শেহতীয়া আপডেটঃ

কৃষ্ণাই দৈনিক বজাৰৰ পয়ালগা অৱস্থাঃ প্ৰৱেশ পথত আৱদ্ধ বোকাপানী

♦ গোৱালপাৰা জিলাৰ কৃষ্ণাই দৈনিক বজাৰ খনৰ অৱস্থা সম্প্ৰতি তথৈবচ হৈ পৰিছে৷ বজাৰ খনৰ ৰূপ দেখিলে এনে লাগে সেয়া যেন বজাৰ নহয়, আৱৰ্জনা স্থলীহে৷ বিশেষকৈ কৃষ্ণাই মূল বজাৰৰ পৰা হনুমান মন্দিৰ হৈ কৃষ্ণাই নৰপতি গড়কাপ্তানি পথ সংযোগী দৈনিক বজাৰৰ ভিতৰৰ পথছোৱা দেখিলে যিকোনো লোকৰে গাত এলাৰ্জি উঠিব৷ এয়া যেন বজাৰত প্ৰৱেশ প্ৰস্থান কৰা পথ নহয়, এটা পৰিত্যক্ত জলাশয়হে৷

আটাইতকৈ পৰিতাপৰ কথা এয়ে যে এই পথৰ কাষতে শংকৰ মন্দিৰ, হনুমান মন্দিৰ এটাৰ লগতে অৱস্থিত হনুমান হিন্দী প্ৰাথমিক বিদ্যালয়খন৷ এফালে দৈনিক বজাৰ খনৰ দুৰ্গন্ধময় পৰিবেশ, আনহাতে গেলা বোকাপানীৰে পৰিপূৰ্ণ পথছোৱাই অঞ্চলটোত বসবাস কৰা লোক সকলৰ স্বাস্থ্যৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে৷

পিছে কোনে কৰিব ইয়াৰ প্ৰতিকাৰ? খণ্ড উন্নয়ন কাৰ্যালয়, জিলা প্ৰশাসন তথা স্থানীয় বিধায়ক সকলোৱে এই ক্ষেত্ৰত নিমাত৷ ৰাইজৰ দাবী এটাই দৈনিক বজাৰখন বিজ্ঞান সন্মত ভাৱে নিৰ্মাণ কৰাৰ লগতে পয়ালগা পথছোৱাৰ দ্ৰুত উন্নয়ণ সাধন কৰক বিভাগীয় কৰ্তপক্ষই৷ এই ক্ষেত্ৰত সংশ্লিষ্ট বিভাগে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া নিশ্চয় লক্ষণীয় হ’ব৷

album-art
Roi Roi Binale A Zubeen Garg Musical
00:00
Sorry, no results.
Please try another keyword
  • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
  • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
  • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
  • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS
  • ROI ROI BINALE- TITTLE TRACK |ZUBEEN GARG |GEOCONDA VESSICHELLI |
  • Tumar Nilim Kothar Dore | Zubeen Garg | RGS | Roi Roi Binale |
  • Dusokur Kajolere | Zubeen Garg | SABITA SHARMA GOSWAMI, ARUNDHATI BHANU PRIYA | Zeal Creations |
  • Mon Gole-Roi Roi Binale | Zubeen Garg | Achurjya Borpatra | Fency Rajkumari | Zeal Creations" by Zeal Creations.
  • ROI ROI BINALE JUKEBOX | ZUBEEN GARG |
  • FREE BIRD | ZUBEEN GARG |
  • Herowa Chanda- Trailer
spot_imgspot_imgspot_imgspot_img

Latest Posts

বিশেষঃ

Stay in touch

To be updated with all the latest news, offers and special announcements.