Saturday, May 24, 2025
33 C
Guwahati

কলা শাখাত তৃতীয় স্হানপ্ৰাপ্ত নিলয় কুৰ্মীক বিশ্বনাথ জিলা প্ৰশাসনৰ অভিনন্দন মাচ্ কমিউনিকেশ্যন অধ্যয়ন কৰাৰ প্ৰৱল ইচ্ছা কৃতী ছাত্ৰ গৰাকীৰ_

- Advertisement -
- Advertisement -
- Advertisement -
- Advertisement -

কলা শাখাত তৃতীয় স্হানপ্ৰাপ্ত নিলয় কুৰ্মীক বিশ্বনাথ জিলা প্ৰশাসনৰ অভিনন্দন

মাচ্ কমিউনিকেশ্যন অধ্যয়ন কৰাৰ প্ৰৱল ইচ্ছা কৃতী ছাত্ৰ গৰাকীৰ_

 

বিশ্বনাথ , ২৯ জুন:সদ্যঘোষিত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফলত কলা শাখাত অসমৰ ভিতৰতে তৃতীয় স্থান লাভ কৰি বিশ্বনাথ জিলালৈ গৌৰৱ কঢ়িয়াই অনা বিশ্বনাথ জিলাৰ মেধাৱী ছাত্ৰ নিলয় কুৰ্মীক আজি বিশ্বনাথ জিলা প্ৰশাসনে অভিনন্দন জ্ঞাপন কৰে। বিশ্বনাথ জিলাৰ সহকাৰী আয়ুক্তদ্বয় অনন্যা লহকৰ আৰু কংকনা শইকীয়াই আজি বিয়লি কৃতী ছাত্ৰ নিলয় কুৰ্মীক বিশ্বনাথ চাৰিআলিৰ সূৰ্য্যপুৰ বালিপুখুৰীস্হিত বাসগৃহত গৈ শৰাই আৰু গামোচাৰে বিশ্বনাথ জিলা প্ৰশাসনৰ তৰফৰ পৰা অভিনন্দন জ্ঞাপন কৰে।উল্লেখ্য যে, নগাৱঁৰ ৰামানুজন জুনিয়ৰ কলেজৰ পৰা পৰীক্ষাত অৱতীৰ্ণ হৈ উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত সৰ্বমুঠ ৪৮৩ নম্বৰেৰে অসমৰ ভিতৰত তৃতীয় স্থান (কলা শাখা) লাভ কৰি গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হয়। বিশ্বনাথ জিলাক গৌৰৱান্বিত কৰা মেধাৱী ছাত্ৰ নিলয়ে ভৱিষ্যতে মাচ্ কমিউনিকেশ্যন অধ্যয়ন কৰাৰ প্ৰৱল ইচ্ছা মনতে পুহি ৰাখিছে আৰু সদ্যহতে ইংৰাজী বিষয়ত মেজৰ লৈ অধ্যয়ন কৰিব বুলি জানিবলৈ দিছে। বিশ্বনাথ জিলাৰ সূৰ্য্যপুৰ, বালিপুখুৰীস্হিত নিৱাসী নৱজ্যোতি কুৰ্মী আৰু ৰুমী কুৰ্মীৰ পুত্ৰ তথা মেধাৱী ছাত্ৰ
নিলয়ৰ এই সফলতাত জিলাবাসী বাৰুকৈয়ে উৎফুল্লিত হৈছে আৰু নিলয়ক আন্তৰিক অভিনন্দন জ্ঞাপন কৰাৰ লগতে ভৱিষ্যতে যেন তেওঁ শৈক্ষিক ক্ষেত্ৰখনত সফলতাৰে আগুৱাই যাব পাৰে তাৰেই কামনা কৰিছে।

- Advertisement -

Hot this week

ASSAM RIFLES CONDUCTS CAREER COUNSELING SESSION AT JIRIBAM

● Assam Rifles conducted a career counseling session aimed...

বিশ্বনাথত অনা অসমীয়া ব্যৱসায়ীৰ কু কাণ্ড

বিশ্বনাথত অনা অসমীয়া ব্যৱসায়ীৰ কু কাণ্ড অসম খবৰ বিশ্বনাথ ২১...

