শেহতীয়া আপডেটঃ

সম্পৰ্ক, সম্বন্ধ নে আন্তৰিকতাহীন অভ্যাস! ✒️ দীপামণি হাজৰিকা বৰুৱা

দীপামণি হাজৰিকা বৰুৱা
শিক্ষয়িত্ৰী, কান্ত খনিকৰ হাইস্কুল, ঘিলামৰা

অলপদিনৰ আগতে জুনিয়ৰ কলেজ এখনৰ বছেৰেকীয়া খেলধেমালিত বিচাৰক হিচাপে আমন্ত্ৰণ পাইছিলো। দৰা কইনাৰ প্ৰতিযোগিতা।দৰা, কইনা সকলোৱে নিজৰ নিজৰ প্ৰদৰ্শন কৰাৰ পাছত প্ৰশ্নোত্তৰ শিতান আৰম্ভ হ’ল। এজন দৰাক হঠাতে প্ৰশ্ন কৰিলোঁ,”বিয়াৰ পাছত তুমি কইনা গৰাকীক কেনেকৈ ৰাখিবা ?”
দৰাৰূপী ল’ৰাজনে তপৰাই উত্তৰ দিলে,”মোৰ দেউতাই মাক যেনেকৈ ৰাখে, তেনেকৈয়ে ৰাখিম। সম্পূৰ্ণ মৰম আৰু সন্মানেৰে।”…

What Kind of Relationship are You In? Healthy Relationship Do's and Don'ts, Couples Counselling, ON — Peachey Counselling and Family Support
অসহিষ্ণুতাৰে ভৰা বৰ্তমানৰ সময়ত এনেকুৱা প্ৰশ্নৰ ইয়াতকৈ ভাল উত্তৰ থাকিব পাৰেনে?কোৱা হয়,ঘৰখনেই শিশুৰ আচল পঢ়াশালি।সৰুৰে পৰা মাক দেউতাক আৰু ডাঙৰ সকলক দেখি দেখি এজন শিশুৱে যি জ্ঞান আৰু সংস্কাৰ লাভ কৰে সেয়া জীৱন কালত আন একো অভিজ্ঞতাই সলনি কৰিব নোৱাৰে।আহিবৰ সময়ত ল’ৰাজনক লগ পাই পুনৰ কলো “তোমাৰ উত্তৰটো বহুত ভাল লাগিল।মা দেউতাক লগ পাবলেহে মন গৈছে।” ল’ৰাজনে উৎসাহেৰে কৈ উঠিল ,”আমাৰ মা দেউতাক লগ পাই আপুনি বহুত ভাল পাব বাইদেউ। মই তেওঁলোকৰ লগত সকলো কথা চেয়াৰ কৰো।মা আৰু দেউতায়েও প্ৰতিটো কাম আলোচনা কৰি কৰে।দেউতাই মাক যত্ন লয়।ময়ো যত্ন লওঁ।”কথাষাৰে মনটো আকৌ এবাৰ ভৰাই তুলিলে। অনুভৱ হ’ল এনেকুৱা সংস্কাৰ আৰু মৰম চেনেহৰ মাজত ডাঙৰ দীঘল হোৱা সন্তানৰ ওচৰত সম্পৰ্ক সদায়ে সন্মানীয়,সম্বন্ধ সদায়ে নিৰাপদ। কিন্তু প্ৰশ্ন হয়,আজিৰ সমাজত এনেকুৱা সন্তান কিমান আছে?অত্যাধুনিক সা সৰঞ্জামে নেদেখাকৈয়ে ওচৰ চপাই অনা বৰ্তমানৰ সম্পৰ্ক আৰু তাৰ দ্বাৰা সৃষ্টি হোৱা সম্বন্ধবোৰত আছেনে সেই বুজাবুজিৰ মাদকতা যি মাদকতাই আনকো মোহাচ্চন্ন কৰি ৰাখে?এইখিনিতে মোৰ বিদ্যালয়ত ঘটা এটি ঘটনা মনলৈ আহিছে।জিৰণিৰ সময়। এজন মানুহ চুচুক চামাককৈ বিদ্যালয়লৈ সোমাই আহি কলেহি, “বাইদেউ মোৰ ছোৱালীজনী আপোনালোকৰ স্কুলতে পঢ়িছে বুলি শুনিছোঁ। এবাৰ চাব পাৰিমনে?”


