শেহতীয়া আপডেটঃ

উজনীৰ হৃদপিণ্ড স্বৰূপ শিৱসাগৰ জিলাৰ ৫টা সমষ্টিত ব্যাপক নিৰ্বাচনী কুচকৱাজ

  • কংগ্ৰেছ,বিজেপি,অগপক নতুন আঞ্চলিক দলৰ প্ৰাৰ্থীয়ে লগাইছে আউল
  • অগপ আৰু বিজেপিৰ মাজৰ সমষ্টিক লৈ টনা আজোৰা
  • নতুনকৈ আৰম্ভ হৈছে নিৰ্বাচনী সমীকৰণ

♣ আছিফ আলি, শিৱসাগৰঃ ১০৮নং শিৱসাগৰ সমষ্টিকে ধৰি আমগুৰি নাজিৰা থাঁওৰা আৰু মাহমৰাত শাসক বিৰোধীৰ লগতে নতুন আঞ্চলিক দল অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দলে নিৰ্বাচনৰ বাবে ককালত টঙালী বান্ধিছে৷ ১০৮ নং শিৱসাগৰত সমষ্টি কি কংগ্ৰৃছ কি বিজেপি প্ৰাৰ্থীত্বৰ এখন দীঘলীয়া তালিকা দুয়োটা দলৰ।

প্ৰয়াত প্ৰণৱ গগৈৰ মৃত্যু পৰ্য্যন্ত সুদীৰ্ঘ ১৮টা বছৰে কংগ্ৰেছৰ দখলত থকা দলটোৰ পৰা প্ৰয়াত প্ৰণৱ গগৈৰ দুই পুত্ৰ মনজিৰ গগৈ আৰু প্ৰমীৰ গগৈ কংগ্ৰেছৰ প্ৰাৰ্থীত্ব প্ৰত্যাক্ষী হোৱাৰ লগতে পৰিয়ালকেন্দ্ৰিক ৰাজনীতি পৰা কংগ্ৰেছ দলটো উদ্ধাৰ হ’ব পাৰে নে নাই উল্লেখনীয় হ’ব ইয়াৰোউপৰি অসম প্ৰদেশ কংগ্ৰেছ কমিটিত সম্পাদকদ্বয় কল্যান গগৈ আৰু প্ৰশান্ত গগৈও ৰাইজৰ মাজত জনপ্ৰিয় নেতা আৰু দুয়োৱে শিৱসাগৰৰ জনসংযোগ স্থাপন কৰাত কিছু সফলো হোৱা দেখা গৈছে।

অন্য এজন কংগ্ৰেছৰ যুৱ নেতা প্ৰাক্তন অসম যুৱ কংগ্ৰেছ কমিটিৰ সাধাৰন সম্পাদক শুভ্ৰমিত্ৰ গগৈও ৰাইজৰ মাজত দেখা পোৱা গৈছে।কংগ্ৰেছ আইন কোষৰ সভাপতি বিদ্যুৎ গগৈ আৰু শিৱসাগৰৰ ভোটাৰে ৰাইজে ভালকৈ চিনি নোপোৱা দেৱানন্দ কোঁৱৰৰ পত্নী নিভা কোঁৱৰেও এইবাৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থীত্ব প্ৰত্যাক্ষী।

আনহাতে শাসকীয় বিজেপিয়ে যিকোনো উপায়েৰে শিৱসাগৰ সমষ্টিত নিজৰ বিজয় ধ্বাজা উৰুৱাবলৈ উঠিপৰি লগা পৰিলক্ষিত হৈছে। মুখ্যমন্ত্ৰী, বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ঘনে ঘনে শিৱসাগৰলৈ আগমনৰ লগতে জেৰেঙাত দেশৰ প্ৰধান মন্ত্ৰীয়েও নিজৰ পদধূলিয়ে জনসভা সম্বোধনে ইয়াকে সূচাই যে যিকোনো বিনিময়ত উজনিৰ অন্যতম সন্মানীয় সমষ্টিৰ বিজেপিয়ে দখললৈ আনিব।

