শেহতীয়া আপডেটঃ

বিশ্বনাথ চাৰিআলিত স্বেচ্ছাসেৱী সংগঠন ৱাৰিৱৰ্ছৰ সাধাৰণ সভা সম্পন্ন : আমি যুজাৰু যুজি যাম উৎপল শিৱম

বিশ্বনাথ চাৰিআলিত স্বেচ্ছাসেৱী সংগঠন ৱাৰিৱৰ্ছৰ সাধাৰণ সভা সম্পন্ন : আমি যুজাৰু যুজি যাম উৎপল শিৱম

বিশ্বনাথ চাৰিআলি ৪ এপ্ৰিল : 

দেওবাৰে বিশ্বনাথ আমবাৰীত স্থিত ধৰ্মশালা প্ৰাংগণত  বিশ্বনাথ জিলাৰ  ৰাজ্যৰ আগশাৰী সৰ্ববৃহৎ  নাৰী সবলি কৰণ গ্ৰামোন্নয়ন  স্বেচ্ছাসেৱী সংগঠন 

ৱাৰিৱৰ্ছৰ উদ্যোগত এখনি সাধাৰণ সভা অনুষ্ঠিত হয়। ৱাৰিৱৰ্ছৰ  বিশ্বনাথ জিলাৰ সভানেত্ৰী অঞ্জলি বৰুৱাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভা খন উদ্দেশ্য বাখ্যা আৰু আদৰণি অনুষ্ঠানৰ  আতঁ ধৰে জিলা সম্পাদক অৰ্জুন চেত্ৰীয়ে। সভাখনৰ আৰম্ভণিতে ৱাৰিৱৰ্ছৰ এটি থীম ছংগ ৰ জৰিয়তে  আৰম্ভ হয়। সভা আৰম্ভণিতে    মুখ্য  অতিথি হিচাপে অংশগ্ৰহণ কৰা ৱাৰিৱৰ্ছৰ জন্মদাতা তথা অধ্যক্ষ উৎপল শিৱমে  স্বেচ্ছাসেৱী সংগঠনটোৰ জন্ম লক্ষ্য উদ্দেশ্য লগতে ভৱিষ্যত  পৰিকল্পনা আৰু ভুক্তভোগী মহিলা সকলক সুৰক্ষা দিবলৈ আমি কি দৰে যুজঁ দিব লাগিব তাৰ ওপৰত বহলাই বাখ্যা কৰা লগতে  ভৱিষ্যতে দৰিদ্ৰ ,শোষিত মহিলা ভুক্তভোগী জনতাৰ  

 সুৰক্ষাৰ স্বাৰ্থত আমি একো  একো জন যুজঁৰো হৈ যুজি যাম বুলি প্ৰকাশ কৰে।

 সভাত অতিথি হিচাপে  উপস্থিত থকা বিশ্বনাথ চাৰিআলি পাভৈ বিশিষ্ট সমাজ কৰ্মী তথা মানৱ দৰদী চিকিৎসক ডাঃ ৰঞ্জন গগৈয়ে ৱাৰিৱৰ্ছৰ বিশাল প্ৰশাসৰৰ  আৰু ভৱিষ্যত পৰিকল্পনা লগতে  যোৱা ২০২০ চনৰ  পৰা ৰাজ্যখনত নিস্বাৰ্থ ভাৱে  দৰিদ্ৰ শোষিত মহিলা সকলৰ সুৰক্ষা ক্ষেত্ৰত মাত মাতি আহিছে তাৰ প্ৰতিগৰাকী  ৱাৰিৱৰ্ছৰ যুজাৰু সদস্যক ধন্যবাদ জনোৱা লগতে  ভৱিষ্যতে এই দৰে   সমাজৰহৈ কাম কৰি যাবলৈ আহ্বান জনাই ৱাৰিৱৰ্ছৰ সদস্য সকলক।

আনহাতে  সভাত অংশগ্ৰহণ কৰা  নগাঁও জিলাৰ ৱাৰিৱৰ্ছৰ সভাপতি তথা শিক্ষক  প্ৰলাস প্ৰতীম ডেকাই  ৱাৰিৱৰ্ছে বিগত সময় চোৱাত কৰা কামৰ লগতে তাৰ সফলতা আৰু বিগত বৰ্ষৰ  নগাঁও জিলা সমিতিয়ে কি দৰে ৰাজ্যিক  অধিৱেশন খন সফল কৰিছিল তাৰ ওপৰত বহলাই বাখ্যা কৰি আগন্তুক বিশ্বনাথ চাৰিআলিৰ হ’বলগীয়া ৰাজ্যিক অধিৱেশন খনৰ পৰিকল্পনা আৰু পৰামৰ্শ আগবঢ়াই ডেকাই। সভাত উপস্থিত থকা  বিশ্বনাথ চাৰিআলি কবি সাহিত্য বিশিষ্ট সমাজ কৰ্মী মহ: চবিন আহমদে নিজৰ বন্তব্যত প্ৰকাশ কৰি কয় পূৰ্বৰ পৰাই সমাজত একাংশ  লোকে সমাজ খন বিপথে পৰিচালনা কৰা লগতে  অন্যায়ক আশ্ৰয় দি আহিছে থিক কিন্তু  তেনে সময়তে একাংশ  স্বেচ্ছাসেৱী সংগঠন আৰু  সমাজ সচেতন ব্যক্তি অন্যায় বিৰুদ্ধে থিয় দি আহিছে যাৰ বাবে সেই সকলে সফল হ’ব পৰা নাই ।