আচৰিত হৈ সুধিলো,”শুনিছো বুলি কৈছে যে, আপোনাৰ ছোৱালী আপোনাৰ লগত নাথাকে নেকি?”
দেউতাকজনে কৈ উঠিল, “নাথাকে বাইদেউ।তাই মাকৰ লগত থাকে। সিহঁতে মোক এৰি গুচি আহিল।তাইলৈ বৰকৈ মনত পৰে। খবৰ কৰি এইখন বিদ্যালয়ত পঢ়ে বুলি গম পাই এবাৰ চাই যাওঁ বুলি আহিছোঁ।”
ছোৱালীজনীৰ নামটো সুধি প্ৰধান শিক্ষকৰ অনুমতি লৈ আতৰৰ পৰা দেউতাকজনক জীয়েকক দেখুৱালোঁ। দেউতাকে ছোৱালীজনীক ওচৰলৈ মাতিছে, ছোৱালীজনী নাহে। তাইৰ এটাই কথা,”তুমি মোৰ মাক অত্যাচাৰ কৰিছিলা। তোমাৰ ওচৰলৈ নাযাওঁ।”

Trying to sketch everyday before going to bed now. Got this idea from my long distance relationship... : r/sketches    এটা সময়ত কান্দি কান্দি দেউতাকজন গ’লগৈ।ষষ্ঠ শ্ৰেণীত পঢ়ি থকা ছোৱালীজনী এই সময়ত মাক দেউতাক দুয়োজনৰ নিৰাপত্তাৰ ছাঁত ডাঙৰ হ’ব লাগিছিল। দেউতাকৰ আঙুলিত ধৰি চৌপাশৰ পৃথিৱীখনৰ লগত চিনাকি হব লাগিছিল। অথচ তাই দেউতাকৰ প্ৰতি তীব্ৰ ঘৃণা কঢ়িয়াই লৈ জীয়াই আছে। মাক দেউতাকৰ ভুল বুজাবুজি আৰু কাজিয়াৰ বাবে কিমান ল’ৰা ছোৱালীয়ে যে এনেকুৱা অসহায় জীৱন এটা কটাই আছে !
এই কথাটোও সত্য যে সম্পৰ্কবিলাকে সদায় স্বাধীন হৈ থাকি ভাল পায়। হাতৰ মুঠিত ৰাখিবলৈ যত্ন কৰিলে ই উশাহ নাপাই ককবকাবলৈ ধৰে ।এই পৃথিৱীত কোনো মানুহেই সম্পূৰ্ণ ৰূপে শুদ্ধ নহয়।কাৰোবাক যদি ভাল লাগিছে, তেওঁৰ ভাল আৰু বেয়া দুয়োটা গুণ, দোষকে মানি লৈ বেয়াখিনিক সংশোধন কৰিবলৈ চেষ্টা কৰাতহে সম্পৰ্কৰ সাৰ্থকতা। কিন্তু বৰ্তমান সময়ত সম্পৰ্ক এটা যিমান সোনকালে গঢ় লয় ভাগেও সিমান সোনকালেই। প্ৰায়বিলাক সম্পৰ্কতে দেখা যায় অকনমান বেয়া পালেই নতুবা ভুল বুজিলেই হাজাৰ সহায় কিম্বা মৰম কৰাৰ পাছতো আপোন জনৰ কথা আনক অকনমানো নভৱাকৈ বেয়াকৈ কৈ দিব পাৰে।দুই একে আপোনজনৰ কুৎসা-ৰটনাৰে  তেওঁৰ সন্মান আনকি জীৱন পৰ্যন্ত ধ্বংস কৰি দিবলৈও কুন্ঠাবোধ নকৰে। এসময়ত যি তি ক’ব পৰা,আলোচনা কৰিব পৰা সম্পৰ্কবোৰত যেতিয়াই জুখি জুখি,আনক কৈ দিব নেকি বা বেয়া পাব নেকি বুলি ভাবি চিন্তি  কথা কব লগীয়া হয় ঠিক তেতিয়াই আচলতে সম্পৰ্কটো শেষ হয়। ইয়াৰ পাছত যন্ত্ৰণা আৰু কৃত্ৰিমতাৰ বাদে একো নাথাকে।মাত্ৰ অলপদিন একেলগে থকাৰ পাছতে সৰু সৰু কথাতে বেয়া পোৱা, ফাঁকি দিয়া,মিছা কথা কোৱাটো যেন বৰ্তমান সময়ত সম্পৰ্কৰ বৈশিষ্ট হৈ পৰিছে।যাৰ বাবে ভাবিবলৈ মন যায়,আপোন বুলি ভবা সৰহখিনি মানুহেই হয়তো স্বাৰ্থৰ খাতিৰতহে আমাক আপোন কৰি থয়। মধুময় এখিনি সময় একেলগে পাৰ কৰাৰ পাছতো যেতিয়াই আমাৰ কথা বা কামে তেওঁলোকৰ স্বাৰ্থত অলপ হলেও ব্যাঘাত জন্মায় তেতিয়াই তেওঁলোকে  নিজৰ আচল ৰূপটো প্ৰদৰ্শন কৰি দিয়ে।আমাক ফাঁকি দিয়ে, সৰু কথাতে খং কৰে ,আনৰ আগত আমাৰ বদনাম গায় নতুবা দুখ লগাকৈ আমাক অৱহেলা কৰে।
দুদিন মানৰ আগতে বিয়া মাতিবৰ বাবে ওচৰৰে এগৰাকী ভন্টি আমাৰ ঘৰলৈ আহিছিল।তেওঁ সম্পৰ্কত থকা ল’ৰাজনক যিহেতু মই চিনি পাওঁ,সেয়েহে বিয়াৰ কাৰ্ডখন হাত পাতি লৈ সুধিয়েই পেলালোঁ, “বিয়াৰ পাছত নয়নৰ লগতে থাকিবানে?”
