Thursday, July 10, 2025
33.4 C
Guwahati
TOP NEWS:

বিশ্বনাথ জিলা টিকাকৰণ বিষয়াৰ কাৰ্যালয়ত টিকাকৰণৰ সুবিধাৰ্থে দুখন বলেৰো’ পিকআপ ভান উন্মোচন :

- Advertisement -

 

বিশ্বনাথ জিলাৰ যুটীয়া সঞ্চালক ডাঃ নাৰায়ণ চন্দ্ৰ মহন্তই কৰিলে উন্মোচন :;

বলেৰো’ পিকআপ ভান দুখনৰ দ্বাৰা বিশ্বনাথৰ ভিতৰুৱা অঞ্চলৰ জনসাধাৰণ উপকৃত হ’ব

বিশ্বনাথ ১৮ জুলাই:-বিশ্বনাথ জিলাৰ বিশ্বনাথ অসামৰিক চিকিৎসালয়স্থিত টিকাকৰণ বিষয়াৰ কাৰ্যালয়ত আজি টিকাকৰণৰ বাবে দুখন বলেৰো’ পিক আপ ভান আনুষ্ঠানিক ভাৱে উন্মোচন কৰা হয়। জিলা টিকাকৰণ বিষয়া ডা.মীনা বৰাৰ তত্বাৱধানত অনুষ্ঠিত অনুষ্ঠানত স্বাস্থ্য বিভাগৰ শোনিতপুৰ জিলাৰ যুটীয়া সঞ্চালক ডা. নাৰায়ণ চন্দ্ৰ মহন্তই গাড়ী দুখনৰ ফিটা কাটি উন্মোচন কৰি কয় যে, দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ১৫ তাৰিখে ক’ভিড ১৯ ৰ অমৃত মহোৎসৱ অনুষ্ঠান মুকলি কৰিছে। তাৰ লগত সংগতি ৰাখি বৰ্তমান কোভিড ১৯ প্ৰতিষেধকৰ সুৰক্ষামুলক তৃতীয় পালি প্ৰতিষেধক( বুষ্টাৰ ড’জ )১৮ বছৰৰ উৰ্ধৰ লোকক প্ৰদান কৰি থকা হৈছে। লগতে ১২ বছৰৰ পৰা ১৮ বছৰলৈকেও ক’ভিড ১৯ প্ৰতিষেধক প্ৰদান কৰি থকা হৈছে। প্ৰায়বোৰ অঞ্চলৰ ব্যক্তিগত চিকিৎসালয়ত তৃতীয় পালি প্ৰতিষেধক দি থকা হৈছে যদিও বিশ্বনাথ চাৰিআলিৰ ভিতৰুৱা অঞ্চল সমূহত যোগাযোগৰ অসুবিধাৰ প্ৰতি লক্ষ্য ৰাখি ” উইছ” নামৰ ফাউণ্ডেশ্যনৰ দ্বাৰা দুখন ভেনৰ ব্যৱস্থা কৰি দিছে। চৰ চাপৰি আদি সকলো ভিতৰুৱা অঞ্চলত তৃতীয় পালি প্ৰতিষেধক আৰু ক’ৰবাত যদি দ্বিতীয় পালি প্ৰতিষেধক লাভ নকৰা ব্যক্তি আছে এই সকলো লোককে সামৰি বিনামূলীয়াকৈ প্ৰতিষেধক প্ৰদান কৰিব। এই সুবিধাৰ বাবে ভিতৰুৱা অঞ্চলৰ জনসাধাৰণ উপকৃত হব। এতিয়া কাৰ্যালয়ত থকা কোভিড ১৯ৰ প্ৰতিষেধক গাড়ী দুখনৰ জড়িয়তে সকলো ভিতৰুৱা অঞ্চল সামৰি প্ৰতিষেধক প্ৰদানৰ সফল ৰূপায়ন কৰিব পাৰিব।” জিলা প্ৰতিষেধক বিষয়া ডা. মীনা বৰাই সাংবাদিকক জানিবলৈ দিয়া মতে, গহপুৰ,বিহালী আৰু বিশ্বনাথক সামৰি বিশ্বনাথ জিলা কাৰ্যালয়ৰ তত্বাৱধানত ক’ভিড১৯ প্ৰতিষেধক প্ৰদান কৰি অহা হৈছে। গহপুৰ অঞ্চলটো বৃহত্তৰ হোৱা হেতুকে এখন ভেন গহপুৰৰ বাবে আৰু আনখন বিহালী আৰু বিশ্বনাথৰ বাবে ব্যৱহাৰ কৰা হ’ব।এই কাৰ্যালয়ৰ তত্বাৱধানত কেইবাটাও গোট গঠন কৰা আছে। এই গোট সমূহে এতিয়াৰ পৰা যোগাযোগৰ অসুবিধা থকা সকলো চৰ চাপৰি অঞ্চলক সামৰি প্ৰতিষেধক চেন্টাৰ সমুহৰ লগতে জনসাধাৰণৰ ওচৰলৈ গৈ তৃতীয় পালি আৰু ক’ৰবাত ৰৈ যোৱা দ্বিতীয় পালি প্ৰতিষেধক প্ৰদানৰ কাম সম্পূৰ্ণ কৰিব পাৰিব। জনসাধাৰণক প্ৰতিষেধক প্ৰদানৰ সুবিধাৰ্থে গাড়ী দুখনৰ ব্যৱস্থা হোৱাত জিলাবাসী ৰাইজে সন্তুষ্টি প্ৰকাশ কৰে।

Hot this week

Indus Towers Partners with NEAID to Aid Flood Affected Communities in Assam, Manipur and Tripura

Guwahati, July 9, 2025:  Amid the devastating floods that...

ASSAM RIFLES SEIZE COUNTRY MADE LIQUOR WORTH ₹15L IN LEINANGPOKPI, JIRIBAM DISTRICT, MANIPUR

■ In a significant crackdown on illicit liquor trade...

নামিবিয়াৰ ৰাজধানী ৱিহোকত প্রধানমন্ত্ৰী মোদী

প্রধানমন্ত্ৰী মোদীয়ে পাঁচখন দেশৰ ভ্রমণসূচীৰে নামিবিয়াৰ ৰাজধানী ৱিহোকত উপস্থিত...

ASSAM RIFLES CONDUCTS MEETING WITH BUSINESS COMMUNITY AT JAKURADHAR, JIRIBAM DISTRICT, MANIPUR

Assam Rifles conducted a meeting with the shopkeepers and...

Topics

নামিবিয়াৰ ৰাজধানী ৱিহোকত প্রধানমন্ত্ৰী মোদী

প্রধানমন্ত্ৰী মোদীয়ে পাঁচখন দেশৰ ভ্রমণসূচীৰে নামিবিয়াৰ ৰাজধানী ৱিহোকত উপস্থিত...

Which field of study leads to high-paying jobs quickly?

Letter to the Editor: Dear Editor,               Since 2005, I have...

শিক্ষানুষ্ঠানসমূহত কোচিং চেণ্টাৰ স্কলাৰশ্বিপ টেষ্ট

সম্পাদকলৈ চিঠি: মাননীয় সম্পাদক মহোদয়,         বর্তমান কিছুমান কোচিং  চেণ্টাৰে  স্কলাৰশ্বিপ...

Related Articles

Popular Categories

Assam
clear sky
32.5 ° C
32.5 °
32.5 °
71 %
1.6kmh
6 %
Thu
30 °
Fri
33 °
Sat
34 °
Sun
31 °
Mon
27 °