শেহতীয়া আপডেটঃ

জাপৰিগোগ, মালয়বাৰী, শুৱালকুছি, তেতেলীয়াৰ ৰাস মহোৎসৱত পথ-সুৰক্ষা সজাগতাৰ ব্যতিক্ৰমী অনুষ্ঠান পৰিবহণ বিভাগৰ

“ভগৱান শ্ৰীকৃষ্ণ”ই যানবাহন ব্যৱহাৰকাৰীক জনালে “পঞ্চসূত্ৰ” মানি চলাৰ আহ্বান, সতৰ্ক কৰিলে গুৰুগোসাই নমনা চালকক

গুৱাহাটীঃ সমাজৰ সৰ্বস্তৰতে পথ-সুৰক্ষা সজাগতাৰ জনসচেতনতা সৃষ্টিৰ প্ৰয়াসেৰে শ্ৰীকৃষ্ণৰ পৱিত্ৰ ৰাস মহোৎসৱৰ বিভিন্ন মঞ্চত পৰিবহণ বিভাগে ব্যতিক্ৰমী কাৰ্যসূচী অব্যাহত ৰাখে। এই উপলক্ষে ৰাজ্যৰ পৰিবহণ বিভাগৰ বিশেষ কতৰ্ব্যৰত বিষয়া আৰু কামৰূপ মহানগৰ জিলাৰ অতিৰিক্ত দায়িত্ববাহী জিলা পৰিবহণ বিষয়া গৌতম দাসৰ পৰিকল্পনা আৰু তত্বাৱধানত শনিবাৰে নিশা মহানগৰীৰ সমীপৱৰ্তী মালয়বাৰী মালৈক্ষেত্ৰত অনুষ্ঠিত ৰাস মহোৎসৱৰ সাংস্কৃতিক সন্ধিয়াত বৃহৎসংখ্যক জনগণৰ উপস্থিতিত পথ-সুৰক্ষা সজাগতাৰ বিশেষ কাৰ্যসূচী অনুষ্ঠিত হয়। একেদৰে যোৱা কেইদিনত জাপৰিগোগ জনজাতি যুৱক সংঘৰ ৰাস মহোৎসৱ, শুৱালকুছি ৰাস মহোৎসৱ আৰু তেতেলীয়া গান্ধী নগৰ ৰাস মহোৎসৱৰ মঞ্চতো যানবাহন চালনাৰ নীতিনিয়মৰ আধাৰত পথ সুৰক্ষা সজাগতামূলক নাটক, প্ৰচাৰ পুস্তিকা বিতৰণৰ উপৰি জনপ্ৰিয় কন্ঠশিল্পী কল্লোল বৰঠাকুৰ, গোপেশ চৌধুৰী আৰু ৰঞ্জন তেৰনৰ পথ-সুৰক্ষা সজাগতামূলক গীত পৰিবেশনেৰে পথ সুৰক্ষাৰ সজাগতা সৃষ্টিৰ প্ৰয়াস কৰা হয়।

পৰিবহণৰ বিশেষ কতৰ্ব্যৰত বিষয়া গৌতম দাসে মালয়বাৰী ৰাসত আদৰৰ অতিথি, মহানগৰীৰ জাপৰিগোগ জনজাতি যুৱক সংঘৰ ৰাস মহোৎসৱৰ সাংস্কৃতিক সন্ধিয়াৰ উদ্বোধক, শুৱালকুছি ৰাস মহোৎসৱৰ জীৱন্ত ৰাস-সাংস্কৃতিক সন্ধিয়াৰ উদ্বোধক আৰু তেতেলীয়াৰ গান্ধী নগৰ ৰাস মহোৎসৱৰ উদ্বোধক হিচাপে উপস্থিত থাকি বৃহৎ সংখ্যক জনগণৰ উপস্থিতিত শ্ৰীকৃষ্ণৰ মাহাত্ম্য তথা পৱিত্ৰ ৰাসলীলা সন্দৰ্ভত ব্যক্তব্য আগবঢ়োৱাৰ পিছতে পথত যাতায়াত কৰা সময়ত সকলোকে সুৰক্ষা, সজাগতাক অগ্ৰাধিকাৰ দিবলৈ আহ্বান জনায়।