“মোৰ বিয়া বেলেগৰ লগতহে বাইদেউ”
“কিয়? কি হ’ল ?বিয়া ঠিক হৈ আছিলচোন”
“তেওঁ হয়তো মোৰ চাকৰিটোকহে ভাল পাইছিল।মই তেওঁৰ পছন্দ নাছিলোঁ।মোৰ প্ৰতি তেওঁৰ অলপো  সন্মান নেদেখিলোঁ।মোতকৈ  আন ছোৱালী,বোৱাৰীৰ লগতহে বেছিকৈ কথা পাতে। মোৰ লগত কেতিয়াবা কাজিয়া লাগিলে তেওঁলোকৰ আগত মোৰ বদনাম গায়।দুয়োটা কৰবালৈ ফুৰিবলৈ গলেও ফোনটোক লৈয়ে ব্যস্ত। অলপতে খং কৰে।আনকি মোৰ জন্মদিনটোও তেওঁৰ মনত নাথাকে।ভাল হ’ব বুলি বহুতদিন বাটো চালো।শেষত নোৱাৰিলোগৈ।এতিয়া কেতিয়াবা মনত পৰে। কিন্তু মনত পৰিলে আগৰ দৰে আন্তৰিকতা নাজাগে। ঘৃণাহে উপজে।”…
ছোৱালীজনীৰ কথাখিনি গোটেই দিনটো মূৰত পাকঘূৰণি খাই ঘূৰি ফুৰিল।এটা সময়ত কাৰোবাৰ প্ৰাৰ্থনাত ৰোৱা মানুহবোৰ একমাত্ৰ নিজৰ স্বভাৱৰ বাবেই আন সময়ত একেজনৰে ঘৃণাৰ সৰোবৰত কেনেকৈ যে সাতুৰি থাকে! বিশেষ জনক বিশেষ বুলি,একান্তই নিজৰ বুলি ভাবিবলৈ কাৰনো মন নাযায়।যেতিয়াই আন কাৰোবাৰ আগমনত সেই বিশেষ গুৰুত্ব অলপ হলেও লাঘৱ হোৱা যেন অনুভৱ হয়, তেতিয়াই হয়তো অভিমানবিলাক সন্দেহলৈ ৰূপান্তৰ ঘটে।জীৱনৰ বাটত আগুৱাই যাবলৈ সকলো ধৰণৰ সম্পৰ্কই লাগিব আমাক।কিন্তু নতুন সম্পৰ্ক এটা গঢ়োতে আমি এই কথাটোতো গুৰুত্ব দিয়া উচিত,সেই সম্পৰ্কই যাতে পুৰণি, অতি প্ৰয়োজনীয় আন সম্পৰ্ক কিছুমানক আঘাত নিদিয়ে, আমাৰ পৰা আঁতৰাই নপঠায়। কিয়নো আমি কিমানৰ লগত সম্পৰ্ক গঢ়িলো সেইটোতকৈ কিমানৰ লগত সম্পৰ্কটো নিয়াৰিকৈ জীয়াই ৰাখিব পাৰিছো সেইটোহে বেছি প্ৰয়োজনীয় কথা।
অপ্ৰিয় হ’লেও সত্য,সম্পৰ্ক নতুবা সম্বন্ধ এটা গঢ়িবলৈ আমি যিমান চেষ্টা কৰোঁ,জীয়াই ৰাখিবলৈ কিন্তু সিমান চেষ্টা নকৰোঁ।কিয়নো কাৰোবাক ওচৰৰ পৰা পাই যোৱাৰ পাছত আমাৰ সৰহখিনিৰে তেওঁৰ প্ৰতি আগ্ৰহ অলপ হ’লেও কমি আহে।সময়ৰ অভাৱ নতুবা নতুনকৈ দেখুওৱাৰ প্ৰয়োজন নাই বুলি ভাবিও কিছুমান সম্বন্ধত ইজনে সিজনৰ প্ৰতি আগৰ দৰে মৰম আন্তৰিকতা নেদেখুৱায়।একমাত্ৰ নকলেও বুজি পোৱাৰ অনুভৱ এটা থাকে বাবেই বহুত সম্বন্ধ তেনেকৈয়ো ভালদৰে চলি থাকে। কিন্তু আন কিছু সম্বন্ধ আপদালৰ অভাৱত লাহে লাহে মৰহিবলৈ আৰম্ভ কৰে। এইখিনিতে এটা প্ৰশ্ন আহে,সম্পৰ্ক বা সম্বন্ধ বিলাকক ভালকৈ জীয়াই  ৰাখিবলৈ আমাৰ কৰণীয় কি? প্ৰথম কথা, এটা সম্পৰ্ক ভালদৰে চলাই নিবলৈ হ’লে ইজনে সিজনৰ প্ৰতি মৰম আৰু শ্ৰদ্ধা দেখুৱাব লাগিব, গুণগত সময় দিবই লাগিব। সম্পৰ্ক বিষয়টো অতিকৈ স্পৰ্শকাতৰ ,অতিকৈ লেহুকা, কাচতকৈও ঠুনুকা।গুণগত সময়,মৰম, শ্ৰদ্ধা আৰু আপদাল থাকিলেহে ই লহপহকৈ বাঢ়ি আহে।দ্বিতীয়তে সহযোগিতা, আন্তৰিকতা, গোপনীয়তা আৰু এৰাধৰাই এটা সম্পৰ্কক দীৰ্ঘস্থায়ী কৰি ৰাখি পাছলৈ এটা সুস্থ সম্বন্ধ গঢ়ি তোলে। এজনে আনজনৰ দুখৰ সমভাগী হোৱা, সুখৰ লগৰীয়া হোৱা,বিপদ কালত সংগ দিয়া,যিকোনো কামত উৎসাহ যোগোৱা,জটিল পৰিস্থিতিত এজনে আনজনৰ পক্ষত থিয় দিয়া ইত্যাদি কামবোৰে সম্পৰ্কক যুগমীয়া কৰাত সহায় কৰে।