শাসকীয় দলৰ হৈ ২০১৫ চনৰ বিধান সভা নিৰ্বাচনত জয়ৰ পদুলিত থমকি ৰব লগা হোৱা শিৱসাগৰ জিলা বিজেপি কমিটিৰ সভানেত্ৰী সুৰভী ৰাজকুঁৱৰী নাম উচ্চাৰিত হৈছে যদিও এইবাৰ তেঁওৰ টিকট পোৱাত হেঙাৰ হ’ব ৰাজ্যিক কাৰ্য্যনিৰ্বাহক সদস্য ভবেন মহন, অবিচি মৰ্চাৰ সভাপতি বিতুপন ৰায়দঙীয়া প্ৰাক্তন মিষ্টাৰ ইণ্ডিয়া বিজিত গগৈ কিষাণ মৰ্চাৰ সম্পাদক মানস সন্দিকৈৰ, বিজেপিৰ যুৱ নেত্ৰী লাকি গগৈৰ লগতে এ পি এচ চি কেলেংকাৰী ফাদিল কৰি অসমৰে চিনাকী নাম ৰাজ্যিক বিজেপিৰ আমন্ত্ৰিত সদস্যা ডাঃ অংশুমিতা গগৈৰ জনপ্ৰিয়তায়েও বাকী সকল বিজেপিৰ প্ৰাৰ্থীত্ব প্ৰত্যাক্ষীৰ কাৰণে ডিপ্ৰেচনৰ কাৰণ হৈ পৰিছে অংশুমিতা গগৈ।

বিজেপি আৰু কংগ্ৰেছৰ প্ৰাৰ্থীত্ব প্ৰত্যাক্ষী সকলৰ ৰণনীতিত গুগলী ডেলিভাৰি হৈছে ৰাইজৰ দলৰ সভাপতি অখিল গগৈ শিৱসাগৰৰ পৰা নিৰ্বাচনৰ প্ৰতিদ্বন্দ্বিতা কৰাটো বিজেপিৰ চুনামীৰ সময়টো কংগ্ৰেছে শিৱসাগৰ সমষ্টিটো নিজৰ দখলত ৰাখিবলৈ সক্ষম হৈছিল। যদিহে কংগ্ৰেছে এই সমষ্টিটো ৰাইজৰ দলৰ বাবে এৰি দিয়ে কংগ্ৰেছৰ তৃণমূল পৰ্য্যায়ৰ কৰ্মী সকলে ৰাজীৱ ভৱনৰ এই সিদ্ধান্তু কিমান গ্ৰহণ কৰিব,সেইবাবে অখিল গগৈক শিৱসাগৰ সমষ্টিটো সহজে এৰি দিয়াটো সন্দেহ আছে অখিল গগৈ কিমান গ্ৰহণ কৰিব আৰু আনহাতে অখিল গগৈয়ে যদি প্ৰতিদন্দিতা কৰে তেতিয়া অখিল গগৈক ভেটিবলৈ বিজেপিৰ প্ৰাৰ্থী হিচাপে শিৱসাগৰৰ সমষ্টিৰ পৰা যোৰহাট লোকসভাৰ সাংসদ তপন কুমাৰ গগৈয়ে পুণৰ ৰাজ্যৰ ৰাজনীতিলৈ প্ৰত্যাৱৰ্তন কৰিব বুলি গুজৱ উলাই আছে। যদিহে তপন কুমাৰ গগৈ নিৰ্বাচনত অৱৰ্তীৰ্ণ হয় তেতিয়া বাকী সকল বিজেপি প্ৰাৰ্থীত্ব প্ৰত্যাক্ষী সকলৰ মনত চেঁচা পানী পৰিব যে খাটাং।

১০৪ নং নাজিৰাঃ ২০১৫চনৰ বিধান সভা নিৰ্বাচনত উজনীৰ যি কেইটা সমষ্টিত কংগ্ৰেছে নিজৰ অস্থিত্ব ৰক্ষা কৰিছিল তাৰ ভিতৰত নাজিৰা অন্যতম প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰয়াত হিতেশ্বৰ শইকীয়ায়ে প্ৰতিনিধিত্ব কৰা সমষ্টিটো এতিয়া কংগ্ৰেছ দলৰ বিধায়িনী দলপতি প্ৰয়াত হিতেশ্বৰ শইকীয়াৰ পুত্ৰ দেৱব্ৰত শইকীয়ায়ে কংগ্ৰেছ ৰ দখলত ৰাখিবলৈ সক্ষম হৈছিল কিন্ত ১৫ ৰ নিৰ্বাচন আৰু ২১ নিৰ্বাচনৰ নাজিৰা সমষ্টি ৰাজনৈতিক সমীকৰণ সলনি হোৱা পৰিলক্ষিত হৈছে কংগ্ৰেছ দল ই সমষ্টিটোত পূৰ্বৰ দৰে অপ্ৰতিদ্বন্দী নহয় দেৱব্ৰত শইকীয়া কংগ্ৰেছৰ একমাত্ৰ টিকট প্ৰত্যাক্ষী হলেও বিজেপি প্ৰাৰ্থী হিচাপে প্ৰায় প্ৰায় খাটাং হিচাপে বিবেচিত হৈ থকা যুৱনেতা ময়ুৰ বৰগোঁহাইয়ে নাজিৰা সমষ্টিতৰ সকলো শ্ৰেণীৰ ৰাইজৰ মাজত জনপ্ৰিয় হোৱা বাবে দেৱব্ৰত শইকীয়াৰ এইবাৰৰ নিৰ্বাচন সহজ নহব ।ইয়াৰোপৰি বিজেপি দলৰ চাহজনগোষ্ঠীৰ শক্তিশালী নেতা প্ৰহ্লাদ গোৱালা ও বিজেপিৰ প্ৰাৰ্থীত্ব প্ৰত্যাক্ষী দৌৰত আছে। যদি ময়ুৰ বৰগোঁহাইয়ে প্ৰাৰ্থীত্ব পায় দিনেশ গোৱালাৰ ভুমিকায়েও বিজেপিৰ জয় পৰাজয়ত নিৰ্ণায়ক হ’ব৷

