বিশ্বনাথত উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকৰ উপস্হিতিত দাও দাওকৈ জ্বলি উঠিল এখন চিতা

বিশ্বনাথত উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকৰ উপস্হিতিত দাও দাওকৈ জ্বলি উঠিল এখন চিতা

বিশ্বনাথৰ পানীভৰালস্থিত পুলিচ ৰিজাৰ্ভৰ সংৰক্ষিত ভূমিত আজি জ্বলিল এখন চিতা।কিন্তু এই চিতাত জ্বলা নাই কোনো মৃতদেহ, কৰা নাই কোনো মৃতদেহ সৎকাৰ। এই চিতাত জ্বলিছে ১ কোটি ৩০ লাখ ৮২ হাজাৰ ৪ শ টকাৰ নিচা জাতীয় সামগ্ৰী।

বিশ্বনাথ জিলা আৰক্ষীয়ে বিগত এক ডেৰ বছৰত বিশ্বনাথ জিলাৰ বিভিন্ন স্থানৰ পৰা অভিযান চলাই জব্দ কৰা গাঞ্জা,হেৰ’ইন,কফ চিৰাফ, টেবলেটকে ধৰি বিভিন্ন ধৰণৰ নিচাযুক্ত দ্ৰব্য সমূহ আজি বিশ্বনাথ জিলা প্ৰশাসন আৰু আৰক্ষী প্ৰশাসনৰ উচ্চ পদস্থ বিষয়া সকলৰ উপস্হিতিত দাহন কৰা হয়। ইয়াৰ ভিতৰত ১ কোটি ৩৭ হাজাৰ ৪০০ টকাৰ প্ৰায় ৫ শ গ্ৰাম হেৰ’ইন, ২৮ লাখ ৩৬ হাজাৰ ৪ শ টকাৰ মুঠ ৫৬ কেজি ৭০০ গ্ৰাম গাঞ্জা, ৬৮ হাজাৰ ৬০০ টকাৰ মুঠ ৯৮ টা কফ চিৰাপৰ বটল আৰু ১ লাখ ৪০ হাজাৰ টকাৰ মুঠ ২৮০ টা নিচাযুক্ত টেবলেট দাহন কৰা হয়।এই দাহন অভিযানত অংশ গ্ৰহণ কৰে বিশ্বনাথ জিলাৰ উপায়ুক্ত মুনীন্দ্ৰ নাথ ঙাটে,জিলা অাৰক্ষী অধীক্ষক নবীন সিং,বিশ্বনাথ মহাবিদ্যায়ৰ অধ্যক্ষ ড০চিন্তা মনি শৰ্মা,আবকাৰী বিভাগৰ বিষয়া,জিলা আৰক্ষী প্ৰশাসনৰ উচ্চ পদস্থ বিষয়া সকলে।জিলা উপায়ক্ত গৰাজীয়ে কয় যে নৱ প্ৰজন্মক ধংস কৰা এই নিচা জাতীয় সামগ্ৰী সমূহৰ বিৰুদ্ধে ৰাজ্যচৰকাৰে কঠোৰ পদক্ষেপ গ্ৰহণ কৰাৰ পৰিপ্ৰেক্ষিতত এই দহন অভিযান চলোৱা হয়।আৰক্ষী অধীক গৰাকীয়েও এই অবৈধ নিচাযুক্ত সামগ্ৰীৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিব বুলি জানিব দিয়ে।

Be the first to comment

Leave a Reply

Your email address will not be published.


*