শেহতীয়া আপডেটঃ

বিহালী  আৰক্ষীৰ জালত ১ নকল সোণ ব্যৱসায়ী :: জব্দ নকল সোণৰ নাওঁসহ টকা

বিহালী  আৰক্ষীৰ জালত ১ নকল সোণ ব্যৱসায়ী :: জব্দ নকল সোণৰ নাওঁসহ টকা :

বিশ্বনাথ :: ২৫ মে:

সৰৱ অসম আৰক্ষী। এটা ঘটনাই ৰাজ্য কঁপোৱাৰ লগতে আৰক্ষীৰ ভিতৰচ’ৰাক বাৰুকৈয়ে জোকাৰিলে। যাৰ বাবে এতিয়া অপৰাধৰ বিৰুদ্ধে অধিক তৎপৰ হৈ পৰিছে অসম আৰক্ষী।

নগাঁও জিলাৰ মৰিকলং টাউন আৰক্ষী চকীৰ উপ-পৰিদৰ্শক জোনমণি ৰাভাৰ ৰহস্যজনক মৃত্যুৰ পিছতে ৰাজ্যৰ চৌপাশে এতিয়া অপৰাধৰ বিৰুদ্ধে আৰক্ষীৰ বিশেষ অভিযান চলোৱা দেখা গৈছে। কি নকল সোণ, নকল টকা অথবা ড্ৰাগছ। সকলো আইন বিৰোধী কাৰ্যকলাপৰ বাবে যেন এতিয়া আগতকৈ অধিক সৰৱ হৈ পৰিছে অসম আৰক্ষী। ৰাজ্যজুৰি আন আন অপৰাধৰ লগতে বিশেষভাবে নকল সোণৰ বিৰুদ্ধে চলা ব্যাপক অভিযানত আৰক্ষীৰ জালত পৰিছে এটাৰ পাছত আন এটা কু-খ্যাত অপৰাধী লগতে নকল সোণৰ ব্যৱসায়ী।
ইফালে নকল সোণৰ ঘাটি বুলি চিনাক্ত হোৱা উত্তৰ অসমৰ লখিমপুৰ জিলা বঙালমৰা। জিলাখনৰ নতুন আৰক্ষী অধীক্ষৰ দায়িত্বত IPS বিষয়া আনন্দ মিশ্ৰক নিয়োগ কৰাৰ পিছতেই যেন ভয়ত কঁপি উঠিছে নকল সোণ আৰু নকল টকা বনোৱা সৈতে জড়িত থকা ব্যৱসায়ী সকল।
যাৰ বাবে লখিমপুৰত এটাৰ পিছত আন এটা নকল সোণ কুখ্যাত ব্যৱসায়ীয়ে আত্মসমৰ্পণ কৰা দেখিবলৈ পোৱা গৈছে আৰক্ষী থানা সমূহত।
ইফালে লক্ষীমপুৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই যোগদান কৰিয়েই নকল সোণৰ ওপৰত ৰাইজৰ মাজত গৈ সজাগতা সৃষ্টি কৰা লগতে প্ৰতি দিনেই নিশা নিশাই লক্ষীমপুৰ বিভিন্ন স্থানৰ লগতে বঙালমৰাতো তীব্ৰ অভিযান চলোৱা লগতে নকল সোণৰ ব্যৱসায়ী সকলক শেষ সকীয়নি প্ৰদান কৰে আৰক্ষী বিষয়া গৰাকীয়ে।
এই সকীয়নি পিছতে এতিয়া ইজনৰ পিছত সিজন নকল সোণৰ ব্যৱসায়ী সৈতে জড়িত অপৰাধীয়ে আৰক্ষী চকী সমূহত আত্মসমৰ্পণ কৰা দেখা গৈছে।
ইফালে একমাত্ৰ এতিয়া যেন লক্ষীমপুৰতে আৰক্ষী কঠোৰ হৈছে সেইটো নহয়।
এতিয়া বিশ্বনাথ জিলা আৰক্ষীও নকল সোণ ব্যৱসায়ী বিৰুদ্ধে অধীক কঠোৰ হোৱা পৰিলক্ষিত হৈছে। বিশ্বনাথ জিলা আৰক্ষী অধীক্ষক নবিন সিঙে জিলাখনৰ জনসাধাৰণৰ বাবে জিলা আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ Control Room ত ২৪ ঘন্টাই ৰাইজে যিকোনো অপৰাধী জড়িত বিষয় ওপৰত 6026900206/ আৰু WhatsApp 8135837614 নম্বৰত বিষয় সমূহ অৱগত কৰিব পৰাকৈ এই দুটাকৈ মোবাইল ৰাজহুৱা কৰে। ইয়াৰ পিছতেজিলা খনৰ আৰক্ষী চকী আৰু থানা সমূহ এতিয়া অধিক সক্ৰিয় হোৱা পৰিলক্ষিত হৈছে নকল সোণ ব্যৱসায়ী সকলৰ বিৰুদ্ধে।
জিলা খনৰ আন আন আৰক্ষী থানা লগতে অধিক কঠোৰ হৈছে বিহালী আৰক্ষী।

বিহালী আৰক্ষী থানাৰ ভা:প্ৰাপ্ত আৰক্ষী বিষয়া ভোছিং বে’ নেতৃত্বত  নিশা বিহালী সমষ্টিৰ বৰাজুলী নেপালী গাওঁত অভিযান চলাই দ্বিজেন দাস (৪৮) নামৰ এজন নকল সোণ ব্যৱসায়ীক আটক কৰা লগতে এখন নকল সোণৰ নাওঁসহ নগত ৫ হাজাৰ টকা বিহালী আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হয় । আৰক্ষীয়ে অধিকা তথ্য বাবে নকল সোণ ব্যৱসায়ী দ্বিজেন দাসক সোধ-পোছ অব্যাহত ৰাখিছে ।

album-art
Roi Roi Binale A Zubeen Garg Musical
00:00
Sorry, no results.
Please try another keyword
  • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
  • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
  • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
  • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS
  • ROI ROI BINALE- TITTLE TRACK |ZUBEEN GARG |GEOCONDA VESSICHELLI |
  • Tumar Nilim Kothar Dore | Zubeen Garg | RGS | Roi Roi Binale |
  • Dusokur Kajolere | Zubeen Garg | SABITA SHARMA GOSWAMI, ARUNDHATI BHANU PRIYA | Zeal Creations |
  • Mon Gole-Roi Roi Binale | Zubeen Garg | Achurjya Borpatra | Fency Rajkumari | Zeal Creations" by Zeal Creations.
  • ROI ROI BINALE JUKEBOX | ZUBEEN GARG |
  • FREE BIRD | ZUBEEN GARG |
  • Herowa Chanda- Trailer
spot_imgspot_imgspot_imgspot_img

Latest Posts

বিশেষঃ

Stay in touch

To be updated with all the latest news, offers and special announcements.