১০৩ নং আমগুৰিঃ শিৱসাগৰ জিলাৰ আগতিয়াকে নিৰ্বাচনী ভৱিষ্যতবাণী কৰিব নোৱাৰা সমষ্টিটোৱে হৈছে আমগুৰি।এটা সময়ত কংগ্ৰেছ আৰু অগপৰ দপদপনী থকা সমষ্টিটো এতিয়া বিজেপিৰ গণভিত্তি গঢ় লৈ উঠিছে।কংগ্ৰেছ দলৰ একমাত্ৰ প্ৰাৰ্থীত্ব প্ৰত্যাক্ষী প্ৰাক্তন মন্ত্ৰী প্ৰয়াত অঞ্জন দত্ত দুহিতা অসম যুৱ কংগ্ৰেছ কমিটিৰ উপ সভানেত্ৰী অংকিতা দত্ত। আনহাতে বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী অগপৰ প্ৰদীপ হাজৰিকা বৰ্তমান সমষ্টিটোক প্ৰতিনিধিত্ব কৰি আছে আমোদজনক কথাটো হ’ল প্ৰদীপ হাজৰিকা আৰু অগপৰ বাবে কংগ্ৰেছ হেঙাৰ হোৱা নাই হেঙাৰ হৈছে বিজেপি নেতা কৰ্মী সকলহে মিত্ৰজোঁটৰ দল হ’লেও অগপ আৰু বিজেপি নেতা কৰ্মী সকলৰ মাজৰ সংঘাট আৰু বিজেপিৰ সম্ভাৱনীয় প্ৰাৰ্থীৰ নিৰ্বাচনী কুঁচকাৱাজে অগপ শিবিৰক শংকিত কৰি ৰাখিছে। বিজেপিৰ সাম্ভাব্য প্ৰাৰ্থীৰ দৌৰত শিৱসাগৰ জিলা বিজেপিৰ সাধাৰন সম্পাদক প্ৰাঞ্জল কাকতি, ৰাজ্যিক কাৰ্য্যনিৰ্বাহক সদস্যা বিনীতা শইকীয়া দে আৰু অসম কিষাণ মৰ্চাৰ কাৰ্য্যনিৰ্বাহক সদস্য হৰিপ্ৰসন্ন হাজৰিকায়ে প্ৰাৰ্থীত্বৰ বাবে ব্যাপক তৎপৰতা দেখা পোৱা গৈছে আমগুৰিৰ সমষ্টিত কিন্ত আমগুৰি সমষ্টিৰ ভোটাৰৰ ইতিহাস যদি চাঁও এটা দলক ৫ বছৰতকৈ অধিক কাল সুবিধা নিদিয়ে এইবাৰ বিজেপিয়ে তাত থিতাপি লৈছে, অগপ বিজেপিৰ সমষ্টি বুজাবুজিৰ ওপৰতহে নিৰ্ভৰ কৰিব প্ৰদীপ হাজৰিকা আৰু বিজেপি টািকট প্ৰত্যাক্ষী সকলৰ ৰাজনেৈতিক ভৱিষ্যত।

