31.3 C
Guwahati
Thursday, February 19, 2026
More

    Trending Now:

    শেহতীয়া আপডেটঃ

    UPI TRANSACTION LIMIT: অনলাইন লেনদেন কিমান নিৰাপদ?

    ● আজিকালি ডিজিটেল লেনদেনৰ জনপ্ৰিয়তা বাঢ়িছে। বহুতে নগদ ধনৰ পৰিৱৰ্তে QR ক’ড স্কেন কৰি ধন পৰিশোধ কৰাটো পছন্দ কৰে। এই দেশত ডিজিটেল লেনদেনৰ বাবে এন পি চি আইয়ে ইউ পি আই প্ৰস্তুত কৰিছে। ইউ পি আই ব্যৱহাৰ কৰিলে সহজেই চেকেণ্ডৰ ভিতৰতে এটা বেংকৰ পৰা আন এটা বেংকলৈ ধন পঠিয়াব পাৰি। যাৰ ফলত লেনদেন প্ৰক্ৰিয়াটো সহজ হৈ পৰে। কিন্তু এই ইউপিআই লেনদেনৰ বিষয়ে বহুতো কথা জড়িত হৈ আছে, যিবোৰ কথা বহুতৰে অজ্ঞাত। আজি এই লিখনিৰ দ্বাৰা সেই সকলোবোৰ কথা উল্লেখ কৰিম।

    প্ৰিপেইড পেমেণ্ট সহায়ক আহিলা:
    ইউপিআই ব্যৱস্থাৰ অন্যতম যন্ত্ৰ হ’ল প্ৰিপেইড পেমেণ্ট ইনষ্ট্ৰুমেণ্ট বা পিপিআই। যিটোৱে মূলতঃ UPI ৱালেটক বুজায়। ইয়াত ধন জমা কৰিব পাৰিব আৰু এই ৱালেটৰ পৰা লেনদেন কৰিব পাৰি। যদি চেভিং বা জমাৰ পৰা ধন ট্ৰেন্সফাৰ হয় তেন্তে এই প্ৰক্ৰিয়াটোক পিপিআই বুলি কোৱা হয়। উদাহৰণস্বৰূপে, GooglePay, Phonepe Wallet, Amazon Pay, Freecharge আদিৰ পৰা পেমেণ্ট পিপিআইৰ অধীনত সামৰি লোৱা হয়।


    দৈনিক ইউপিআই লেনদেনৰ সীমা কিমান?
    এন পি চি আইৰ নিয়ম অনুসৰি প্ৰতিদিনে ১ লাখ টকা পৰ্যন্ত এটা ইউ পি আই লেনদেন কৰিব পাৰিব। অৱশ্যে শিক্ষানুষ্ঠান বা স্বাস্থ্য কেন্দ্ৰসমূহে দৈনিক ৫ লাখ টকা পৰ্যন্ত লেনদেন কৰিব পাৰে। কিন্তু এই লেনদেনৰ সীমা নিৰ্ভৰ কৰে বেংকৰ ওপৰত। একাংশ বেংকে দৈনিক ২৫ হাজাৰ টকাৰ পৰা ১ লাখ টকালৈ সীমা নিৰ্ধাৰণ কৰিছে। আনহাতে কিছুমান বেংকে দৈনিক সীমাৰ পৰিৱৰ্তে সাপ্তাহিক বা মাহেকীয়া সীমা নিৰ্ধাৰণ কৰিছে।
    আদান-প্ৰদানৰ মাচুল কেনেধৰণৰ ?
    ইউপিআই পেমেণ্ট কৰাৰ বাবে আদান-প্ৰদান মাচুল দিব লাগিব। এই চাৰ্জ লেনদেনৰ খৰচ বহন কৰিবলৈ লোৱা হয়। বিভিন্ন সেৱাৰ ভিত্তিত ০.৫ শতাংশৰ পৰা ১.১ শতাংশ আদান-প্ৰদানৰ মূল্য লোৱা হয়। নগদ ধন পৰিশোধৰ বাবে ০.৫ শতাংশ আদান-প্ৰদান মাচুল, ডাকঘৰ, টেলিকম, শিক্ষা আদিৰ বাবে ০.৭ শতাংশ, চুপাৰ মাৰ্কেটৰ বাবে ০.৯ শতাংশ আৰু মিউচুৱেল ফাণ্ডৰ বাবে ১ শতাংশ। পিপিআই মোডত ৱালেটৰ পৰা ৱালেটলৈ ধন পঠিয়ালে কোনো ধৰণৰ আদান-প্ৰদান মাচুল নাথাকে। এটা বেংকৰ পৰা আন এটা বেংকলৈ ধন পঠিয়ালেহে এই আদান-প্ৰদান লোৱা হয়। মাৰ্চেণ্ট একাউণ্টত জমা ধন ২০০০ টকাৰ ওপৰত হ’লে ১.১% মাচুল লোৱা হ’ব। কিন্তু যদি কোনোবাই ব্যক্তিগতভাৱে ইউ পি আইৰ জৰিয়তে এই ধন আদায় দিয়ে তেন্তে কোনো মাচুল দিব নালাগে।

    [sonaar_audioplayer albums="latest" order="desc" orderby="date" show_skip_bt="default" show_shuffle_bt="default" show_repeat_bt="default" show_speed_bt="default" show_volume_bt="default" show_miniplayer_note_bt="default" progress_bar_style="default" wave_bar_width="1" wave_bar_gap="1" track_memory="default" player_layout="skin_boxed_tracklist" tracklist_layout="list" hide_track_number="false" show_track_market="true" track_market_inline="true" cta_track_show_label="default" force_cta_dl="default" force_cta_share="default" force_cta_favorite="default" force_cta_singlepost="default" track_artwork_format="thumbnail" show_track_publish_date="default" show_playlist="true"][/sonaar_audioplayer]
    spot_imgspot_imgspot_imgspot_img

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.