Wednesday, July 9, 2025
25.2 C
Guwahati
TOP NEWS:

শিক্ষামন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰঃ ছাত্ৰ-ছাত্ৰী অনুপাতে শিক্ষক নিযুক্তিৰ দাবী

- Advertisement -

বিশ্বনাথ চাৰিআলি ২৬ আগষ্ট:- অসম সংখ্যালঘু সংগ্ৰাম পৰিষদ চমুকৈ ASSPৰ বিশ্বনাথ জিলা সমিতিয়ে আজি বিশ্বনাথ জিলাৰ সহকাৰী আয়ুক্ত কংকণা শইকীয়াৰ জৰিয়তে অসমৰ শিক্ষামন্ত্ৰীলৈ এখনি দাবী সম্বলিত স্মাৰক পত্ৰ প্ৰেৰণ কৰে। সংগঠনটোৱে স্মাৰক পত্ৰৰ জৰিয়তে দাবী জনায় যে, বিশ্বনাথ জিলাৰ নদুৱাৰ শিক্ষা খণ্ডৰ অন্তৰ্গত মিৰিহোলা প্ৰাথমিক বিদ্যালয় (পুৱ কটৰাটি)ত প্ৰায় ১৫০জন ছাত্ৰ-ছাত্ৰীৰ বিপৰীতে মাত্ৰ দুজন কৈ শিক্ষকে পাঠদান কৰাবলগীয়া হৈছে। শৈক্ষিক ভাৱে পিছপৰা কটৰাটি গাঁৱৰ মিৰিহোলা প্ৰাথমিক বিদ্যালয়ত অতি শীঘ্ৰেই ছাত্ৰ-ছাত্ৰী অনুপাতে শিক্ষকৰ নিযুক্তি দিব লাগে। বিশ্বনাথ জিলাৰ নদুৱাৰ শিক্ষা খণ্ডৰ অন্তৰ্গত বাহুমাৰী প্ৰাথমিক বিদ্যালয়খন বৰ্তমান বিশ্বনাথ-পানপুৰ মথাউৰিৰ বাহিৰত অৰ্থাৎ ব্ৰহ্মপুত্ৰ নদীৰ বুকুত অৱস্থিত হৈ আছে। এই বিদ্যালয় খনত অধ্যয়নৰত বহু ছাত্ৰ-ছাত্ৰীৰ অভিভাৱকে গৰাখহনীয়াৰ কবলত পৰি উক্ত স্থানৰ পৰা স্থানান্তৰ হৈ বৰ্তমানে দক্ষিণ চতিয়াৰ বোকাবিল অঞ্চলৰ হাতিগাঁও আৰু চাৰ্কেআটিত থাকিবলৈ লৈছে যদিও কণ কণ ছাত্ৰ-ছাত্ৰী সকল ওচৰত উপযুক্ত বিদ্যালয় নথকাৰ বাবে প্ৰাথমিক শিক্ষাৰ পৰাও বঞ্চিত হ’বলগীয়া হৈছে। বাহুমাৰী প্ৰাথমিক বিদ্যালয় খন স্থানান্তৰ কৰি বোকাবিলৰ হাতিগাঁও আৰু চাৰ্কিআটিৰ মাজৰ ভাগত স্থাপন কৰি দিব লাগে। বিশ্বনাথ জিলাৰ বিহালী শিক্ষাখণ্ডৰ অন্তৰ্গত এম.আৰ.এ. উচ্চ মাধ্যমিক বিদ্যালয়ত সহকাৰী বিজ্ঞান শিক্ষকৰ অভাৱ হৈছে। উল্লেখযোগ্য যে ষষ্ঠ শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈ মুঠ পাচঁটা শ্ৰেণীত পাঁচ শতাধিক ছাত্ৰ-ছাত্ৰী থকা বিদ্যালয়ত মুঠ ১৬জন শিক্ষক-শিক্ষয়িত্ৰীৰ মাত্ৰ দুজন বিজ্ঞান শিক্ষক। অনগ্ৰসৰ সংখ্যালঘু অধ্যুষিত অঞ্চলটিৰ ছাত্ৰ-ছাত্ৰীৰ বৃহত্তৰ শৈক্ষিক স্বাৰ্থত বিজ্ঞান শিক্ষক নিযুক্তি দিবলৈ দাবী জনায়। বিহালী শিক্ষাখণ্ডৰ অন্তৰ্গত পলকটা প্ৰাথমিক বিদ্যালয়ত ৩৫০ জন ছাত্ৰ-ছাত্ৰীৰ বিপৰীতে মাত্ৰ দুজন শিক্ষকে পাঠদান কৰাবলগীয়া হৈছে। এই বিদ্যালয় খনত শীঘ্ৰেই ছাত্ৰ-ছাত্ৰী অনুপাতে শিক্ষকৰ নিযুক্তি দিবলৈ দাবী জনোৱাৰ লগতে অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ উপ-সভাপতি আব্দুল হাকিম চিকদাৰ, কেন্দ্ৰীয় সহকাৰী সাধাৰণ সম্পাদক নাজিৰ আহমেদ, কেন্দ্ৰীয় সাংগঠনিক সম্পাদক জামাল উদ্দিন, বিশ্বনাথ জিলা সমিতিৰ উপদেষ্টা ছাইফুল ইছলাম, জিলা সমিতিৰ সভাপতি মহিবুৰ ৰহমান সাধাৰণ সম্পাদক আব্দূল ৰহমান আৰু কেইবাজনো বিষয়ববীয়াই উপস্থিত থাকি স্মাৰক পত্ৰ খন প্ৰেৰণ কৰে।

Hot this week

Topics

Which field of study leads to high-paying jobs quickly?

Letter to the Editor: Dear Editor,               Since 2005, I have...

শিক্ষানুষ্ঠানসমূহত কোচিং চেণ্টাৰ স্কলাৰশ্বিপ টেষ্ট

সম্পাদকলৈ চিঠি: মাননীয় সম্পাদক মহোদয়,         বর্তমান কিছুমান কোচিং  চেণ্টাৰে  স্কলাৰশ্বিপ...

শিক্ষাৰ্থীৰ কেৰিয়াৰ গঠনত বাতৰি কাকতৰ ভূমিকা

ড° বুলজিৎ বুঢ়াগোহাঁই             আজিৰ যুগত কেৰিয়াৰৰ বিকল্পবোৰ বৃদ্ধি পাইছে,,...

Scholarship Tests by Coaching Centres in Educational Institutions

Letter to the Editor:  Dear Editor,          Some coaching centres conduct...

ASSAM RIFLES TAKES OATH AGAINST DRUGS

Assam Rifles organised an anti-drug oath-taking ceremony on 26...

Related Articles

Popular Categories

Assam
overcast clouds
25.1 ° C
25.1 °
25.1 °
91 %
2kmh
100 %
Wed
28 °
Thu
33 °
Fri
33 °
Sat
33 °
Sun
28 °