শেহতীয়া আপডেটঃ

মাগনিত চিত্ৰবন স্বৰ্ণ শাখা সাহিত্য সভাৰ ষষ্ঠ বাৰ্ষিক প্ৰতিষ্ঠা দিৱস /মুখপত্ৰ ‘চিত্ৰবন’ , কাব্য সংকলন ‘জোনাকৰ সুবাস বিচাৰি’ উন্মোচন

মাগনিত চিত্ৰবন স্বৰ্ণ শাখা সাহিত্য সভাৰ ষষ্ঠ বাৰ্ষিক প্ৰতিষ্ঠা দিৱস /মুখপত্ৰ ‘চিত্ৰবন’ , কাব্য সংকলন ‘জোনাকৰ সুবাস বিচাৰি’ উন্মোচন

অসম খবৰ বেদেতী, ১৮ ফেব্ৰুৱাৰীঃ বিশ্বনাথ জিলা সাহিত্য সভাৰ অন্তৰ্গত এক অন্যতম শাখা ‘চিত্ৰবন স্বৰ্ণ শাখা সাহিত্য সভা’ ষষ্ঠ বাৰ্ষিক প্ৰতিষ্ঠা দিৱসটি আজি মাগনি ৰঙ্গমঞ্চত বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হৈ যায় ।
শাখাৰ সভাপতি বীৰেণ কাথ হাজৰিকাই সভাপতিত্ব কৰা অনুষ্ঠান ভাগৰ আঁ‌ত ধৰে শাখা সম্পাদক বিনোদ আত্ৰেয়ই । আজিৰ অনুষ্ঠানত শাখাৰ কাৰ্যালয়ৰ স্থায়ী কাৰ্যালয় গৃহৰ লাই খুঁ‌টা স্থাপন কৰা হয় । লগতে শাখাৰ মুখপত্ৰ ‘চিত্ৰবন’ উন্মোচন কৰে অসম সাহিত্য সভাৰ লখিমপুৰ কাৰ্যালয়ৰ সাংগঠনিক সম্পাদক অপূৰ্ব ফুকনে ।
চিত্ৰবন স্বৰ্ণ শাখাই আজি ষষ্ঠখন গ্ৰন্থ,
কবি, শিক্ষক , চিত্ৰবন শাখা সাহিত্য সভাৰ সহকাৰী সম্পাদক শৰৎ দাসৰ ‘জোনাকৰ সুবাস বিচাৰি’ শীৰ্ষক কাব্য সংকলন খন উন্মোচন কৰে অবিভক্ত শোণিতপুৰ জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি লোকেশ্বৰী সন্দিকৈয়ে ।
তেখেতে নিজৰ ভাষণত ‘আজিৰ প্ৰজন্মই সাহিত্য চৰ্চা, সাহিত্যৰ প্ৰতি আকৰ্ষিত হোৱাটো অতি শুভ লক্ষণ আৰু সমাজৰ ভাল কাম,ভাল চিন্তাখিনি শিল্পী-সাহিত্যিক সকলেই কৰি যাব’ বুলি আশা কৰি, ইতিহাসে গৰকা ভোলাগুৰি, কলংপুৰৰ একালৰ সাহিত্যিক,লেখক সকলৰ কথা স্মৰণ কৰি বক্তব্য আগবঢ়ায় ।

