Wednesday, July 9, 2025
29.1 C
Guwahati
TOP NEWS:

বিশ্বনাথ জিলাৰ দুই বিধানসভা সমষ্টিৰ ফটোযুক্ত চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ

- Advertisement -

বিশ্বনাথ জিলাৰ দুই বিধানসভা সমষ্টিৰ ফটোযুক্ত চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ

সংবাদমেলত জিলা নিৰ্বাচনী বিষয়াই কৰিলে সদৰি

বিশ্বনাথ বিধানসভা সমষ্টিত ১৭০৩৯০ গৰাকী আৰু বিহালী বিধানসভা সমষ্টিত ভোটাৰৰ সংখ্যা হল ১২৯১৯৭ গৰাকী*

 

বিশ্বনাথ চাৰিআলি, ২৭ জানুৱাৰী

ভাৰতৰ নিৰ্বাচন আয়োগৰ নিৰ্দেশনা অনুসৰি বিশ্বনাথ জিলাৰ অন্তৰ্গত ৭৬ নং বিশ্বনাথ আৰু ৭৭ নং বিহালী বিধান সভা সমষ্টিৰ ফটোযুক্ত চূড়ান্ত ভোটাৰ তালিকা আজি প্ৰকাশ কৰা হয়। বিশ্বনাথৰ সন্মিলন কক্ষত আজি বিয়লি অনুষ্ঠিত হোৱা এক সংবাদমেলত জিলা নিৰ্বাচনী বিষয়া মুণিন্দ্ৰ নাথ ঙাটেই ১ জানুৱাৰী, ২০২৩ ভিত্তি বৰ্ষৰূপে লৈ বিশেষ সংক্ষিপ্ত সংশোধনীৰে আজি প্ৰকাশ কৰা এই চূড়ান্ত ভোটাৰ তালিকাত জিলাখনৰ দুটা বিধানসভা সমষ্টিৰ ক্ৰমে বিশ্বনাথত ১৭০৩৯০ গৰাকী আৰু বিহালীত ১২৯১৯৭ গৰাকী ভোটাৰৰ নাম সন্নিবিষ্ট হৈছে। ইয়াৰে বিশ্বনাথত পুৰুষ ভোটাৰৰ সংখ্যা ৮৪৯৫৯ আৰু মহিলা ভোটাৰৰ সংখ্যা ৮৫৪৩১ গৰাকী। সেইদৰে বিহালী বিধান সভা সমষ্টিত পুৰুষ ভোটাৰৰ সংখ্যা ৬৫০৭৪ আৰু মহিলা ভোটাৰৰ সংখ্যা ৬৪১২৩ গৰাকী।

সংবাদমেলত জিলা নিৰ্বাচনী বিষয়া গৰাকীয়ে প্ৰকাশ কৰা মতে ৭৬ নং বিশ্বনাথ বিধানসভা সমষ্টিত মুঠ ভোট কেন্দ্ৰৰ সংখ্যা হল ১৯৮ টা। একেদৰে বিহালী বিধানসভা সমষ্টিত মুঠ ভোট কেন্দ্ৰৰ সংখ্যা হল ১৫৪ টা।
১ জানুৱাৰী, ২০২৩ ভিত্তি বৰ্ষৰূপে লৈ প্ৰকাশ কৰা ভোটাৰ তালিকাৰ বিশেষ সংক্ষিপ্ত সংশোধনী অনুসৰি বিশ্বনাথ বিধানসভা সমষ্টিত মুঠ ১৫৬৬ গৰাকী ভোটাৰ অন্তভূৰ্ক্ত কৰা হৈছে। মৃত্যু, প্ৰব্ৰজন আদি কাৰনত একেটা সমষ্টিতে মুঠ ১২৫৯ গৰাকী ভোটাৰৰ নাম কৰ্তনো কৰা হৈছে। সেইদৰে বিহালী বিধানসভা সমষ্টিত মুঠ ১২৬২ গৰাকী ভোটাৰৰ নাম নতুনকৈ সংযোগ হৈছে আৰু মৃত্যু, প্ৰব্ৰজন আদি কাৰনত একেটা সমষ্টিতে মুঠ ৭৮৭ গৰাকী ভোটাৰৰ নাম কৰ্তনো কৰা হৈছে।

