শেহতীয়া আপডেটঃ

মহাবাহু ব্ৰহ্মপুত্ৰৰ বুকুত দু:সাহসিক নৌকা যাত্ৰা ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনীৰ

মহাবাহু ব্ৰহ্মপুত্ৰৰ বুকুত দু:সাহসিক নৌকা যাত্ৰা ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনীৰ

বিশ্বনাথ  ১৭ অক্টোবৰ:- ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনী (NCC) ৰ ৭৫ বছৰ সম্পূৰ্ণ হোৱাৰ বাবে ভাৰতীয় নৌ সেনাৰ এন চি চি কেডেট সকলে বিশ্বনাথঘাটৰ পৰা আৰম্ভ কৰিছে নৌকা যাত্ৰা ৷ ফ’ৰ ক’ৰৰ মুৰব্বী লেফটেনেণ্ট জেনেৰেল ডি এচ ৰানাই বিশ্বনাথঘাটত আজি ফ্লেগ অফ কৰে এই নৌকা যাত্ৰাৰ ৷ মহাবাহু ব্ৰহ্মপুত্ৰত নাও চলাই দহ দিনৰ মুৰত ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনীৰ কেডেট সকল উপস্থিত হবগৈ গুৱাহাটীৰ পাণ্ডু ঘাটত ৷ আজিৰে পৰা আৰম্ভ হোৱা এই নৌকা যাত্ৰা ২৬ অক্টোবৰত অন্ত পৰিব আৰু ব্ৰহ্মপুত্ৰৰ ১১ টাকৈ নৈৰ ঘাটক এই নৌকা যাত্ৰাই স্পৰ্শ কৰিব ৷ ডিব্ৰুগড়ৰ পৰা অহা ৫০ জনকৈ ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনীৰ কেডেটে এই নৌকা যাত্ৰাত অংশ গ্ৰহন কৰিছে ৷ উল্লেখ্য যে ২০১৯ চনত “লাচিত ১” নামেৰে ভাৰতীয় নৌ সেনাই ব্ৰহ্মপুত্ৰ নদীত চলোৱা নৌকা যাত্ৰাই ইতিমধ্যে লিমকা বুক অফ ৰেৰ্ডছত স্থান লাভ কৰিবলৈ সক্ষম হৈছিল ৷ “লাচিত ২” নামেৰে আজি আৰম্ভ হোৱা এই নৌকা যাত্ৰাৰ জৰিয়তে কেডেট সকলে দহ দিন ধৰি ব্ৰহ্মপুত্ৰত নৌকা চালনা কৰিব ৷ এই যাত্ৰাৰ বাবে তিনিখনকৈ নৌকা সজাই পৰাই তোলা হৈছে । আজি আৰম্ভ হোৱা এই নৌকা যাত্ৰাত অংশগ্ৰহন কৰা কেডেট সকলে শিলঘাটত নিশাটো কটাই কাইলৈ পুনৰ যাত্ৰা আৰম্ভ কৰিব ৷ আজিৰ এই অনুষ্ঠানত উপস্থিত থাকে বিশ্বনাথৰ বিধায়ক প্ৰমোদ বৰঠাকুৰ, সেনাৰ উচ্ছ পদস্থ বিষয়া সকলৰ লগতে বিশ্বনাথ জিলাৰ উচ্ছ পদস্থ বিষয়া সকল ৷

album-art
Roi Roi Binale A Zubeen Garg Musical
00:00
Sorry, no results.
Please try another keyword
  • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
  • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
  • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
  • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS
  • ROI ROI BINALE- TITTLE TRACK |ZUBEEN GARG |GEOCONDA VESSICHELLI |
  • Tumar Nilim Kothar Dore | Zubeen Garg | RGS | Roi Roi Binale |
  • Dusokur Kajolere | Zubeen Garg | SABITA SHARMA GOSWAMI, ARUNDHATI BHANU PRIYA | Zeal Creations |
  • Mon Gole-Roi Roi Binale | Zubeen Garg | Achurjya Borpatra | Fency Rajkumari | Zeal Creations" by Zeal Creations.
  • ROI ROI BINALE JUKEBOX | ZUBEEN GARG |
  • FREE BIRD | ZUBEEN GARG |
  • Herowa Chanda- Trailer
spot_imgspot_imgspot_imgspot_img

Latest Posts

বিশেষঃ

Stay in touch

To be updated with all the latest news, offers and special announcements.