মধ্য প্ৰদেশৰ গোৱালিয়ৰত অনুষ্ঠিত ৩২ সংখ্যক ৰাষ্ট্ৰীয় পেৰা সাঁতোৰ প্ৰতিযোগিতাত ১০টা পদক লাভ কৰি ৰাজ্যখনলৈ গৌৰৱ কঢ়িয়াই অনা সাঁতোৰবিদসকলক আজি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই অভিনন্দন জ্ঞাপন কৰে৷ মুখ্যমন্ত্ৰীয়ে এই প্রতিযোগিতাত তিনিটাকৈ স্বর্ণ পদক জয় কৰা গুৱাহাটীৰ পেৰা সাঁতোৰবিদ কৃষ্ণ দাসক প্রশংসা কৰি তেওঁৰ ক্ৰীড়া জীৱনৰ উন্নতি কামনা কৰে। মুখ্যমন্ত্রীয়ে লগতে আটাইকেইগৰাকী সাঁতোৰবিদক ভৱিষ্যৎ উন্নতিৰ বাবে শুভেচ্ছা জনায়। উল্লেখযোগ্য যে, কালি সামৰণি পৰা প্ৰতিযোগিতাখনত অসমে ৫ টা সোণ, ২ টা ৰূপ আৰু ৩ টা ব্ৰঞ্জৰ পদক অৰ্জন কৰিবলৈ সমৰ্থ হয়। উল্লেখযোগ্য যে, এই প্রতিযোগিতাত অসমৰ এটা ১৬ জনীয়া সাঁতোৰবিদৰ দলে অংশগ্ৰহণ কৰিছিল।
[sonaar_audioplayer albums="latest" order="desc" orderby="date" show_skip_bt="default" show_shuffle_bt="default" show_repeat_bt="default" show_speed_bt="default" show_volume_bt="default" show_miniplayer_note_bt="default" progress_bar_style="default" wave_bar_width="1" wave_bar_gap="1" track_memory="default" player_layout="skin_boxed_tracklist" tracklist_layout="list" hide_track_number="false" show_track_market="true" track_market_inline="true" cta_track_show_label="default" force_cta_dl="default" force_cta_share="default" force_cta_favorite="default" force_cta_singlepost="default" track_artwork_format="thumbnail" show_track_publish_date="default" show_playlist="true"][/sonaar_audioplayer]