উল্লেখযোগ্য যে যোৱা ৯ নবেম্বৰ, ২০২২ তাৰিখে বিশ্বনাথ নিৰ্বাচনী জিলাৰ দুয়োটা বিধানসভা সমষ্টিৰ খচৰা ভোটাৰ তালিকা প্ৰকাশ কৰা হৈছিল।

বিশ্বনাথৰ নিৰ্বাচনী বিষয়া দেবাশীষ গোস্বামী, সহকাৰী আয়ুক্ত তথা ভাৰপ্ৰাপ্ত জিলা তথ্য আৰু জনসংযোগ বিষয়া সৃষ্টি কলিতা উপস্থিত থকা এই সংবাদমেলত জিলা নিৰ্বাচনী বিষয়া মুণিন্দ্ৰ নাথ ঙাটেই জানিবলৈ দিয়ামতে ভোটাৰ তালিকাৰ বিশেষ সংক্ষিপ্ত সংশোধনী প্ৰক্ৰিয়াত বিশ্বনাথ সমষ্টিত ২০ গৰাকী সহকাৰী ভোটাৰ পঞ্জীয়ন বিষয়া, ২০ গৰাকী বি এল অ চুপাৰভাইজাৰ আৰু ১৯৮ গৰাকী বি এল অক দায়িত্ব অৰ্পণ কৰা হৈছিল । একেদৰে বিহালী বিধান সভা সমষ্টিৰ সমষ্টিত ১৬ গৰাকী সহকাৰী ভোটাৰ পঞ্জীয়ন বিষয়া, ১৬ গৰাকী বি এল অ চুপাৰভাইজাৰ আৰু ১৫৪ গৰাকী বি এল অক দায়িত্ব অৰ্পণ কৰা হৈছিল । পৰৱৰ্ত্তী পৰ্যায়তো ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্ত কৰিবৰ বাবে জিলাখনৰ ১৮ বছৰ বয়সৰ সকলো যোগ্য ব্যক্তিয়ে নিৰ্দিষ্ট সময়ৰ ভিতৰত নিৰ্দ্ধাৰিত প্ৰ পত্ৰৰ জৰিয়তে অথবা ভোটাৰ পৰ্টেল আদিৰ দ্বাৰা অনলাইনযোগেদিও আবেদন কৰিব পাৰে বুলি জিলা নিৰ্বাচনী বিষয়া গৰাকীয়ে প্ৰকাশ কৰে।

Hot this week

Topics

Which field of study leads to high-paying jobs quickly?

Letter to the Editor: Dear Editor,               Since 2005, I have...

শিক্ষানুষ্ঠানসমূহত কোচিং চেণ্টাৰ স্কলাৰশ্বিপ টেষ্ট

সম্পাদকলৈ চিঠি: মাননীয় সম্পাদক মহোদয়,         বর্তমান কিছুমান কোচিং  চেণ্টাৰে  স্কলাৰশ্বিপ...

শিক্ষাৰ্থীৰ কেৰিয়াৰ গঠনত বাতৰি কাকতৰ ভূমিকা

ড° বুলজিৎ বুঢ়াগোহাঁই             আজিৰ যুগত কেৰিয়াৰৰ বিকল্পবোৰ বৃদ্ধি পাইছে,,...

Scholarship Tests by Coaching Centres in Educational Institutions

Letter to the Editor:  Dear Editor,          Some coaching centres conduct...

ASSAM RIFLES TAKES OATH AGAINST DRUGS

Assam Rifles organised an anti-drug oath-taking ceremony on 26...

Related Articles

Popular Categories

Assam
overcast clouds
27.3 ° C
27.3 °
27.3 °
85 %
0.9kmh
100 %
Wed
27 °
Thu
33 °
Fri
34 °
Sat
31 °
Sun
31 °