31.3 C
Guwahati
Thursday, February 19, 2026
More

    Trending Now:

    শেহতীয়া আপডেটঃ

    বিলাসীপাৰাৰ সীমান্তৱৰ্তী মালগাঁৱত ভয়ঙ্কৰ ঘটনাঃ ইটা ভাটাত ডগ ভাঙি শ্ৰমিকৰ কৰুণ মৃত্যু

    ♦বিলাসীপাৰাৰ পৰা আলী আজাত ইছলামঃ কোকৰাঝাৰ জিলাৰ মালগাঁৱত সকল ইটা ভাটাত ডগ ভাঙি শ্ৰমিকৰ কৰুণ মৃত্যু। ইটাৰ কাম কৰি থকা অৱস্থাত ডগ ভাঙি ইটাৰ তলত পৰে চাৰি শ্ৰমিক। পিছত ভাটাৰ স্বত্তাধিকাৰীয়ে JCB ৰে খান্দি চাৰি শ্ৰমিকক উলিয়াই ততাতৈয়া বিলাসীপাৰা আদৰ্শ চিকিৎসালয়ত প্ৰেৰণ কৰে। যদিও চিকিৎসালয়তেই এজন শ্ৰমিকৰ মৃত্যু হয়।

    মৃত হোৱা শ্ৰমিক জনী হাছিনা বিবি বুলি জানিব পৰা গৈছে। সম্প্ৰতি আন তিনিজন শ্ৰমিকক সংকটজনক অৱস্থাত উন্নত চিকিৎসাৰ বাবে ধুবুৰী মেডিকেল কলেজ আৰু কোকৰাঝাৰ অসামৰিক চিকিৎসালয় লৈ প্ৰেৰণ কৰা হৈছে বুলি জানিব পৰা গৈছে। ইটাভাটাৰ স্বাত্বাধিকাৰীৰ চৰম গাফিলতিৰ ফলত এনে অনাকাঙ্খিত দুৰ্ঘটনা সংঘটিত হোৱাৰ অভিযোগ স্থানীয় ৰাইজৰ।

    ঘটনাৰ উচিত তদন্ত বিচাৰি কোকৰাঝাৰ জিলা প্ৰশাসনক দাবী জনাইছে স্থানীয় ৰাইজৰ লগতে বিভিন্ন দল সংগঠনে। ঘটনাস্হলীত কোকৰাঝাৰ আৰক্ষীৰ দল উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে।

    [sonaar_audioplayer albums="latest" order="desc" orderby="date" show_skip_bt="default" show_shuffle_bt="default" show_repeat_bt="default" show_speed_bt="default" show_volume_bt="default" show_miniplayer_note_bt="default" progress_bar_style="default" wave_bar_width="1" wave_bar_gap="1" track_memory="default" player_layout="skin_boxed_tracklist" tracklist_layout="list" hide_track_number="false" show_track_market="true" track_market_inline="true" cta_track_show_label="default" force_cta_dl="default" force_cta_share="default" force_cta_favorite="default" force_cta_singlepost="default" track_artwork_format="thumbnail" show_track_publish_date="default" show_playlist="true"][/sonaar_audioplayer]
    spot_imgspot_imgspot_imgspot_img

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.