Wall Art - Modern Paintings, Kitchen Art | Born Relationship | Sketch – PosterGully

ভাল সম্বন্ধ এটা গঢ়িবলৈ আমি আনৰ ভাল সম্বন্ধৰ আদৰ্শবিলাককো অনুকৰণ কৰাটো প্ৰয়োজন। ঘৰ এখনত কোনে ভাত ৰান্ধিছে,কোনে চাহ বনাইছে,কোনে কিমান পইছা ঘটিছে সেইটো চকু দিয়াতকৈ ঘৰখন কিমান আটোমটোকাৰীকৈ আৰু সুখ শান্তিৰে চলিছে সেইটো উলিয়াই চাবলৈ শিকিলে ভৱিষ্যতে ই আমাৰ নিজৰ সম্বন্ধৰ ভেঁটি কটকটীয়া কৰাত সহায় কৰিব। ‌জ্ঞানী আৰু বুদ্ধিমানজনে সম্পৰ্ক আৰু সম্বন্ধ গঢ়াৰ আগতে চৌপাশৰ  ভাল সম্বন্ধবোৰ লক্ষ্য কৰি তেওঁলোকক   সমিলমিলেৰে কাম কৰিবলৈ কিহে বান্ধি ৰাখিছে সেইটো বিচাৰি উলিয়াই নিজকে সংশোধনৰ চেষ্টা চলায়।