  ইফালে বিহালী সমষ্টিৰ জিনজিয়া বিশিষ্ট সমাজ সেৱিকা শেৱালি শৰ্মাই   নিজৰ বক্তব্যত কয়  আমি সদায় মহিলা সকলৰ সুৰক্ষা স্বাৰ্থত কাম কৰি আহিছো শেহতীয়াকৈ ৰাজ্য খনৰ অন্যতম স্বেচ্ছাসেৱী সংগঠন ৱাৰিৱৰ্ছৰ যি মহিলা সকলৰ স্বাৰ্থত  সবল নেতৃত্বত দি আহিছে তাৰ বাবে  স্বেচ্ছাসেৱী সংগঠনক ধন্যবাদ জনাইছোঁ লগতে ভৱিষ্যতে অধিক শক্তিশালী ৰূপে আমি সকলো মহিলাই দৰিদ্ৰ ভুক্তভোগী পৰিয়ালক ন্যায় দিয়া ক্ষেত্ৰত একেলগে হাতত হাত মিলাই আগুৱাই যোৱা লগতে প্ৰতিগৰাকী নাৰীয়ে সময়ক গুৰুত্ব দিব লাগিব  বুলি উল্লেখ কৰে। শৰ্মাই কয়  লগতে বৰ্তমান সময়ত চৰকাৰে পুৰুষ মহিলা সমানে সমানে আগবঢ়াই যাবলৈ সকলো সুবিধা কৰি দিছে গতিকে আমি মাথোঁ আন্তৰিকতা জৰিয়তে সমাজৰ হৈ কাম কৰি গ’লেই হ’ল বুলি কয় । 

সভাত উপস্থিত থকা বিশ্বনাথ জিলাৰ ৱাৰিৱৰ্ছৰ 

উপদেষ্টা মহ:প্ৰিন্স চামচুল হক, ৱাৰিৱৰ্ছৰ উপদেষ্টা সূৰ্য নাৰায়ণ পাণ্ডে, নগাঁও জিলা সমিতি  কংকনা দেৱী ডেকা, ম:ইক্কামুল হওক, মিনময় বৰঠাকুৰ, জিলাৰ 

সহকাৰী সম্পাদিকা ববী শইকীয়া, বিত্তীয় সম্পাদিকা পূৰৱী বৰা, ৱাৰিৱৰ্ছৰ জনসংযোগ সম্পাদক তথা সাংবাদিক  শ্ৰীমন্ত দাস, ছাত্র মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় সমিতি সাংগঠনিক সম্পাদক অনিল বনীয়া, বিহালী মহিলা সমিতিৰ সভানেত্ৰী দিপালী বৰুৱা, সম্পাদিকা ববিতা বৰা মটকে

নিজৰ মন্তব্য দাঙি ধৰে। সভা খনত ৱাৰিৱৰ্ছৰ ৰিমা বৰাকে  ধৰি শতাধিক সদস্য সদস্যা অংশগ্ৰহণ কৰা সভা খনত জিলা খনৰ শতাধিক লোকৰ লগতে ৱাৰিৱৰ্ছৰ বৰকুৰা আঞ্চলিক সমিতি,  মোনাবাৰী আঞ্চলিক সমিতি, সাধাৰুপা আঞ্চলিক সমিতি , চতিয়া নুৰপুৰ আঞ্চলিক সমিতি, গহপুৰ আঞ্চলিক সমিতি সদস্য সদস্যা সকল উপস্থিত থাকে । সভাৰ শেষত অহা ৩ অক্টোবৰত বিশ্বনাথ চাৰিআলিত  হ’বলগীয়া  ৰাজ্যিক ৱাৰিৱৰ্ছৰ  অধিৱেশন খনৰ বাবে এখন সবল আদৰণি সমিতি গঠন কৰা হয়।

album-art
Roi Roi Binale A Zubeen Garg Musical
00:00
Sorry, no results.
Please try another keyword
  • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
  • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
  • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
  • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS
  • ROI ROI BINALE- TITTLE TRACK |ZUBEEN GARG |GEOCONDA VESSICHELLI |
  • Tumar Nilim Kothar Dore | Zubeen Garg | RGS | Roi Roi Binale |
  • Dusokur Kajolere | Zubeen Garg | SABITA SHARMA GOSWAMI, ARUNDHATI BHANU PRIYA | Zeal Creations |
  • Mon Gole-Roi Roi Binale | Zubeen Garg | Achurjya Borpatra | Fency Rajkumari | Zeal Creations" by Zeal Creations.
  • ROI ROI BINALE JUKEBOX | ZUBEEN GARG |
  • FREE BIRD | ZUBEEN GARG |
  • Herowa Chanda- Trailer
spot_imgspot_imgspot_imgspot_img

Latest Posts

বিশেষঃ

Stay in touch

To be updated with all the latest news, offers and special announcements.