শেহতীয়া আপডেটঃ

চোৰাং কাঠ ব্যৱসায়ীৰ বিৰুদ্ধে কৃষ্ণাই বন বিভাগৰ অভিযান অব্যাহতঃ

  • পুণঃ জব্দ অবৈধ কাঠ ফলা মিল সহ এক গাড়ী মূল্যবান কাঠ

কৃষ্ণাইৰ পৰা কন্দৰ্প কুমাৰ দেৱ নাথঃ গোৱালপাৰা জিলাৰ কৃষ্ণাই আঞ্চলিক বন বিভাগে অবৈধ কাঠ ব্যৱসায়ীৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে৷

আজিও বন বিষয়া শিৱাণী দলেৰ নেতৃত্বত পুৱাৰে পৰা চলে তীব্ৰ অভিযান৷ এই অভিযান কালত বন ৰক্ষীৰ দলটোৱে দাবলিৰ পৰা এটা অবৈধ কাঠ ফলা মিল উচ্ছেদ কৰাৰ বিপৰীতে বলবলাৰ হাতীগাঁৱৰ পৰা গাড়ীসহ জব্দ কৰে প্ৰায় পঞ্চাশ হেজাৰ টকা মূল্যৰ ফলা কাঠ৷

বন বিভাগে জব্দ কৰা গাড়ী খনৰ নম্বৰ হৈছে এ এছ ১৫ চি ৫৮৩৮৷ উল্লেখ্য যে শিৱাণী দলেই কৃষ্ণাই আঞ্চলিক বন বিভাগত বন বিষয়াৰ দায়িত্ব গ্ৰহণ কৰাৰ পিছৰে পৰা বিষয়া গৰাকীয়ে চোৰাং কাঠ ব্যৱসায়ীৰ বিৰুদ্ধে ধাৰবাহিক ভাৱে অভিযান চলাই আহিছে৷ এই অভিযান কালত জব্দ হৈছে বহু অবৈধ কাঠ ফলা মিল তথা মূল্যবান কাঠৰ কুণ্ডা৷

এই সন্দৰ্ভত বন বিষয়া গৰাকীৰ পৰা জানিব বিচৰাত তেওঁ কয়-কৃষ্ণাই আঞ্চলিক বন বিভাগে চৰকাৰী বন্যভূমিত চোৰাং বেপাৰীয়ে অবৈধ ভাৱে চলাই থকা কাঠ ব্যৱসায়ৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিব৷ এই ক্ষেত্ৰত বন বিষয়া শিৱাণী  দলেই সাধাৰণ ৰাইজৰ পৰা সহযোগিতা কামনা কৰিছে৷

album-art
Roi Roi Binale A Zubeen Garg Musical
00:00
Sorry, no results.
Please try another keyword
  • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
  • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
  • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
  • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS
  • ROI ROI BINALE- TITTLE TRACK |ZUBEEN GARG |GEOCONDA VESSICHELLI |
  • Tumar Nilim Kothar Dore | Zubeen Garg | RGS | Roi Roi Binale |
  • Dusokur Kajolere | Zubeen Garg | SABITA SHARMA GOSWAMI, ARUNDHATI BHANU PRIYA | Zeal Creations |
  • Mon Gole-Roi Roi Binale | Zubeen Garg | Achurjya Borpatra | Fency Rajkumari | Zeal Creations" by Zeal Creations.
  • ROI ROI BINALE JUKEBOX | ZUBEEN GARG |
  • FREE BIRD | ZUBEEN GARG |
  • Herowa Chanda- Trailer
spot_imgspot_imgspot_imgspot_img

Latest Posts

বিশেষঃ

Stay in touch

To be updated with all the latest news, offers and special announcements.