অসম ডন বস্কো বিশ্ববিদ্যালয় (এডিবিইউ)লৈ ই-নৰ্থ ইষ্ট বঁটা

গুৱাহাটী, ২৯ নৱেম্বৰ : অসম ডন বস্ক’ বিশ্ববিদ্যালয়ৰ মহিলা সৱলীকৰণ কোষ ‘ভনিতাগ্ৰাতা (VanitAgrata)’ই সামাজিক আৰু বিত্তীয় শাখাৰ অধীনত ২০২৩ চনৰ   ই-নৰ্থ ইষ্ট বঁটা  লাভ কৰিছে। ২৪ আৰু ২৫ নৱেম্বৰত  কাউন্সিল ফৰ ছ’চিয়েল এণ্ড ডিজিটেল ডেভেলপমেণ্ট (চি এছ ডি ডি), ডিজিটেল এম্পাৱাৰমেণ্ট ফাউণ্ডেশ্যন (ডি ই এফ) আৰু নৰ্থ ইষ্ট ডেভেলপমেণ্ট ফাউণ্ডেশ্যনৰ যৌথ উদ্যোগত   গুৱাহাটীত অষ্টম ই-নৰ্থ ইষ্ট এৱাৰ্ড ২০২৩ অনুষ্ঠিত হয় । ই-নৰ্থ ইষ্ট বঁটাৰ জৰিয়তে ২০১০ চনৰ পৰা ভাৰতৰ  উত্তৰ-পূব অঞ্চলত বহনক্ষম উন্নয়নৰ বাবে উদ্ভাৱনী মূলক ডিজিটেল সমাধানক স্বীকৃতি আৰু প্ৰচাৰ কৰি আহিছে।

         ২০১৫ চনত আৰম্ভ হোৱাৰ পৰাই ‘ভনিতাগ্ৰাতা (VanitAgrata)’ই   অসমৰ নাৰীক উন্নীতকৰণৰ এক অভিযানত নামি আহিছে, আৰু ইয়াৰ প্ৰকল্প শাশাক্ত মহিলা (ShashaktMahila ) আৰু  শাশাক্তবালিকা(ShashaktBalika)ই এই লক্ষ্যত উপনীত হোৱাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। অসম ডন বস্ক’বিশ্ববিদ্যালয়ৰ কম্পিউটাৰ এপ্লিকেচন বিভাগৰ সহযোগী অধ্যাপক ড° জিপ্সী নন্দীৰ নেতৃত্বত ২০২৩ চনৰ ই-নৰ্থ ইষ্ট এৱাৰ্ড বিজয়ী হিচাপে স্বীকৃতিয়ে সীমাবদ্ধতা ঠেলি দি ইতিবাচক পৰিৱৰ্তনৰ নতুন পথ অন্বেষণ কৰি যাবলৈ প্ৰেৰণা হিচাপে কাম কৰে বুলি জানিব দিয়ে।

About ড° বুলজিৎ বুঢ়াগোহাঁই, লেখক, কেৰিয়াৰ পৰামৰ্শদাতা 12 Articles
Buljit Buragohain has been awarded the degree of Doctor of Philosophy (Ph.D.) by the Indian Institute of Technology Guwahati (IITG) for his thesis “Thermodynamic Optimization of Biomass Gasification”. He completed his doctoral research under the joint supervision of Dr. V.S. Moholkar, Department of Chemical Engineering, and Prof. P. Mahanta, Department of Mechanical Engineering, IIT Guwahati. He is the son of Mr. Nomal Buragohain and Late Saruj Dihingia, of Bhehpara Gaon, Dhemaji. ভাৰতীয় প্রযুক্তিবিদ্যা প্রতিষ্ঠান গুৱাহাটীৰ পৰা বুলজিৎ বুঢ়াগোহাঁইয়ে ডক্টৰেট ডিগ্রী লাভ কৰিছে। এওঁ উক্ত প্রযুক্তিবিদ্যা প্রতিষ্ঠানৰ কেমিকেল ইঞ্জিনিয়াৰিং বিভাগৰ সহযোগী অধ্যাপক ড° ভি এছ মোহলকাৰ আৰু মেকানিকেল ইঞ্জিনিয়াৰিং বিভাগৰ অধ্যাপক পি মহন্ত অধীনত গৱেষণা কৰিছিল। তেওঁৰ গৱেষণাৰ বিষয় আছিল “Thermodynamic Optimization of Biomass Gasification”. এওঁ ধেমাজি জিলাৰ ভেহপৰা গাওঁ নিবাসী শিক্ষক নোমল বুঢ়াগোহাঁই আৰু প্রয়াত শিক্ষয়িত্রী সৰোজ দিহিঙ্গীয়াৰ পুত্র।"

Be the first to comment

Leave a Reply

Your email address will not be published.


*


This site uses Akismet to reduce spam. Learn how your comment data is processed.