শেহতীয়া আপডেটঃ

বিশ্বনাথ চাৰিআলি প্ৰেছ ক্লাবৰ জৰুৰী সভা শিক্ষক প্ৰশান্ত মহন্তৰ বিৰুদ্ধে প্ৰস্তাৱ গ্ৰহন শিক্ষক গৰাকীক বৰ্জন প্ৰেছ ক্লাবৰ

বিশ্বনাথ চাৰিআলি প্ৰেছ ক্লাবৰ জৰুৰী সভা
শিক্ষক প্ৰশান্ত মহন্তৰ বিৰুদ্ধে প্ৰস্তাৱ গ্ৰহন
শিক্ষক গৰাকীক বৰ্জন প্ৰেছ ক্লাবৰ

বিশ্বনাথ চাৰিআলি ১৫ ছেপ্টেম্বৰ

শুক্ৰবাৰে বিশ্বনাথ চাৰিআলি প্ৰেছ ক্লাবৰ কাৰ্যালয়ত প্ৰেছ ক্লাবৰ এখন জৰুৰী সভা অনুষ্ঠিত হয়।বিশ্বনাথ চাৰিআলি প্ৰেছ ক্লাবৰ সম্পাদক আমিৰ খানে উদ্দেশ্য বাখ্যা কৰা সভাখনত সভাপতিত্ব কৰে পুলক হাজৰিকাই। এই সভাত সৰ্বসন্মতি ক্ৰমে বিশ্বনাথৰ এগৰাকী শিক্ষকৰ বিৰুদ্ধে প্ৰস্তাৱ গ্ৰহন কৰা হয়। উল্লেখ্য যে, বিশ্বনাথৰ খৰাশিমলু হাইস্কুলৰ প্ৰশান্ত মহন্ত নামৰ শিক্ষক গৰাকীয়ে বিগত কিছুদিন ধৰি ধাৰাবাহিক ভাবে সামাজিক মাধ্যমত বিশ্বনাথৰ সাংবাদিক সকলৰ বিৰুদ্ধে কটু মন্তব্য প্ৰদান কৰাৰ লগতে বিভিন্ন মনেসজা অভিযোগ উত্থাপন কৰি সাংবাদিক সকলক ৰাইজৰ আগত হেয় প্ৰতিপন্ন কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে। আনহাতে পূৰ্বেও প্ৰশান্ত মহন্তই বিশ্বনাথৰ সাংবাদিক সকলৰ বিৰুদ্ধে সামাজিক মাধ্যমত কটু তথা অশ্লীল মন্তব্য প্ৰদান কৰাত বিশ্বনাথৰ সাংবাদিক সকলে আইনৰ সহায় লৈছিল। অৱশ্যে পৰবৰ্তী সময়ত প্ৰশান্ত মহন্তই ভৱিষ্যতে এনে কাম নকৰো বুলি আৰক্ষীৰ ওচৰত লিখিত ভাবে দিয়াৰ লগতে ক্ষমা মাৰ্জনা বিচাৰি আৱেগিক হৈ পৰাৰ বাবে মানবীয়তাৰ নিদৰ্শন দাঙি ধৰি তেখেতৰ বিৰুদ্ধে আইনী ব্যৱস্থা লোৱাৰ পৰা বিৰত আছিল বিশ্বনাথ চাৰিআলি প্ৰেছ ক্লাব। কিন্তু প্ৰশান্ত মহন্তই নিজৰ প্ৰতিশ্ৰুতি ৰক্ষা নকৰাৰ লগতে বিগত কিছু দিন ধৰি পুনৰ বিশ্বনাথৰ সাংবাদিক সকলৰ বিৰুদ্ধে ধাৰাবাহিক ভাবে কটু মন্তব্য কৰাৰ লগতে সমাজত সাংবাদিক সকলৰ ভাৱমূৰ্তী ম্লান কৰাৰ চেষ্টা অব্যাহত ৰাখিছে। সেয়েহে আজি জৰুৰী সভাৰ জৰিয়তে বিশ্বনাথ চাৰিআলি প্ৰেছ ক্লাবে প্ৰশান্ত মহন্তৰ এনে কাৰ্যক গৰিহনা দিয়াৰ লগতে প্ৰশান্ত মহন্ত জড়িত থকা যি কোনো অনুষ্ঠান প্ৰতিষ্ঠানৰ বাতৰি প্ৰকাশ কৰাৰ পৰা বিৰত থকাৰ প্ৰস্তাৱ লৈ সিদ্ধান্ত গ্ৰহন কৰা হৈছে।এক কথাত প্ৰশান্ত মহন্তক বিশ্বনাথ চাৰিআলি প্ৰেছ ক্লাবে বৰ্জন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে।
ইফালে বিশ্বনাথৰ সমূহ অনুষ্ঠান প্ৰতিষ্ঠান তথা বিভিন্ন দল সংগঠনক অৱগত কৰিছে যে প্ৰশান্ত মহন্ত জড়িত থকা আৰু উপস্থিত থকা সকলো অনুষ্ঠানক বিশ্বনাথ চাৰিআলি প্ৰেছ ক্লাবে অসহযোগ কৰিব৷ এই সম্পৰ্কত সকলো সংগঠনক প্ৰেছ ক্লাবে পত্ৰযোগে অৱগত কৰাৰ প্ৰস্তাৱ গ্ৰহন কৰে৷

album-art
Roi Roi Binale A Zubeen Garg Musical
00:00
Sorry, no results.
Please try another keyword
  • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
  • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
  • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
  • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS
  • ROI ROI BINALE- TITTLE TRACK |ZUBEEN GARG |GEOCONDA VESSICHELLI |
  • Tumar Nilim Kothar Dore | Zubeen Garg | RGS | Roi Roi Binale |
  • Dusokur Kajolere | Zubeen Garg | SABITA SHARMA GOSWAMI, ARUNDHATI BHANU PRIYA | Zeal Creations |
  • Mon Gole-Roi Roi Binale | Zubeen Garg | Achurjya Borpatra | Fency Rajkumari | Zeal Creations" by Zeal Creations.
  • ROI ROI BINALE JUKEBOX | ZUBEEN GARG |
  • FREE BIRD | ZUBEEN GARG |
  • Herowa Chanda- Trailer
spot_imgspot_imgspot_imgspot_img

Latest Posts

বিশেষঃ

Stay in touch

To be updated with all the latest news, offers and special announcements.