বিশ্বনাথতো বিশ্ব ৰক্তদাতা দিৱস উপলক্ষে ৰক্তদাতাক সম্বৰ্ধনা

  • বিশ্বনাথ চাৰিআলি অসামৰিক চিকিৎসালয়ৰ ৰক্ত ভঁৰাল আৰু বিশ্বনাথ প্ৰশাসনৰ পদক্ষেপ
  • দীর্ঘসময় স্বেচ্ছাই ৰক্তদান কৰা ৰক্তদাতা বিল্লাল শেইখ, দিগন্ত হাজৰিকাক সম্বৰ্ধনা
  • প্ৰশান্ত মহন্তক ২০২২-২৩ বৰ্ষৰ শ্ৰেষ্ঠ ৰক্তদাতাৰ সন্মান
  • স্বেচ্ছাসেৱী সংগঠন ‘এটোপ’ৰ সভাপতি সুৰজ ভুঞাকো সম্বৰ্ধনা

বিশ্বনাথ চাৰিআলি, ১৪ জুন:

সুৰক্ষিত ৰক্তদানৰ প্ৰয়োজনীয়তা আৰু অবৈতনিক ৰূপত স্বেচ্ছাকৃতভাৱে শাৰিৰীকভাৱে সবল ব্যক্তিৰ দ্বাৰা ৰক্ত দানৰ প্ৰতি সজাগতা সৃষ্টি কৰিবৰ বাবে প্ৰতি বৰ্ষৰ ১৪ জুনত পালন কৰি অহা ‘বিশ্ব ৰক্তদাতা দিৱস’ উপলক্ষে আজি বিশ্বনাথতো কেইবাগৰাকীও ৰক্তদাতাক বিশ্বনাথ চাৰিআলি অসামৰিক চিকিৎসালয়ৰ ৰক্তভঁৰাল কৰ্তৃপক্ষ আৰু বিশ্বনাথ প্ৰশাসনে সম্বৰ্ধনা জ্ঞাপন কৰে।

বিশ্বনাথৰ মহকুমাধিপতিৰ সন্মিলন কক্ষত ‘বিশ্ব ৰক্তদাতা দিৱস’ৰ এই বিশেষ দিনটোত বিগত সময় সমুহত স্বেচ্ছাই ৰক্তদানেৰে বহুজনৰ জীৱন দানৰ দৰে মহান কৰ্মত আত্মোৎসৰ্গ কৰা তিনি গৰাকী ব্যক্তি আৰু ‘এটোপ’ নামৰ স্বেচ্ছাই ৰক্তদান কৰা স্বেচ্ছাসেৱী সংগঠনক সম্বৰ্ধনা পত্ৰ, গামোচা আৰু একোখনকৈ শৰাই প্ৰদানেৰে বিশ্বনাথ চাৰিআলি অসামৰিক চিকিৎসালয়ৰ ৰক্তভঁৰাল কৰ্তৃপক্ষ আৰু বিশ্বনাথ প্ৰশাসনে তেওলোকৰ এই মহান মানৱীয় কৰ্মক স্বীকৃতি প্ৰদান কৰি কৃতজ্ঞতা জ্ঞাপন কৰে।

বিগত দীৰ্ঘ সময়ত এশৰো অধিক বাৰ স্বেচ্ছাই ৰক্তদান কৰা বিশ্বনাথৰ দৈনিক বজাৰ নিবাসী ৰক্তদাতা বিল্লাল শেইখ, পঞ্চাশৰো অধিকবাৰ স্বেচ্ছাই ৰক্তদান কৰা ৰক্ত দাতা বিশ্বনাথৰ মাজ ভিৰগাওঁ নিবাসী দিগন্ত হাজৰিকা, ২০২২-২৩ বৰ্ষৰ শ্ৰেষ্ঠ ৰক্তদাতা হিচাবে বিশ্বনাথৰ কোছগাওঁ নিবাসী প্ৰশান্ত মহন্তক আজি সম্বৰ্দ্ধনা জনোৱাৰ উপৰিও স্বেচ্ছাই ৰক্তদান কৰা স্বেচ্ছাসেৱী সংগঠন ‘এটোপ’ৰ সভাপতি সুৰজ ভুঞাকো সম্বৰ্ধনা জ্ঞাপন কৰা হয়।

বিশ্বনাথ চাৰিআলি অসামৰিক চিকিৎসালয়ৰ ৰক্তভঁৰাল কৰ্তৃপক্ষৰ উদ্যোগত আৰু বিশ্বনাথ প্ৰশাসনৰ সহযোগত অনুষ্ঠিত হোৱা আজিৰ এই বিশেষ অনুষ্ঠানটিত মুখ্য অতিথিৰূপে উপস্থিত থাকি অতিৰিক্ত উপায়ুক্ত তথা বিশ্বনাথ মহকুমাৰ ভাৰপ্ৰাপ্ত মহকুমাধিপতি জয় শিবানীয়ে অধ্যয়নৰত অৱস্থাত নিজেও ৰক্তদান কৰাৰ অভিজ্ঞতাৰ কথা উল্লেখ কৰি ৰক্তদানৰ দৰে মহান মানৱীয় অনুভূতিৰে সেৱা আগবঢ়াই অহা বিশ্বনাথৰ প্ৰতি গৰাকীক উচ্চ প্ৰশংসা কৰাৰ লগতে তেওঁলোকৰ স্বেচ্ছামূলক এই কৰ্মৰ বাবে কৃতজ্ঞতা জনায়।

