Saturday, May 24, 2025
33 C
Guwahati

ছয়দুৱাৰত বিশ্বনাথ জিলা কৃষি বিভাগৰ সজাগতা সভা

- Advertisement -
- Advertisement -
- Advertisement -
- Advertisement -

ছয়দুৱাৰত বিশ্বনাথ জিলা কৃষি বিভাগৰ সজাগতা সভা

কৃষিখণ্ডত সংযোজন ঘটা শেহতীয়া প্ৰযুক্তি মিনি কম্বাইণ্ড হাৰ্ভেষ্টাৰৰ সুবিধা ল’বলৈ আহ্বান

 

বিশ্বনাথ চাৰিআলি, ১২ নৱেম্বৰ :

বিশ্বনাথ জিলাৰ গহপুৰ মহকুমাৰ অন্তৰ্গত ছয়দুৱাৰ কৃষক উৎপাদক সংস্থা লিমিটেডৰ কৃষকসকলৰ সৈতে আজি গহপুৰৰ ঘাহিগাঁৱৰ টেলিনি গাঁৱত এক সজাগতা সভা আয়োজন কৰা হয়। য’ত এশ জনতকৈ অধিক কৃষকে অংশগ্ৰহণ কৰে। আজিৰ অনুষ্ঠানটিত বিশ্বনাথৰ প্ৰাক্তন জিলা কৃষি বিষয়া বিজয় দত্ত, বিশ্বনাথৰ জিলা কৃষি বিষয়া কাৰ্যালয়ৰ কাৰ্যসূচী বিষয়া দিব্যাশ্ৰী শইকীয়া, ছয়দুৱাৰ এফ পি চিৰ অধ্যক্ষ বিনোদ পাণ্ডে, কল্যানপুৰ গাঁও পঞ্চায়তৰ সভানেত্ৰী লখিমী বৰদলৈ, কৃষি সহকাৰী পৰিদৰ্শক লক্ষী নাথ, ছয়দুৱাৰ ব্লকৰ বি.টি.এম কৃষ্ণ ডিহিঙীয়া, বি.টি.এম আৰু বিহালী কৃষি বীমা কোম্পানীৰ সদস্য সকলৰ উপস্থিত থাকে।
সভাখনিত দিব্যাশ্ৰী শইকীয়াই নাতিদীৰ্ঘ ভাষনত উপস্থিত কৃষকসকলৰ বাবে এফ পি চিৰ গুৰুত্ব আৰু প্ৰয়োজনীয়তাৰ বিষয়ে বিশদভাৱে বাখ্যা আগবঢ়ায় ।বিটিএ কৃষ্ণ দিহিঙীয়াই সমবেত সকলক PMKISAN নামভৰ্তি কৰিবলৈ আৰু চলি থকা ধান ক্ৰয়ৰ পঞ্জীয়নৰ লগতে আঁচনিসমূহৰ সুবিধা লাভ কৰিবলৈ অনুৰোধ জনায়। অসম কৃষি বাণিজ্য আৰু গ্ৰাম্য ৰূপান্তৰণ প্ৰকল্পৰ কাৰিকৰী গৱেষক পংকজ বৰুৱাই কেন্দ্ৰীয় চৰকাৰে কৃষিখণ্ডত সংযোগ কৰা শেহতীয়া প্ৰযুক্তি মিনি কম্বাইণ্ড হাৰ্ভেষ্টাৰৰ সুবিধা ল’বলৈ উৎসাহিত কৰে। বীমা কোম্পানীৰ প্ৰতিনিধিয়ে কৃষকসকলক প্ৰধানমন্ত্ৰী ফছল বীমা যোজনাৰ উপকাৰিতাৰ বিষয়ে বিবৰণ দাঙি ধৰে। উল্লেখযোগ্য যে এইবাৰ বিশ্বনাথ জিলাৰ গ্ৰীষ্মকালীন ধানৰ বাবে কৃষকসকলে সৰিয়হ, আলু আৰু বড়ো ধানৰ বীমাৰ সুবিধা ল’ব পাৰিব। এই আঁচনিখনে শস্যক বীমা কভাৰেজ প্ৰদান কৰে আৰু কৃষকৰ আয় সুস্থিৰ কৰি তোলাৰ সুবিধা প্ৰদান কৰে।
প্ৰাক্তন জিলা কৃষি বিষয়া বিজয় দত্তই PMKSYকে ধৰি চলি থকা সকলো চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰি এই বিষয়ে সবিশেষ প্ৰচাৰ কৰিবলৈ আহ্বান জনালে ।
অনুষ্ঠানত উপস্থিত কৃষকসকলক সৰিয়হৰ বীজ বিতৰণ কৰা হয়। ইয়াৰ পাছতে এক মত বিনিম়য় অনুষ্ঠান আয়োজন কৰা হয় য’ত কৃষকসকলে সন্মুখীন হোৱা বিভিন্ন সমস্যা বিষয়ে বুজ লোৱা আৰু আলোচনা কৰা হয়। সজাগতা সভাখনিত উপস্থিত থকা বিশেষজ্ঞসকলে কৃষকসকলৰ সমস্যাসমুহৰ সমাধান আগবঢ়ায়।

