শেহতীয়া আপডেটঃ

৪৫ সংখ্যক গণেশগুৰি ৰঙালী বিহু সম্মিলন: আজি লাইখুটা স্থাপন

● গুৱাহাটী মহানগৰীৰ গণেশগুৰিত অহা ৩১ চ’ত, ১ আৰু ২ ব’হাগ (ইং ১৪, ১৫ আৰু ১৬ এপ্রিল, ২০২৫) তাৰিখে তিনিদিনীয়া বর্ণাঢ্য কাৰ্যসূচীৰে গোপাল বড়ো চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত ৪৫ সংখ্যক গণেশগুৰি ৰঙালী বিহু সম্মিলনৰ আয়োজন কৰিছে। সেই উপলক্ষে ২ চ’ত (ইং ১৬ মার্চ, ২০২৫) তাৰিখে ৰাতিপুৱা ১০.০০ বজাত ৪৫ সংখ্যক গণেশগুৰি বঙালী বিহু সম্মিলনৰ লাইখুঁটা স্থাপন কৰা হয়। লাইখুটা স্থাপন কৰে গোপাল বড়ো চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ্য ইন্দ্রানী তালুকদাৰে।

উদ্যোক্তাসকলে জনোৱা মতে বিহুৰ প্ৰথম দিনৰ কাৰ্যসূচী অনুসৰি অহা ৩১ চ’ত (ইং ১৪ এপ্রিল, ২০২৫) তাৰিখে ৰাতিপুৱা ১০.০০ বজাত পতাকা উত্তোলন। উত্তোলন কৰিব বিশিষ্ট সমাজসেৱিকা পদ্মা ঠাকুৰীয়া বড়োৱে।

ৰাতিপুৱা ১০.৩০ বজাত গৰু বিহু উদযাপন কৰা হ’ব। দিনৰ ১১.০০ বজাত স্মৃতিগ্রন্থ “বর্হমথুৰি” উন্মোচন কৰিব তথ্য আৰু জনসংযোগ বিভাগৰ সঞ্চালক মানবেন্দ্র দেৱ ৰয়ে। দিনৰ ১২.০০ বজাত খেল-ধেমালি প্রতিযোগিতা আৰু কুইজ প্রতিযোগিতা। আবেলি ৩.০০ বজাত মৌ-কুঁৱৰী আৰু জেং বিহু প্রতিযোগিতা। মৌ-কুঁৱৰী প্রতিযোগিতাৰ প্ৰথম পুৰস্কাৰ নগদ ১০,০০০ টকা আৰু বঁটা, দ্বিতীয় পুৰস্কাৰ নগদ ৭,০০০ টকা আৰু বঁটা, তৃতীয় পুৰস্কাৰ নগদ ৫,০০০ টকা আৰু বঁটা। ঠিক একেধৰণে জেং বিহু প্রতিযোগিতাৰ প্রথম পুৰস্কাৰ নগদ ১০,০০০ টকা আৰু বঁটা, দ্বিতীয় পুৰস্কাৰ নগদ ৭,০০০ টকা আৰু বঁটা, তৃতীয় পুৰস্কাৰ নগদ ৫,০০০ টকা আৰু বঁটা।