১০৫নং মাহমৰাঃ কংগ্ৰেছৰ দূৰ্পচূৰ্ণ কৰি বিজেপিয়ে ১৫ নিৰ্বাচনত বৰ্তমানৰ ৰাজহ মন্ত্ৰী যোগেন মহন জয়ী হৈছিল আৰু এইবাৰু বিজেপিৰ ১০০ শতাংশ তেঁওৱে পোৱাটো নিশ্চিত অন্য সমষ্টিৰ দৰে এই সমষ্টিৰ প্ৰাৰ্থীত্ব তালিকা দীঘল নহয় কংগ্ৰেছ দলৰো একমাত্ৰ টিকট প্ৰত্যাক্ষী অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সম্পাদক সুৰূজ দিহিঙ্গীয়া এই খিনিৰ লৈকে সমষ্টিটোত দুইকোণীয়া যুঁজৰ সম্ভাৱনা আছিল কিন্ত এতিয়া কংগ্ৰেছ আৰু বিজেপিৰ অনৈ এক প্ৰতিদ্বন্দী হ’ব অসম জাতীয় পৰিষদত ১০ হাজাৰতকৈ অধিক সমৰ্থকলৈ সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন উপ সভাপতি মাণিক গগৈ অজাপাত যোগ দিয়াৰে পৰা আৰু নিৰ্বাচনত অৱতীৰ্ণ হোৱাটোৱে বিজেপি কংগ্ৰেছৰ মূৰৰ কামোৰণি হোৱাটো খাটাং। এই সমষ্টীটোত মাণিক গগৈ জয়ী নহলেও কাৰোবাক যে পৰাজিত কৰাত ইন্ধন যোগাব সচেতন মহলৰ আলোচনাৰ মূল বিষয় কোন জয়ী হব কাৰ পৰাজয়ৰ কাৰক হ’ব মাণিক গগৈ নিৰ্বাচনী ফলাফলত গম পোৱা যাব।

১০৭নং থাওৰা সমষ্টিঃ কুশল দুৱৰী আৰু সুশান্ত বৰঁগোহাই বিজেপি কংগ্ৰেছৰ দুই হভীৱেত প্ৰাৰ্থীয়ে নিজৰ ৰাজনৈতিক যুঁজ দিব থাওৰা সমষ্টিৰ পৰা এতিয়াৰ লৈকে এই সমষ্টিৰ পৰা অন্য প্ৰাৰ্থীৰ নাম চৰ্চাত অহা নাই। বিগত ৫ টা বছৰত শিৱসাগৰ জিৰা কংগ্ৰেছৰ সভাপতি তথা প্ৰাক্তন বিধায়ক সুশান্ত বৰগোহাইয়ে ব্যাপক ৰূপত সমষ্টীত নিজৰ সংগঠনিক দিশ সবল কৰা পৰিলক্ষিত হোৱাৰ বিপৰীতে বৰ্তমানৰ বিধায়ক কুশল দুৱৰীৰ নাম বিভিন্ন চিণ্ডিকেট আদিত সাঙুৰ খোৱাৰ বাবে ৰাজনৈতিকভাৱে ক্ষতিগ্ৰস্ত হোৱাৰ বিপৰীতে জনপ্ৰিয়তাৰ ফালৰ পৰা সুশান্ত বৰগোঁহাই কিছু আগবাঢ়ি আছে কিন্ত ৰাজনীতিত শেষৰাতিৰ খেলতহে উত্তৰ পোৱা যাব কোন জয়ী আৰু কোন পৰাজিত হ’ব।

এই সমীক্ষা বৰ্তমানৰ নিৰ্বাচনৰ দিন কাষ চপাৰ লগে লগে এই সমীক্ষা তাৰাতম্য হব।ৰাজনীতি সকলো সম্ভৱ তেতিয়াও এই সকল প্ৰাৰ্থীৰ ভাগ্য এতিয়া জনতা জনাৰ্দনৰ আঙুলিয়ে নিৰ্ধাৰন কৰিব এই সকল এতিয়া যিমান ৰাইজৰ মাজত জয়ীহৈ সিমান দূৰলৈ ধাপলি মেলিব অসমীয়াত কথা এষাৰ আছে নহয় লংকালৈ গ’লে সকলো ৰাৱন হয়৷

ইফালে নাজিৰা সমষ্টি বিজেপিৰ ধৰ্মেশ্বৰ কোঁৱৰ আৰু শিৱসাগৰ জিলা বিজেপিৰ সাধাৰণ সম্পাদক পলাশ পৱন শইকীয়াও বৰ্তমান অন্যতম শক্তিশালী নেতা৷

album-art
Roi Roi Binale A Zubeen Garg Musical
00:00
Sorry, no results.
Please try another keyword
  • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
  • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
  • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
  • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS
  • ROI ROI BINALE- TITTLE TRACK |ZUBEEN GARG |GEOCONDA VESSICHELLI |
  • Tumar Nilim Kothar Dore | Zubeen Garg | RGS | Roi Roi Binale |
  • Dusokur Kajolere | Zubeen Garg | SABITA SHARMA GOSWAMI, ARUNDHATI BHANU PRIYA | Zeal Creations |
  • Mon Gole-Roi Roi Binale | Zubeen Garg | Achurjya Borpatra | Fency Rajkumari | Zeal Creations" by Zeal Creations.
  • ROI ROI BINALE JUKEBOX | ZUBEEN GARG |
  • FREE BIRD | ZUBEEN GARG |
  • Herowa Chanda- Trailer
spot_imgspot_imgspot_imgspot_img

Latest Posts

বিশেষঃ

Stay in touch

To be updated with all the latest news, offers and special announcements.