শেহতীয়া আপডেটঃ

বিশ্বনাথৰ ফুলবাৰী-সোনাজুলিত উগ্ৰপন্থীৰ নৰহত্যাস্থলীত সপ্তম বাৰ্ষিক স্মৃতি দিৱস উদযাপন Video

বিশ্বনাথৰ ফুলবাৰী-সোনাজুলিত উগ্ৰপন্থীৰ নৰহত্যাস্থলীত সপ্তম বাৰ্ষিক স্মৃতি দিৱস উদযাপন

বিশ্বনাথৰ পৰা ৰমেশ চন্দ্ৰ চৰেণ , ২৪ ডিচেম্বৰ ঃ বিশ্বনাথ জিলাৰ অসম অৰুণাচল সীমান্তৱৰ্তীৰ ফুলবাৰী-সোনাজুলিত এন,ডি. এফ . বি (সংবিজিত) উগ্ৰপন্থী গোটৰ দ্বাৰা সংঘটিত হোৱা নৰহত্যা স্থলীত পালন কৰা হয় ২০১৪ চনৰ ২৩ ডিচেম্বৰ তাৰিখে উগ্ৰপন্থীৰ গুলীত নিহত হোৱা চাওঁতালী লোকৰ স্মৃতিত সপ্তম বাৰ্ষিক স্মৃতি দিৱস ৷

দেশ কপাই যোৱা এই লোমহৰ্ষক হত্যাকাণ্ডক এতিয়াও পাহৰিব পৰা নাই ফুলবাৰী-সোনাজুলিৰ ৰাইজে ৷


আবালবৃদ্ধবনিতাকে ধৰি ৩০ জনকৈ নিৰিহ লোকক গুলীয়াই হত্যা কৰা কালসন্ধিয়াৰ সেই মৰ্মান্তিক ঘটনা ৷ উগ্ৰপন্থীয়ে খেদি খেদি গুলীয়াই হত্যা কৰিছিল নিৰিহ চাওঁতালী লোকক ৷

কলা অধ্যায়ৰ সুচনা হোৱা সেই দিনটোতে ফুলবাৰী-সোনাজুলিৰ ৰাইজে নিহত লোক সকলক এটোপাল চকুলোৰে শ্ৰদ্ধাঞ্জলী জনোৱাৰ উদ্দেশ্যে বিগত বৰ্ষত পালন কৰাৰ দৰে এই বছৰতো পালন কৰিছে সপ্তম বাৰ্ষিক স্মৃতি দিৱস ৷

কাৰ্যসুচী অনুসৰি বিশ্বনাথ জিলা চাওঁতাল ছাত্ৰ সন্থা আৰু সদৌ অসম আদিবাসী ছাত্ৰ সন্থা বিশ্বনাথ জিলা সমিতিৰ যুটীয়া উদ্যোগত আৰু স্থানীয় দল সংগঠন আৰু ৰাইজৰ সহযোগত ফুলবাৰী স্মৃতিসৌধ প্ৰাঙ্গণত অনুষ্ঠিত হোৱা স্মৃতি দিৱসত প্ৰথমে চাওঁতাল ছাত্ৰ সন্থা আৰু আদিবাসী ছাত্ৰ সন্থাৰ পতাকা উত্তোলন কৰা হয় ৷ ৯:৩০ বজাত বিশ্বনাথ জিলা অতিৰিক্ত উপায়ুক্ত ৰ দ্বাৰা বন্তি প্ৰজ্বলন স্মৃতিতৰ্পণ অনুষ্ঠান সম্পন্ন হয় ৷ পুৱা ১০ বজাত নিহত হোৱা সকলৰ আত্মাৰ চিৰশান্তি কামনাৰ্থে সৰ্বধৰ্মীয় প্ৰাৰ্থনা সভাও অনুষ্ঠিত কৰা হয় ৷

তৎপশ্চাৎ দুপৰীয়া ১২ বজাৰ লগে লগে অনুষ্ঠিত হোৱা মুলসভাত মুখ্য অতিথি হিচাবে সদৌ চাওঁতাল ছাত্ৰ সন্থাৰ সভাপতি মিন্টু হেমৰম আৰু সদৌ আদিবাসী ছাত্ৰ সন্থাৰ সভাপতি প্ৰদীপ নাগে অংশগ্ৰহণ কৰে ৷ বিশিষ্ট অতিথি ৰূপে সদৌ চাওঁতাল ছাত্ৰ সন্থাৰ সম্পাদক ৰিমান চৰেণ , প্ৰাক্তন আছু নেতা দুলদুল বৰকটকী , গুৱাহাটী বেলতলাৰ নিৰ্যাতিতা লক্ষ্মী ওৰাঙ , সদৌ চাওঁতাল ছাত্ৰ সন্থাৰ উপসভাপতি বিমল হেমৰম , সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সম্পাদক দিব্যজ্যোতি বৰুৱা , আছু নেতা আজমত শ্বেখকে প্ৰমুখ্যে কেইবা গৰাকী বিশিষ্ট ব্যক্তি অংশগ্ৰহণ কৰে ৷সভাত সকলোৱে উগ্ৰপন্থীৰ দ্বাৰা সংঘটিত হোৱা হত্যাকাণ্ডক তীব্ৰ ভাষাৰে নিন্দা কৰে ৷ লগতে পিছপৰা বৃহত্তৰ অসম অৰুণাচল সীমান্তৱৰ্তীৰ ফুলবাৰী -সোনাজুলিত আজিকোপতি চৰকাৰে যথোপযুক্ত সুবিধা প্ৰদান কৰা নাই বুলি ক্ষোভ প্ৰকাশ কৰে ৷ আনকি ভুমি অধিকাৰৰ পৰাও বঞ্চিত কৰি ৰাখিছে চাওঁতাল তথা আদিবাসী সকলক ৷

দীৰ্ঘদিন ধৰি অৱহেলিত কৰি ৰখা আদিবাসী তথা চাওঁতালী লোকসকলক মানৱ সম্পদ ৰূপে গঢ় দিব পৰাকৈ শিক্ষা স্বাস্থ্যকে ধৰি উপযুক্ত সুবিধা প্ৰদান কৰাৰ আহ্বান জনাই সংগঠনৰ বিষয়ববীয়া সকলে ৷ কালি সন্ধিয়া স্মৃতিসৌধত বন্তি প্ৰজ্বলনেৰে অনুষ্ঠানৰ সফল সামৰণি পৰে ৷

album-art
Roi Roi Binale A Zubeen Garg Musical
00:00
Sorry, no results.
Please try another keyword
  • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
  • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
  • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
  • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS
  • ROI ROI BINALE- TITTLE TRACK |ZUBEEN GARG |GEOCONDA VESSICHELLI |
  • Tumar Nilim Kothar Dore | Zubeen Garg | RGS | Roi Roi Binale |
  • Dusokur Kajolere | Zubeen Garg | SABITA SHARMA GOSWAMI, ARUNDHATI BHANU PRIYA | Zeal Creations |
  • Mon Gole-Roi Roi Binale | Zubeen Garg | Achurjya Borpatra | Fency Rajkumari | Zeal Creations" by Zeal Creations.
  • ROI ROI BINALE JUKEBOX | ZUBEEN GARG |
  • FREE BIRD | ZUBEEN GARG |
  • Herowa Chanda- Trailer
spot_imgspot_imgspot_imgspot_img

Latest Posts

বিশেষঃ

Stay in touch

To be updated with all the latest news, offers and special announcements.