- Advertisement -

Hot this week

বিশ্বনাথত অনা অসমীয়া ব্যৱসায়ীৰ কু কাণ্ড

বিশ্বনাথত অনা অসমীয়া ব্যৱসায়ীৰ কু কাণ্ড অসম খবৰ বিশ্বনাথ ২১...
00:05:02

‘জীৱনৰ ৰামধেনু’ আপোনাৰ বাবে এক নিৰ্ভৰযোগ্য মঞ্চ

▶️আপুনি সাহিত্য চৰ্চা কৰি ভাল পায় নেকি? ▶️আপুনি মনৰ অনুভৱ...

Topics

বিশ্বনাথত অনা অসমীয়া ব্যৱসায়ীৰ কু কাণ্ড

বিশ্বনাথত অনা অসমীয়া ব্যৱসায়ীৰ কু কাণ্ড অসম খবৰ বিশ্বনাথ ২১...
00:05:02

‘জীৱনৰ ৰামধেনু’ আপোনাৰ বাবে এক নিৰ্ভৰযোগ্য মঞ্চ

▶️আপুনি সাহিত্য চৰ্চা কৰি ভাল পায় নেকি? ▶️আপুনি মনৰ অনুভৱ...

ASSAM RIFLES CONDUCTS CAREER COUNSELING SESSION AT JIRIBAM

● Assam Rifles conducted a career counseling session aimed...

গুৱাহাটীৰ মাজমজিয়াত ইউনিপল হৰ্ডিং আঁতৰাবলৈ নিৰ্দেশ লোক নিৰ্মাণ বিভাগৰ

▶️গুৱাহাটীৰ মাজমজিয়াত ইউনিপল হৰ্ডিং আঁতৰাবলৈ নিৰ্দেশ লোক নিৰ্মাণ বিভাগৰ ▶️১০...

Related Articles

Popular Categories

Assam
few clouds
36.3 ° C
36.3 °
36.3 °
41 %
1.2kmh
17 %
Sat
36 °
Sun
28 °
Mon
25 °
Tue
32 °
Wed
34 °

লেখনি বিচৰা হৈছেঃ


Follow the Khobor Media Group channel on WhatsApp: https://whatsapp.com/channel/0029Va7zdb21SWswKyHYlX11

লেখনি বিচৰা হৈছেঃ
অসম খবৰ ডিজিটেল সংবাদ গোষ্ঠীৰ বাৰ্ষিক আলোচনী ‘জনকণ্ঠ’ৰ বাবে সৃষ্টিশীল লেখনি বিচৰা হৈছেঃ
প্ৰতিগৰাকী লেখক/লেখিকাৰ বাবে অনুৰোধঃ

📌 লেখাবোৰ সৃজনীমূলক লেখা, যেনে- স্বৰচিত গল্প, প্ৰৱন্ধ, কবিতা, ধাৰাবাহিক উপন্যাস, অনুবাদ সাহিত্য, ভৌতিক গল্প, বিশেষ ব্যক্তিৰ সাক্ষাৎকাৰ, ভ্ৰমণ কাহিনী, ক্ৰীড়া বাৰ্তা, নীলাখামৰ চিঠি, কৌতুক, সাঁথৰ, মহৎ লোকৰ বাণী, কুইজ, সাংবাদিকতাৰ অভিজ্ঞতা, সংবাদ ক্ষেত্ৰৰ ভৱিষ্যত, বুৰঞ্জীমূলক লেখা, স্বাস্থ্য সজাগতা,
ৰাজনীতিৰ ওপৰত লেখা, সৃষ্টিশীল বাতৰি, ছবি, কাৰ্টুন, ফটোগ্ৰাফী ইত্যাদি সামৰি লোৱা হৈছে।
📌 একেজন লিখকৰ একাধিক সৃষ্টিও ইয়াত প্ৰকাশ পাব। চৰ্ত কেৱল প্ৰকাৰ ভিন্ন হোৱাটো বাঞ্চনীয়।
📌আলোচনীত যিকোনো ধৰণৰ লেখা প্ৰকাশ পাবৰ বাবে আপোনাৰ সৃষ্টিৰাজিক স্পষ্টকৈ মোবাইলত বা কম্পিউটাৰ DTP কৰি  asomkhobor@gmail.com অথবা 8404052898 নম্বৰত প্ৰেৰণ কৰিবলৈ অনুৰোধ জনালোঁ।
ইতি-
অসম খবৰ’ পৰিয়ালৰ হৈ
মুখ্য সম্পাদক অশ্বিনী কুমাৰ গগৈ
মুখপাত্ৰ সম্পাদক শ্ৰীমন্ত দাস


This will close in 45 seconds