বিনিয়োগ আৰু আন্তঃগাঁথনি সন্মিলন দ্বিতীয় এডভান্টেজ আছামৰ উদ্বোধনী অনুষ্ঠানত কেইবাটাও আগশাৰীৰ ব্যৱসায়িক গোষ্ঠীয়ে অসমত বৃহৎ বিনিয়োগৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে৷ অনুষ্ঠানত ৰিলায়েন্স গ্ৰুপৰ অধ্যক্ষ মুকেশ আম্বানী, আদানি গ্ৰুপৰ অধ্যক্ষ গৌতম আদানি, বেদান্ত গ্ৰুপৰ অধ্যক্ষ অনিল আগৰৱালা, টাটা ছ’ন্সৰ অধ্যক্ষ নটৰাজন চন্দ্রশেখৰ, জে এছ ডব্লিউ গোটৰ অধ্যক্ষ সজ্জন জিন্দালকে ধৰি ভালেমান উদ্যোগপতিয়ে ঔদ্যোগিক খণ্ড আৰু বিনিয়োগৰ সন্দৰ্ভত ভাষণ প্ৰদান কৰে৷ অসমত এৰ’চিটী, চিমেণ্টকে ধৰি বিভিন্ন গুৰুত্বপূৰ্ণ খণ্ডত ৫০ হাজাৰ কোটি টকা বিনিয়োগৰ প্ৰতিশ্ৰুতি দিয়ে আদানি গ্ৰুপৰ অধ্যক্ষ গৌতম আদানিয়ে৷ ৰিলায়েন্স গ্ৰুপে অসমত মেগা ফুড পার্ক, পঞ্চ তাৰকাযুক্ত হোটেল, দুটা জৈৱ ইন্ধন গোটকে ধৰি ৫ টা গুৰুত্বপূৰ্ণ খণ্ডত আগন্তুক ৫ বছৰত ৫০ হাজাৰ কোটিৰো অধিক ধন বিনিয়োগ কৰিব৷ ২৩,৩০৩ কোটি টকা ইণ্ডিয়ান অইলে বিনিয়োগ কৰিব৷




