বিহালীত অঘটন । উচ্চ প্ৰবাহিত বিদ্যুৎ স্পৃষ্ট হৈ ৭টাকৈ পশুধন মৃত্যু

Polytechnic College in Narayanpur

বিহালীত অঘটন ।
উচ্চ প্ৰবাহিত বিদ্যুৎ স্পৃষ্ট হৈ ৭টাকৈ পশুধন মৃত্যু ::

বিদুৎ বিভাগৰ কৰ্মচাৰী অকমান্যতা ফলত বিহালীত ৭ টাকৈ পশুধন মৃত্যু মুখত পৰে সোমবাৰে।
বিশ্বনাথ মহকুমা বিহালী সমষ্টিৰ নাচবৰ পথাৰ মাজেৰে যোৱা উচ্চ প্ৰবাহিত বিদ্যুৎ স্পৃষ্ট হৈ সোমবাৰে ৭ টাকৈ পশুধনৰ মৃত্যু হোৱা কেন্দ্ৰ কৰি এক চাঞ্চল্যৰ সৃষ্টি হয়।

 

 

প্ৰাপ্ত তথ্য মতে আন দিনা দৰে সোমবাৰে পুৱা ৯ মান বজাত স্থানীয় লোকে ঘৰৰ সন্মুখত থকা পথাৰত গৰুবোৰ চৰিবলৈ মেলি দিয়ে কিন্তু সেই সময়তে নাচবৰ পথাৰত মাজেদি যোৱা ১১ হেজাৰ ভল্টৰ তাঁৰ খুলি পৰি থকা কথা লক্ষ্য কৰা নাছিল কোনো ব‍্যক্তিয়ে কিন্তু হঠাৎ গৰু বোৰ উক্ত তাঁৰত এটা এটাকৈ লাগি ৭টাকৈ গৰুৰ মৃত্যু হোৱা পিছত এক হুলস্থুলীয়া পৰিৱেশ সৃষ্টি হয়। ইফালে ইয়াৰ পিছতে বিদ্যূৎ বিভাগৰ লোক আৰু বিহালী আৰক্ষী উপস্থিত হৈ তদন্ত অব্যাহত ৰাখে।
আনহাতে এই ক্ষেত্ৰত পশুধনৰ গৰাকী সকলে উচিত ক্ষতি পুৰণৰ দাবী জনাই।

Be the first to comment

Leave a Reply

Your email address will not be published.


*


This site uses Akismet to reduce spam. Learn how your comment data is processed.