বিশ্বনাথ চাৰিআলি অসামৰিক চিকিৎসালয়ৰ ৰক্তভঁৰালৰ ভাৰপ্ৰাপ্ত বিষয়া তথা মহকুমা চিকিৎসা বিষয়া ডাঃ গুঞ্জন পাঠকে আজিৰ বিশেষ দিনটোৰ বিষয়ে নাতিদীৰ্ঘ বক্তব্য দাঙি ধৰি ২০১৯ চনৰ পৰা বিশ্বনাথত ৰক্তভঁৰাল স্হাপন হোৱাৰ কথা উল্লেখ কৰি তেতিয়াৰে পৰা বিশ্বনাথৰ বহু ব্যক্তি আৰু সংগঠনে স্বেচ্ছাই ৰক্তদান কৰি বহুজনক সংকটময় জীৱন কালত উপকৃত কৰিছে বুলি উল্লেখ কৰে।

ডাঃ পাঠকে সেইসকল ব্যক্তি আৰু সংগঠনক কৃতজ্ঞতা জনোৱাৰ লগতে আন দহজনক স্বেচ্ছাই ৰক্তদান কৰিবলৈ উৎসাহিত কৰিবৰ বাবেই এই বৰ্ষৰ পৰা এনেদৰে প্ৰতি বৰ্ষতে ৰক্তদাতাক সম্বৰ্ধনা জনোৱা হ’ব বুলি প্ৰকাশ কৰিলে।

এইবেলি বিশ্বনাথৰ বামগাওঁ নিবাসী স্বেচ্ছামূলক ৰক্তদাতা জ্যোতিপ্ৰসাদ শইকীয়াৰ নাম ৰাজ্যিক পৰ্য্যায়ত সম্বৰ্ধনাৰ বাবে প্ৰেৰণ কৰা হৈছে বুলিও তেওঁ সদৰী কৰে।

বিশ্বনাথ চাৰিআলি অসামৰিক চিকিৎসালয়ৰ অধীক্ষক ডাঃ জোনালী গগৈয়ে উদেশ্যে বাখ্যা কৰা আৰু প্লাবিতা দোলাকাষৰীয়াই আঁত ধৰা সম্বৰ্ধনা অনুষ্ঠানটিত অতিৰিক্ত উপায়ুক্ত (স্বাস্থ্য) ধ্ৰুৱজ্যোতি দাস, স্বাস্হ্য সেৱা বিভাগৰ যুটীয়া সঞ্চালক যতীন্দ্ৰ নাথ মেদক, সহকাৰী আয়ুক্ত পুষ্পাংকৰ পাতিৰ, মুখ্য চিকিৎসা বিষয়া ডাঃ যোগেন চন্দ্ৰ বে’, জিলা চাৰ্ভিলেন্স বিষয়া ডাঃ এলিজা ডেকাৰ উপৰিও বিশ্বনাথ প্ৰশাসনৰ বিষয়া কৰ্মীসকল, জিলাৰ স্বাস্থ্য বিভাগৰ চিকিৎসা বিষয়া আৰু কৰ্মচাৰীসকল, একাধিক ৰক্তদাতা সংগঠনৰ প্ৰতিনিধি, ৰক্তদাতা আদি উপস্থিত থকা অনুষ্ঠানটিত সম্বৰ্ধিত ৰক্তদাতা প্ৰশান্ত মহন্ত আৰু ৰক্তদাতা বিভামনি দাসে ৰক্তদানৰ সম্পৰ্কে প্ৰেৰণামূলক বক্তব্য দাঙি ধৰে। অনুষ্ঠানটিত শলাগ জ্ঞাপনেৰে সকলোকে ধন্যবাদ জ্ঞাপন কৰে ৰিতু ৰাজবংশীয়ে।

উল্লেখযোগ্য ১৮৬৮ চনৰ ১৪ জুনত জন্ম লাভ কৰা
প্ৰসিদ্ধ বিজ্ঞানী যিগৰাকীয়ে এ, বি, অ. ৰক্তগোষ্ঠীৰ আৱিস্কাৰৰ বাবে ন’বেল বটা জয় কৰিছিল, সেইগৰাকী মহান ব্যক্তি কাৰ্ল লেণ্ডষ্টেইনাৰৰ জন্ম বাৰ্ষিকী হিচাপে প্ৰতি বছৰে এই দিনটোত বিশ্ব ৰক্তদাতা দিৱস উদযাপন কৰা হয়|

Be the first to comment

Leave a Reply

Your email address will not be published.


*


This site uses Akismet to reduce spam. Learn how your comment data is processed.