সভাত বিশ্বনাথ জিলা সাহিত্য সভাৰ উপসভাপতি মহেন্দ্ৰ শইকীয়া, বিশ্বনাথ জিলা সাহিত্য সভাৰ সম্পাদক শোভন শইকীয়া, সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰচাৰ সম্পাদক ধ্ৰুৱজ্যোতি বৰা আদিয়ে অসমীয়া ভাষা-সাহিত্য চৰ্চ্চা আৰু সৃষ্টি সম্পৰ্কত প্ৰেৰণামূলক বক্তব্য ৰাখে ।
ধ্ৰুৱজ্যোতি বৰাই নিজৰ ভাষণত সদৌ অসম ছাত্ৰ সন্থাই নিজাববীয়াকৈ এক প্ৰকাশন গোষ্ঠী আৰম্ভ কৰি, প্ৰকাশিত গ্ৰন্থবোৰ সংৰক্ষণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ কথা উল্লেখ কৰে ।
আজিৰ অনুষ্ঠানত অসম সাহিত্য সভাৰ সাংগঠনিক সম্পাদক অপূৰ্ব ফুকন, অসম সাহিত্য সভাৰ নাট্য সন্মিলন উপ-সমিতিৰ আহ্বায়ক, শিক্ষক দিলীপ কুমাৰ শৰ্মা, চিত্ৰবন শাখা সাহিত্য সভাৰ প্ৰতিষ্ঠাপক সভাপতি গোলাপ বৰা , বিশ্বনাথ জিলা ছাত্ৰ সন্থাৰ সম্পাদক ভূৱনেশ্বৰ তাঁ‌তি, সমাজকৰ্মী সিদ্ধেশ্বৰ হাজৰিকা আদিয়ে অংশগ্ৰহণ কৰি সভাৰ সৌষ্ঠৱ বৃদ্ধি কৰে ।
প্ৰনিধানযোগ্য যে, নিষ্ঠাবান সাহিত্যকৰ্মী, সংগঠক হিচাপে কবি-লেখক শৰৎ দাসক চিত্ৰবন স্বৰ্ণ শাখা সাহিত্য সভাই আনুষ্ঠানিক সম্বৰ্ধনা জ্ঞাপন কৰে ।
সভাত শিক্ষক, কবি জিতেন মহানন্দ, কবি কুনুমাই দাস, ছয়দুৱাৰ শিক্ষা খণ্ডৰ খণ্ড সমল ব্যক্তি জগন্নাথ বৰুৱা, শিক্ষক, কবি হৰেণ বৰা, ছয়দুৱাৰ প্ৰাথমিক শিক্ষক সমাজৰ সত্যজিৎ শৰ্মা, শিক্ষক মুন কুমাৰ দাস,
বিহালীৰ প্ৰাক্তন ছাত্ৰ নেতা, কবি নিৰঞ্জন দাস, শিক্ষক, কবি, গল্পকাৰ দিগন্ত কুমাৰ দাস,
বিশ্বনাথৰ শিক্ষক পদ্মকান্ত দাস, বিশ্বনাথ ঘাটৰ শিল্পী ক্ৰমে ভাস্কৰ দাস, হেমন্ত বৰা, দুলাল বৈশ্য, বিহালীৰ শিক্ষক চিতেশ্বৰ দাস, প্ৰাণজিৎ দাস, কলংপুৰৰ কিৰণ লিম্বু, শিক্ষক দেৱৰাজ বৰাইক, শিক্ষক শান্তনু বৰা, সমাজৰ্মী কৃপালী ৰাজবংশী, মনদ্বীপ দত্ত, জ্যোতি আগৰৱালা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ
ৰাম নাৰায়ণ গোস্বামী, ফটো সাংবাদিক ৰাম চন্দ্ৰ কটকী, পঞ্চৰত্ন প্ৰকাশনৰ স্বত্বাধিকাৰী ত্ৰিনয়ন বৰা, আদিকে ধৰি মুঠ ৩৮ গৰাকী সমাজৰ বিশেষ দায়িত্বত থকা ব্যক্তিক শৰৎ দাসে একোখনকৈ গামোচাৰে আদৰণি জনায় ।

album-art
Roi Roi Binale A Zubeen Garg Musical
00:00
Sorry, no results.
Please try another keyword
  • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
  • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
  • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
  • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS
  • ROI ROI BINALE- TITTLE TRACK |ZUBEEN GARG |GEOCONDA VESSICHELLI |
  • Tumar Nilim Kothar Dore | Zubeen Garg | RGS | Roi Roi Binale |
  • Dusokur Kajolere | Zubeen Garg | SABITA SHARMA GOSWAMI, ARUNDHATI BHANU PRIYA | Zeal Creations |
  • Mon Gole-Roi Roi Binale | Zubeen Garg | Achurjya Borpatra | Fency Rajkumari | Zeal Creations" by Zeal Creations.
  • ROI ROI BINALE JUKEBOX | ZUBEEN GARG |
  • FREE BIRD | ZUBEEN GARG |
  • Herowa Chanda- Trailer
spot_imgspot_imgspot_imgspot_img

Latest Posts

বিশেষঃ

Stay in touch

To be updated with all the latest news, offers and special announcements.