গহপুৰত অবৈধ শিল বালি কঢ়িওৱা ডাম্বাৰ জব্দ

গহপুৰত অবৈধ শিল বালি কঢ়িওৱা ডাম্বাৰ জব্দ :

বিশ্বনাথ চাৰিআলি ১৩ মে :

কঠোৰ হৈছে বন বিভাগক। পূৱ শোণিতপুৰ বন সংমণ্ডলৰ অন্তৰ্গত গহপুৰ বন শিৱিৰ বন পালক বাবুল মিলি নেতৃত্বত সোমবাৰে চলোৱা অভিযানত দুখনকৈ অবৈধ শিল বালি কঢ়িওৱা ডাম্বাৰ জব্দ কৰবলৈ সক্ষম হয় । গহপুৰ বন বিভাগৰৰ সূত্ৰ অনুসৰি বিহালী বৰঝাৰণি পৰা অৰুণাচল হলঙিলৈ দীৰ্ঘদিন ধৰি বন বিভাগৰ চকুত ধূলি দি চালান নোহোৱাকৈ অবৈধ ভাৱে শিল বালি সৰবৰাহ কৰি আহিছিল। ইফালে এই অবৈধ শিল বালি সৰবৰাহকাৰী বিৰুদ্ধে সোমবাৰে নামি পৰে গহপুৰৰ বন বিভাগক। গহপুৰ বন শিৱিৰৰ বন পালক বাবুল মিলি নেতৃত্বত যোৱা এটা বন কৰ্মী দলে AS07BC1810 আৰু AS32C0708 নম্বৰ দুখন চালান বিহীন শিল বালি ভৰ্তি ডাম্বাৰ জব্দ কৰে।

Be the first to comment

Leave a Reply

Your email address will not be published.


*


This site uses Akismet to reduce spam. Learn how your comment data is processed.