Saturday, May 24, 2025
33 C
Guwahati

বিশ্বনাথ চাৰিআলি প্ৰেছ ক্লাবৰ জৰুৰী সভা শিক্ষক প্ৰশান্ত মহন্তৰ বিৰুদ্ধে প্ৰস্তাৱ গ্ৰহন শিক্ষক গৰাকীক বৰ্জন প্ৰেছ ক্লাবৰ

- Advertisement -
- Advertisement -
- Advertisement -
- Advertisement -

বিশ্বনাথ চাৰিআলি প্ৰেছ ক্লাবৰ জৰুৰী সভা
শিক্ষক প্ৰশান্ত মহন্তৰ বিৰুদ্ধে প্ৰস্তাৱ গ্ৰহন
শিক্ষক গৰাকীক বৰ্জন প্ৰেছ ক্লাবৰ

বিশ্বনাথ চাৰিআলি ১৫ ছেপ্টেম্বৰ

শুক্ৰবাৰে বিশ্বনাথ চাৰিআলি প্ৰেছ ক্লাবৰ কাৰ্যালয়ত প্ৰেছ ক্লাবৰ এখন জৰুৰী সভা অনুষ্ঠিত হয়।বিশ্বনাথ চাৰিআলি প্ৰেছ ক্লাবৰ সম্পাদক আমিৰ খানে উদ্দেশ্য বাখ্যা কৰা সভাখনত সভাপতিত্ব কৰে পুলক হাজৰিকাই। এই সভাত সৰ্বসন্মতি ক্ৰমে বিশ্বনাথৰ এগৰাকী শিক্ষকৰ বিৰুদ্ধে প্ৰস্তাৱ গ্ৰহন কৰা হয়। উল্লেখ্য যে, বিশ্বনাথৰ খৰাশিমলু হাইস্কুলৰ প্ৰশান্ত মহন্ত নামৰ শিক্ষক গৰাকীয়ে বিগত কিছুদিন ধৰি ধাৰাবাহিক ভাবে সামাজিক মাধ্যমত বিশ্বনাথৰ সাংবাদিক সকলৰ বিৰুদ্ধে কটু মন্তব্য প্ৰদান কৰাৰ লগতে বিভিন্ন মনেসজা অভিযোগ উত্থাপন কৰি সাংবাদিক সকলক ৰাইজৰ আগত হেয় প্ৰতিপন্ন কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে। আনহাতে পূৰ্বেও প্ৰশান্ত মহন্তই বিশ্বনাথৰ সাংবাদিক সকলৰ বিৰুদ্ধে সামাজিক মাধ্যমত কটু তথা অশ্লীল মন্তব্য প্ৰদান কৰাত বিশ্বনাথৰ সাংবাদিক সকলে আইনৰ সহায় লৈছিল। অৱশ্যে পৰবৰ্তী সময়ত প্ৰশান্ত মহন্তই ভৱিষ্যতে এনে কাম নকৰো বুলি আৰক্ষীৰ ওচৰত লিখিত ভাবে দিয়াৰ লগতে ক্ষমা মাৰ্জনা বিচাৰি আৱেগিক হৈ পৰাৰ বাবে মানবীয়তাৰ নিদৰ্শন দাঙি ধৰি তেখেতৰ বিৰুদ্ধে আইনী ব্যৱস্থা লোৱাৰ পৰা বিৰত আছিল বিশ্বনাথ চাৰিআলি প্ৰেছ ক্লাব। কিন্তু প্ৰশান্ত মহন্তই নিজৰ প্ৰতিশ্ৰুতি ৰক্ষা নকৰাৰ লগতে বিগত কিছু দিন ধৰি পুনৰ বিশ্বনাথৰ সাংবাদিক সকলৰ বিৰুদ্ধে ধাৰাবাহিক ভাবে কটু মন্তব্য কৰাৰ লগতে সমাজত সাংবাদিক সকলৰ ভাৱমূৰ্তী ম্লান কৰাৰ চেষ্টা অব্যাহত ৰাখিছে। সেয়েহে আজি জৰুৰী সভাৰ জৰিয়তে বিশ্বনাথ চাৰিআলি প্ৰেছ ক্লাবে প্ৰশান্ত মহন্তৰ এনে কাৰ্যক গৰিহনা দিয়াৰ লগতে প্ৰশান্ত মহন্ত জড়িত থকা যি কোনো অনুষ্ঠান প্ৰতিষ্ঠানৰ বাতৰি প্ৰকাশ কৰাৰ পৰা বিৰত থকাৰ প্ৰস্তাৱ লৈ সিদ্ধান্ত গ্ৰহন কৰা হৈছে।এক কথাত প্ৰশান্ত মহন্তক বিশ্বনাথ চাৰিআলি প্ৰেছ ক্লাবে বৰ্জন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে।
ইফালে বিশ্বনাথৰ সমূহ অনুষ্ঠান প্ৰতিষ্ঠান তথা বিভিন্ন দল সংগঠনক অৱগত কৰিছে যে প্ৰশান্ত মহন্ত জড়িত থকা আৰু উপস্থিত থকা সকলো অনুষ্ঠানক বিশ্বনাথ চাৰিআলি প্ৰেছ ক্লাবে অসহযোগ কৰিব৷ এই সম্পৰ্কত সকলো সংগঠনক প্ৰেছ ক্লাবে পত্ৰযোগে অৱগত কৰাৰ প্ৰস্তাৱ গ্ৰহন কৰে৷