সন্ধিয়া ৭.০০ বজাত বস্তি প্রজ্বলন ও শ্রদ্ধাঞ্জলি অনুষ্ঠান। বস্তি প্রজ্বলন কৰিব দিশপুৰ পলিক্লিনিক এণ্ড হাস্পতাল প্রাঃ লিমিটেডৰ পৰিচালন সঞ্চালিকা ডাঃ জুতিমালা বৰদলৈ ভট্টাচাৰ্য্যই। সন্ধিয়া ৭.৩০ বজাত সাংস্কৃতিক অনুষ্ঠান উদ্বোধন কৰিব অসম চৰকাৰৰ পৰিবহণ বিভাগৰ বিশেষ কর্তব্যৰত বিষয়া আৰু কামৰূপ মহানগৰ জিলাৰ অতিৰিক্ত দায়িত্ববাহী জিলা পৰিবহণ বিষয়া গৌতম দাসে। সাংস্কৃতিক সন্ধিয়াত জনপ্রিয় কণ্ঠশিল্পী জুবিন গাৰ্গৰ গীতৰ লগতে বাৰেৰহণীয়া অনুষ্ঠানৰ আয়োজন কৰিছে। দ্বিতীয় দিনৰ কাৰ্যসূচী অনুসৰি অহা ১ ব’হাগ (ইং ১৫ এপ্রিল, ২০২৫) তাৰিখে ৰাতিপুৱা ১০.০০ বজাত চিত্রাংকণ প্রতিযোগিতা। আবেলি ৩.০০ বজাত মৌ-কুঁৱৰী আৰু জেং বিহু প্রতিযোগিতা। সন্ধিয়া ৭.০০ বজাত সাংস্কৃতিক অনুষ্ঠান উদ্বোধন কৰিব মানৱ সম্পদ উন্নয়ন তথা ক্ষেত্র প্রশাসক, অইল ইণ্ডিয়া লিমিটেড, দুলীয়াজানৰ কার্যবাহী সঞ্চালক মাধুর্য্য বৰুৱাই। সাংস্কৃতিক সন্ধিয়াত জনপ্রিয় কণ্ঠশিল্পী মর্মিতা মিত্র আৰু কমলীকা কাশ্যপৰ গীতৰ লগতে বাৰেৰহণীয়া অনুষ্ঠানৰ আয়োজন কৰিছে। তৃতীয় দিনৰ কাৰ্যসূচী মতে অহা ২ ব’হাগ (ইং ১৬ এপ্রিল, ২০২৫) তাৰিখে বাতিপুৱা ১০.০০ বজাত ভেশচন প্রতিযোগিতা। সন্ধিয়া ৬.০০ বজাত প্রতিযোগিতাসমূহৰ পুৰস্কাৰ বিতৰণ। নিশা ৭.৩০ বজাত সম্বর্ধনা অনুষ্ঠান। নিশা ৮.০০ বজাত সাংস্কৃতিক অনুষ্ঠান উদ্বোধন কৰিব ৰাজমুকুট থিয়েটাৰৰ প্রযোজক মানস কলিতাই। সাংস্কৃতিক সন্ধিয়াত জনপ্রিয় কণ্ঠশিল্পী আচুর্য বৰপাত্ৰৰ গীতৰ লগতে বাৰেৰহণীয়া অনুষ্ঠানৰ আয়োজন কৰিছে। এইবছৰ ৪৫ সংখ্যক গণেশগুৰি বঙালী বিহু সম্মিলনত অসমৰ মাননীয় মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা আৰু অসমৰ ৰাজ্যপাল লক্ষ্মণ প্রসাদ আচার্য্যক আমন্ত্রণ জনোৱা হৈছে।

বিহুৰ লগত সংগতি ৰাখি ৪৫ সংখ্যক গণেশগুৰি বঙালী বিহু সম্মিলনৰ মহিলা বিভাগৰ উদ্যোগত অহা ৪ এপ্রিলৰ পৰা ১০ এপ্রিল, ২০২৫ তাৰিখলৈ বিহু নাচৰ কর্মশালাৰ আয়োজন কৰিছে। কর্মশালাত বিহু সম্রাজ্ঞী দেবাংগনা চুতীয়া আৰু লাচিত বৰুৱা মুখ্য প্রশিক্ষক হিচাপে উপস্থিত থাকিব। বিহুৰ কাৰ্যসূচীত আৰু কর্মশালাত অংশগ্ৰহণৰ বাবে 9435192775, 9085466666, 9864052600, 9101388984, 9707025302 নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনোৱাৰ লগতে অনুষ্ঠানৰ সমূহ কার্যসূচী সফল কৰি তুলিবলৈ ৰাইজৰ সহায়-সহযোগিতা আৰু উপস্থিতি আন্তৰিকতাৰে কামনা কৰিছে সম্মিলনীৰ সভাপতি কপেশ্বৰ ঠাকুৰীয়া বড়ো আৰু সাধাৰণ সম্পাদক বিপুল চন্দ্র দাসে।

album-art
Roi Roi Binale A Zubeen Garg Musical
00:00
Sorry, no results.
Please try another keyword
  • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
  • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
  • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
  • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS
  • ROI ROI BINALE- TITTLE TRACK |ZUBEEN GARG |GEOCONDA VESSICHELLI |
  • Tumar Nilim Kothar Dore | Zubeen Garg | RGS | Roi Roi Binale |
  • Dusokur Kajolere | Zubeen Garg | SABITA SHARMA GOSWAMI, ARUNDHATI BHANU PRIYA | Zeal Creations |
  • Mon Gole-Roi Roi Binale | Zubeen Garg | Achurjya Borpatra | Fency Rajkumari | Zeal Creations" by Zeal Creations.
  • ROI ROI BINALE JUKEBOX | ZUBEEN GARG |
  • FREE BIRD | ZUBEEN GARG |
  • Herowa Chanda- Trailer
spot_imgspot_imgspot_imgspot_img

Latest Posts

বিশেষঃ

Stay in touch

To be updated with all the latest news, offers and special announcements.