সম্বন্ধত এজনে আনজনৰ প্ৰতি কিবা এটা ধাৰণা লোৱাৰ  ক্ষণত সদায়ে সময় আৰু অভিজ্ঞতাৰ সহায় লোৱা উচিত ।এজনৰ এটা ভুল ধাৰণাই আনজনৰ গোটেই জীৱনৰ ওপৰত নেতিবাচক প্ৰভাৱ পেলাব পাৰে। গতিকে ইজনে সিজনৰ প্ৰতি ধাৰণা লোৱাৰ আগতে হাজাৰ বাৰ ভাবক।নিজৰ ভুল বিলাক মাজে মাজে  এজনে আনজনৰ ওচৰত স্বীকাৰ কৰক। প্ৰয়োজনত মাফ খোজক। প্ৰয়োজনত এজনে আনজনৰ ভুল বিলাক ধৈৰ্যৰে আঙুলিয়াই দেখুৱাওক।কিন্তু সৰু সৰু কথাতে আতৰি যোৱাৰ কথা কেতিয়াও নাভাবিব। কিয়নো এসময়ত খং,অজ্ঞতা আৰু অভিমানত হঠাতে লোৱা সিদ্ধান্ত বিলাকে আন সময়ত আমাক যথেষ্ট মনোকষ্ট দিয়াৰ লগতে আমাৰ পৰিয়ালৰো ক্ষতিসাধন কৰে।
এই পৃথিৱীত কোনো মানুহেই অকলশৰীয়াকৈ বাস কৰিব নোৱাৰে।মানুহে মানুহৰ সংগ বিচাৰে।মানুহে মানুহৰ যত্ন বিচাৰে। অসহায় সময়বোৰত মূৰত আঙুলি বোলাই আশ্বাস দিবলৈ, জোৰেৰে খামুচি ধৰিবলৈ, দুচকুৰে বৈ অহা পোৱা নোপোৱাৰ হিচাপ বিলাক আলফুলে মচি দিবলৈ  নিৰাপত্তাৰ হাত এখন ওচৰত থাকিব বুলি মানুহ যেতিয়াই নিশ্চিত হয়, তেতিয়াই  হাজাৰটা  বিপদ মূৰ পাতি ল’ব পৰাকৈ তেওঁলোকৰ মনবোৰ শক্তিশালী হৈ উঠে। আচলতে এই অনুভৱেই বহুত মানুহক সপোন দেখিবলৈ শিকায়। শিকাই যায় জীয়াই থাকিবলৈও।প্ৰকৃত সম্বন্ধই আমাৰ জীৱন বাটত মুঠি মুঠি জোনাক সিঁচি দিব পাৰে, যি জোনাকত লুকাই থাকে জীৱন উদযাপনৰ মায়াময় স্বাদ। প্ৰিয় পাঠক,অকনমান বুজাপৰা,অকনমান মিলামিছা নতুবা অকনমান এৰা ধৰাৰ মাধ্যমেৰে সম্বন্ধই উপহাৰ দিয়া সেই স্বাদ আস্বাদন কৰি জীৱনটো  মধুৰ আৰু যাপনীয় কৰি তুলিবলৈ আপোনাৰো বাৰু মন যোৱা নাইনে?

album-art
Roi Roi Binale A Zubeen Garg Musical
00:00
Sorry, no results.
Please try another keyword
  • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
  • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
  • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
  • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS
  • ROI ROI BINALE- TITTLE TRACK |ZUBEEN GARG |GEOCONDA VESSICHELLI |
  • Tumar Nilim Kothar Dore | Zubeen Garg | RGS | Roi Roi Binale |
  • Dusokur Kajolere | Zubeen Garg | SABITA SHARMA GOSWAMI, ARUNDHATI BHANU PRIYA | Zeal Creations |
  • Mon Gole-Roi Roi Binale | Zubeen Garg | Achurjya Borpatra | Fency Rajkumari | Zeal Creations" by Zeal Creations.
  • ROI ROI BINALE JUKEBOX | ZUBEEN GARG |
  • FREE BIRD | ZUBEEN GARG |
  • Herowa Chanda- Trailer
spot_imgspot_imgspot_imgspot_img

Latest Posts

বিশেষঃ

Stay in touch

To be updated with all the latest news, offers and special announcements.