- Advertisement -

Hot this week

ASSAM RIFLES CONDUCTS CAREER COUNSELING SESSION AT JIRIBAM

● Assam Rifles conducted a career counseling session aimed...
00:05:02

‘জীৱনৰ ৰামধেনু’ আপোনাৰ বাবে এক নিৰ্ভৰযোগ্য মঞ্চ

▶️আপুনি সাহিত্য চৰ্চা কৰি ভাল পায় নেকি? ▶️আপুনি মনৰ অনুভৱ...

Topics

বিশ্বনাথত অনা অসমীয়া ব্যৱসায়ীৰ কু কাণ্ড

বিশ্বনাথত অনা অসমীয়া ব্যৱসায়ীৰ কু কাণ্ড অসম খবৰ বিশ্বনাথ ২১...
00:05:02

‘জীৱনৰ ৰামধেনু’ আপোনাৰ বাবে এক নিৰ্ভৰযোগ্য মঞ্চ

▶️আপুনি সাহিত্য চৰ্চা কৰি ভাল পায় নেকি? ▶️আপুনি মনৰ অনুভৱ...

ASSAM RIFLES CONDUCTS CAREER COUNSELING SESSION AT JIRIBAM

● Assam Rifles conducted a career counseling session aimed...

গুৱাহাটীৰ মাজমজিয়াত ইউনিপল হৰ্ডিং আঁতৰাবলৈ নিৰ্দেশ লোক নিৰ্মাণ বিভাগৰ

▶️গুৱাহাটীৰ মাজমজিয়াত ইউনিপল হৰ্ডিং আঁতৰাবলৈ নিৰ্দেশ লোক নিৰ্মাণ বিভাগৰ ▶️১০...

Related Articles

Popular Categories

Assam
few clouds
36.3 ° C
36.3 °
36.3 °
41 %
1.2kmh
17 %
Sat
36 °
Sun
28 °
Mon
25 °
Tue
32 °
Wed
34 °

লেখনি বিচৰা হৈছেঃ


Follow the Khobor Media Group channel on WhatsApp: https://whatsapp.com/channel/0029Va7zdb21SWswKyHYlX11

লেখনি বিচৰা হৈছেঃ
অসম খবৰ ডিজিটেল সংবাদ গোষ্ঠীৰ বাৰ্ষিক আলোচনী ‘জনকণ্ঠ’ৰ বাবে সৃষ্টিশীল লেখনি বিচৰা হৈছেঃ
প্ৰতিগৰাকী লেখক/লেখিকাৰ বাবে অনুৰোধঃ

📌 লেখাবোৰ সৃজনীমূলক লেখা, যেনে- স্বৰচিত গল্প, প্ৰৱন্ধ, কবিতা, ধাৰাবাহিক উপন্যাস, অনুবাদ সাহিত্য, ভৌতিক গল্প, বিশেষ ব্যক্তিৰ সাক্ষাৎকাৰ, ভ্ৰমণ কাহিনী, ক্ৰীড়া বাৰ্তা, নীলাখামৰ চিঠি, কৌতুক, সাঁথৰ, মহৎ লোকৰ বাণী, কুইজ, সাংবাদিকতাৰ অভিজ্ঞতা, সংবাদ ক্ষেত্ৰৰ ভৱিষ্যত, বুৰঞ্জীমূলক লেখা, স্বাস্থ্য সজাগতা,
ৰাজনীতিৰ ওপৰত লেখা, সৃষ্টিশীল বাতৰি, ছবি, কাৰ্টুন, ফটোগ্ৰাফী ইত্যাদি সামৰি লোৱা হৈছে।
📌 একেজন লিখকৰ একাধিক সৃষ্টিও ইয়াত প্ৰকাশ পাব। চৰ্ত কেৱল প্ৰকাৰ ভিন্ন হোৱাটো বাঞ্চনীয়।
📌আলোচনীত যিকোনো ধৰণৰ লেখা প্ৰকাশ পাবৰ বাবে আপোনাৰ সৃষ্টিৰাজিক স্পষ্টকৈ মোবাইলত বা কম্পিউটাৰ DTP কৰি  asomkhobor@gmail.com অথবা 8404052898 নম্বৰত প্ৰেৰণ কৰিবলৈ অনুৰোধ জনালোঁ।
ইতি-
অসম খবৰ’ পৰিয়ালৰ হৈ
মুখ্য সম্পাদক অশ্বিনী কুমাৰ গগৈ
মুখপাত্ৰ সম্পাদক শ্ৰীমন্ত দাস


This will close in 45 seconds