সমগ্ৰ ভাৰতবৰ্ষৰ লগতে অসমত সংঘটিত পথ দুৰ্ঘটনাত নিহতৰ উপৰি গুৰুতৰভাৱে আহত হৈ পঙ্গুত্ব কটাবলগীয়া লোকৰ তথ্য সদৰি কৰি সমাজ জীৱনলৈ কঢ়িয়াই অনা ভয়াবহতাৰ কথা উল্লেখ কৰে। দুৰ্ঘটনাত নিহত, আহতসকল আমাৰেই বাই-ভনী, পেহা-পেহী, মাহি-মোহা আনকি বহুতৰ মা-দেউতা পৰ্যন্ত বুলি উল্লেখ কৰি যানবাহন ব্যৱহাৰকাৰীক সামাজিক দায়বদ্ধতা আৰু নৈতিক কতৰ্ব্যবোধ সন্দৰ্ভত সজাগ হ’বলৈ সবিনয়ে আহ্বান জনায়। ৰাজ্যৰ ৰাজধানী চহৰ গুৱাহাটীত দিনে নিশাই প্ৰতিটো মুহূৰ্ততে লানি নিছিগাকৈ লাখ লাখ বাহন চলি থকা অৱস্থাত আৰক্ষী অথবা পৰিবহণ বিভাগৰ সীমিতসংখ্যক লোকে সকলোকে সমানে সুৰক্ষা দিয়াটো সম্ভৱ নহয় বুলি উল্লেখ কৰি সকলোকে নিজৰ সুৰক্ষা আৰু দায়বদ্ধতাৰ কথা মনত ৰাখিবলৈ আহ্বান জনায়।

নিজে সুৰক্ষিত হৈ থাকি আনকো সুৰক্ষা প্ৰদান কৰিলে আমি সকলোৱে মিলি নিংসন্দেহে অসমক এখন দুৰ্ঘটনামুক্ত ৰাজ্য হিচাপে গঢ়ি তুলিব পাৰিম বুলিও তেওঁ গুৰুত্বপূৰ্ণ বক্তব্য আগবঢ়াই। অনুষ্ঠানত ৰাসলীলাৰ চলেৰে নাট্যকাৰ পৰিচালক চন্দ্ৰশেখৰ দাসৰ ৰচনা-পৰিচালনাত অনুষ্ঠিত সজাগতামূলক নাটকত পৰিবহণ বিভাগ আৰু আৰক্ষীৰূপী “ভগৱান শ্ৰীকৃষ্ণ” আৰ্ৱিভাব হৈ মত্যত দিনকদিনে পথ দুৰ্ঘটনা বৃদ্ধি পোৱাত আশ্চৰ্য প্ৰকাশ কৰে৷ ভগৱান শ্ৰীকৃষ্ণই সকলোকে উদ্যেশ্যি জনালে যানবাহন চলাওঁতে সকলো সময়তে “পঞ্চসূত্ৰ” মানি চলাৰ আহ্বান, সতৰ্ক কৰি দিলে গুৰুগোসাই নমনা, আইন উলংঘাকাৰী চালকক৷ দুচকীয়া বাহনৰ চালক-আৰোহী উভয়কে হেলমেট, চাৰিচকীয়া বাহনত সকলোকে ছীটবেল্ট পৰিধান, নিচাযুক্ত দ্ৰব্য সেৱন কৰি কোনোৱে যাতে বাহন নচলায়, দ্ৰুতগতি পৰিহাৰ কৰি নিয়ন্ত্ৰিত গতিতহে বাহন চলায় আৰু গাড়ী চলাই থাকোতে মোবাইল ফোন ব্যৱহাৰ কৰি অন্যমনস্কতাৰে যাতে জীৱনটো স্তব্ধ কৰি নেপেলাই তাৰ বাবে তেওঁ সকলোকে সতৰ্ক কৰি দি নাটকীয়তাৰ মাজেৰে অন্তৰ্ধান হয়।

album-art
Roi Roi Binale A Zubeen Garg Musical
00:00
Sorry, no results.
Please try another keyword
  • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
  • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
  • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
  • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS
  • ROI ROI BINALE- TITTLE TRACK |ZUBEEN GARG |GEOCONDA VESSICHELLI |
  • Tumar Nilim Kothar Dore | Zubeen Garg | RGS | Roi Roi Binale |
  • Dusokur Kajolere | Zubeen Garg | SABITA SHARMA GOSWAMI, ARUNDHATI BHANU PRIYA | Zeal Creations |
  • Mon Gole-Roi Roi Binale | Zubeen Garg | Achurjya Borpatra | Fency Rajkumari | Zeal Creations" by Zeal Creations.
  • ROI ROI BINALE JUKEBOX | ZUBEEN GARG |
  • FREE BIRD | ZUBEEN GARG |
  • Herowa Chanda- Trailer
spot_imgspot_imgspot_imgspot_img

Latest Posts

বিশেষঃ

Stay in touch

To be updated with all the latest news, offers and special announcements.