
Sorry, no results.
Please try another keyword
  • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
  • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
  • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
  • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS
  • ROI ROI BINALE- TITTLE TRACK |ZUBEEN GARG |GEOCONDA VESSICHELLI |
  • Tumar Nilim Kothar Dore | Zubeen Garg | RGS | Roi Roi Binale |
  • Dusokur Kajolere | Zubeen Garg | SABITA SHARMA GOSWAMI, ARUNDHATI BHANU PRIYA | Zeal Creations |
  • Mon Gole-Roi Roi Binale | Zubeen Garg | Achurjya Borpatra | Fency Rajkumari | Zeal Creations" by Zeal Creations.
  • ROI ROI BINALE JUKEBOX | ZUBEEN GARG |
  • FREE BIRD | ZUBEEN GARG |
  • Herowa Chanda- Trailer
spot_imgspot_imgspot_imgspot_img

Latest Posts

বিশেষঃ

Stay in touch

To be updated with all the latest news, offers and special announcements.