Topics

বিশ্বনাথত অনা অসমীয়া ব্যৱসায়ীৰ কু কাণ্ড

বিশ্বনাথত অনা অসমীয়া ব্যৱসায়ীৰ কু কাণ্ড অসম খবৰ বিশ্বনাথ ২১...
00:05:02

‘জীৱনৰ ৰামধেনু’ আপোনাৰ বাবে এক নিৰ্ভৰযোগ্য মঞ্চ

▶️আপুনি সাহিত্য চৰ্চা কৰি ভাল পায় নেকি? ▶️আপুনি মনৰ অনুভৱ...

ASSAM RIFLES CONDUCTS CAREER COUNSELING SESSION AT JIRIBAM

● Assam Rifles conducted a career counseling session aimed...

গুৱাহাটীৰ মাজমজিয়াত ইউনিপল হৰ্ডিং আঁতৰাবলৈ নিৰ্দেশ লোক নিৰ্মাণ বিভাগৰ

▶️গুৱাহাটীৰ মাজমজিয়াত ইউনিপল হৰ্ডিং আঁতৰাবলৈ নিৰ্দেশ লোক নিৰ্মাণ বিভাগৰ ▶️১০...

Related Articles

Popular Categories

Assam
few clouds
36.3 ° C
36.3 °
36.3 °
41 %
1.2kmh
17 %
Sat
36 °
Sun
28 °
Mon
25 °
Tue
32 °
Wed
34 °

লেখনি বিচৰা হৈছেঃ


Follow the Khobor Media Group channel on WhatsApp: https://whatsapp.com/channel/0029Va7zdb21SWswKyHYlX11

লেখনি বিচৰা হৈছেঃ
অসম খবৰ ডিজিটেল সংবাদ গোষ্ঠীৰ বাৰ্ষিক আলোচনী ‘জনকণ্ঠ’ৰ বাবে সৃষ্টিশীল লেখনি বিচৰা হৈছেঃ
প্ৰতিগৰাকী লেখক/লেখিকাৰ বাবে অনুৰোধঃ

📌 লেখাবোৰ সৃজনীমূলক লেখা, যেনে- স্বৰচিত গল্প, প্ৰৱন্ধ, কবিতা, ধাৰাবাহিক উপন্যাস, অনুবাদ সাহিত্য, ভৌতিক গল্প, বিশেষ ব্যক্তিৰ সাক্ষাৎকাৰ, ভ্ৰমণ কাহিনী, ক্ৰীড়া বাৰ্তা, নীলাখামৰ চিঠি, কৌতুক, সাঁথৰ, মহৎ লোকৰ বাণী, কুইজ, সাংবাদিকতাৰ অভিজ্ঞতা, সংবাদ ক্ষেত্ৰৰ ভৱিষ্যত, বুৰঞ্জীমূলক লেখা, স্বাস্থ্য সজাগতা,
ৰাজনীতিৰ ওপৰত লেখা, সৃষ্টিশীল বাতৰি, ছবি, কাৰ্টুন, ফটোগ্ৰাফী ইত্যাদি সামৰি লোৱা হৈছে।
📌 একেজন লিখকৰ একাধিক সৃষ্টিও ইয়াত প্ৰকাশ পাব। চৰ্ত কেৱল প্ৰকাৰ ভিন্ন হোৱাটো বাঞ্চনীয়।
📌আলোচনীত যিকোনো ধৰণৰ লেখা প্ৰকাশ পাবৰ বাবে আপোনাৰ সৃষ্টিৰাজিক স্পষ্টকৈ মোবাইলত বা কম্পিউটাৰ DTP কৰি  asomkhobor@gmail.com অথবা 8404052898 নম্বৰত প্ৰেৰণ কৰিবলৈ অনুৰোধ জনালোঁ।
ইতি-
অসম খবৰ’ পৰিয়ালৰ হৈ
মুখ্য সম্পাদক অশ্বিনী কুমাৰ গগৈ
মুখপাত্ৰ সম্পাদক শ্ৰীমন্ত দাস


This will close in 45 seconds