● পৰ্বতঝোৰা: আজি দেশবাসীয়ে উদযাপন কৰিছে ৭৯ সংখ্যক স্বাধীনতা দিৱস। সমগ্ৰ ৰাজ্যৰ লগতে গৌৰীপুৰৰ ২০তম আৰক্ষী বাহিনীৰ ছাউনিতো উলহ-মালহৰে উদযাপন কৰা হয় স্বাধীনতা দিৱস। দেশৰ বাবে স্বাধীনতা আন্দোলনত আত্ম বলিদান দিয়া মহান শ্বহীদ সকলোক স্মৰণ কৰি শ্বহীদ বেদীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে বাহিনীৰ অধিনায়ক জ্যোতি ৰঞ্জন নাথৰ লগতে বিষয়া কৰ্মচাৰী, আৰক্ষী জোৱানৰ লগতে বহু বিশিষ্ট ব্যক্তি সকলোৱে।

৭৯ সংখ্যক স্বাধীনতা দিৱসৰ জাতীয় পতকা উত্তোলন কৰে বাহিনীৰ অধিনায়ক জ্যোতি ৰঞ্জন নাথে। জাতীয় পতাকা উত্তোলন কৰাৰ পিছত বাহিনীৰ আৰক্ষী আৰু বিভিন্ন স্কুলৰ ছাত্ৰ-ছাত্ৰী দ্বাৰা আয়োজিত পেৰেড সমাৰোহৰ অভিবাদন গ্ৰহণ কৰে অধিনায়ক গৰাকীৰয়ে।আজি এই পেৰেড সমাৰোহত অংশগ্ৰহণ কৰে বাহিনীটো আৰক্ষী দুটা প্লেটন, চৰকাৰী বিদ্যালয়ৰ পৰা আলমগঞ্জ এফ এ মেমৰীয়াল উচ্চ মাধ্যমিক বিদ্যালয়, পানবাৰী ৰঙামাটি উচ্চ মাধ্যমিক বিদ্যালয় , ব্যক্তিগত বিদ্যালয় সমূহ হৈছে জ্ঞান বিকাশ একাডেমি,পানবাৰী, জ্ঞানজ্যোতি জাতীয় বিদ্যালয়, পানবাৰী, নৱদোয় জাতীয় বিদ্যালয়।

জ্ঞান বিকাশ একাডেমিৰ পেৰেড কামাণ্ডাৰ হিচাপে থাকে আনিচুৰ ৰহমান, এফ এ মেমৰিয়াল উচ্চ মাধ্যমিক বিদ্যালয়ৰ কামাণ্ডাৰ হিচাপে নুৰেজা খাতুন, পানবাৰী ৰঙামাটি উচ্চ মাধ্যমিক বিদ্যালয়ৰ পেৰেড কামাণ্ডাৰ ৰেশমিনা খাতুন, নৱোদয় জাতীয় বিদ্যালয়ৰ পেৰেড কামাণ্ডাৰ হিচাপে থাকে নুৰ জামাল হক আৰু নৱ জ্যোতি জাতীয় বিদ্যালয়ৰ পেৰেড কামাণ্ডাৰ হিচাপে হামিদুল ইছলামে পেৰেড কুজ কোৱাজত অংশগ্ৰহণ কৰে।

স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি অধিনায়ক গৰাকীয়ে ভাষণ প্ৰসংগত দেশৰ স্বাধীনতা সংগ্ৰামত ত্যাগ, সাহস, আত্ম বলিদানৰে অত্যাচাৰী ইংৰাজৰ কবলৰ পৰা আমাৰ দেশমাতৃ ভাৰতবৰ্ষক স্বাধীন কৰা বীৰ-শ্বহীদ আৰু স্বাধীনতা সংগ্ৰামী মহান ব্যক্তি সকলোক শ্ৰদ্ধাৰে সোঁৱৰণ কৰাৰ লগতে মহা মানৱ মহাত্মা গান্ধীজিৰ স্বাধীনতা আন্দোলন আৰু নেতাজি সুভাষ চন্দ্ৰ বসুৰ স্বাধীনতা আন্দোলনৰ বিষয়ে ৰাইজক বিতং ভাৱে উপস্থাপন কৰে ভাষণত।

আজিৰ এই স্বাধীনতা দিৱস তাৎপাৰ্য্য সম্পৰ্কে ভাষণ প্ৰদান কৰি অধিনায়ক গৰাকীয়ে কয় যে দেশৰ স্বাধীনতাৰ গৌৰৱময় ইতিহাসক বৰ্ণনা কৰা আৰু দেশ মাতৃক স্বাধীন কৰাৰ বাবে যি সকলোৱে ত্যাগ, বলিদান দিলে সেইসকল বীৰ বীৰঙ্গনাক শ্ৰদ্ধাৰে সোঁৱৰণ কৰা লগতে তেওঁলোকৰ আদৰ্শ আৰু বীৰগাঁথাৰে অনুপ্ৰাণিত হৈ দেশমাতৃ প্ৰতি অধিক শ্রদ্ধাশীল,দায়িত্ব পৰায়ণ আৰু একতা তথা স্বদেশ প্রেমৰ দৃঢ় সংকল্প লোৱা।অসম আৰক্ষী এগৰাকী সদস্য হিচাপে আমাৰ প্ৰধান কৰ্তব্য হৈছে দেশৰ আৰু সমাজৰ প্ৰতি ন্যায় আৰু সততাৰে সেৱা আগবঢ়োৱা তথা সমাজত ন্যায় প্ৰতিষ্ঠা কৰা।এই যাত্ৰা আমাৰ বাবে যিমানেই কঠিন নহয় কিয়, ন্যায় প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত আমি বটবৃক্ষৰ দৰে থাকিবই লাগিব। অসম তথা ভাৰতবর্ষ বিভিন্ন স্থানত এই বাহিনীৰ পৰা নিয়োজিত আৰক্ষী সকলোক স্বাধীনতা দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰে অধিনায়ক গৰাকীয়ে।স্বাধীনতা দিৱস উপলক্ষে প্ৰতিযোগতামূলক খেল ধেমালি আৰু দেশভক্তি মূলক গান নৃত্যৰ আয়োজন কৰাৰ লগতে বিজয়ী সকলোক প্ৰমাণ পত্ৰ আৰু ট্ৰফিৰে পুৰস্কৃত কৰা হয়। আজিৰ এই স্বাধীনতা দিৱস উদযাপন অনুষ্ঠানত কেইবাজনো আমন্ত্ৰিত অতিথি উপস্থিত থকাৰ লগত আৰক্ষী বাহিনীৰ পৰিয়াল, বিভিন্ন বিদ্যালয়ৰ শিক্ষক-শিক্ষয়ত্ৰী, ছাত্ৰ ছাত্ৰী, বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ গণ্য মান্য ব্যক্তি সকল।



