শেহতীয়া আপডেটঃ

সংবাদ মেলত সৰৱ কটন বিশ্ববিদ্যালয় গৱেষক সংস্থাঃ নতুন নিয়মাৱলীয়ে উপেক্ষা কৰিছে নতুন ৰাষ্ট্ৰীয় শিক্ষানীতি ২০২০

গুৱাহাটী, ২৫ নৱেম্বৰঃ অসম মহাবিদ্যালয় কৰ্মচাৰী (প্ৰাদেশীকৃত) নিয়মাৱলী ২০২৪ ৰ খচৰাৰ ৰিৰোধীতাৰে আজি এক সংবাদ মেল সম্বোধন কৰি সৰৱ হৈ পৰে কটন বিশ্ববিদ্যালয় গৱেষক সংস্থা। সংবাদ মেল সম্বোধন কৰি সংস্থাটোৱে কয় যে এই খচৰা এক হঠকাৰী খচৰা। কি চিন্তাৰে এনে এক খচৰা প্ৰস্তুত কৰা হৈছে বুলি প্ৰশ্ন কৰি গৱেষক সংস্থাৰ তদৰ্থ সমিতিৰ সভাপতি জিণ্টু ঠাকুৰীয়াই শীঘ্ৰে এই খচৰা বাতিল কৰিবলৈ ৰাজ্যৰ শিক্ষা বিভাগক আহ্বান জনায়।
চলিত বৰ্ষৰ ৬ জানুৱাৰীত প্ৰস্তুত কৰা এই খচৰা ৰাজ্যৰ শিক্ষামন্ত্ৰীয়ে অসম কলেজ শিক্ষক সংস্থা আৰু অসম কলেজ অধ্যক্ষ পৰিষদৰ লগত শিক্ষক কৰ্মচাৰী সকলৰ বাবে নতুন সেৱানিধিৰ খচৰা সম্পৰ্কে বৈঠকত মিলিত হোৱাৰ দিনাই ভাইৰেল হৈ পৰাৰ পাছতে এই খচৰাৰ বিৰুদ্ধে শেহতীয়াভাৱে ৰাজ্যৰ বিদ্বৎ মহলৰ মাজত ব্যাপক চৰ্চাৰ সৃষ্টি হৈছে। এই খচৰাই নতুন ৰাষ্ট্ৰীয় শিক্ষানীতিৰ মৌলিক উদ্দেশ্যেক উপেক্ষা কৰাৰ অভিযোগ কৰি ঠাকুৰীয়াই কয় যে যি সময়ত নতুন শিক্ষানীতিৰ অধীনত স্নাতক পৰ্যায়ৰ পৰাই শিক্ষাৰ্থীক গৱেষণাৰ সৈতে সামৰি লোৱাৰ পোষকতা কৰে তেনে সময়ত মহাবিদ্যালয়ৰ শিক্ষক নিযুক্তিৰ ক্ষেত্ৰত গৱেষণাৰ দিশটোক উপেক্ষা কৰা ঘটনাই চৰকাৰ খনৰ স্ব-বিৰোধী স্থিতিক প্ৰতিপন্ন কৰে। গৱেষণা অৱিহনে ৰাজ্যৰ শিক্ষা ব্যৱস্থাৰ সৰ্বনাশ হ’ব বুলি উল্লেখ কৰি তেওঁ পুনৰ কয় যে মহাবিদ্যালয়ৰ অধ্যাপক হ’বলৈ প্ৰাৰ্থী এগৰাকীৰ নিৰ্দিষ্ট বিষয়ত গভীৰ জ্ঞানৰ প্ৰয়োজন, তেনে সময়ত চৰকাৰে অসামৰিক পৰীক্ষাৰ আৰ্হিত বিষয় বহিৰ্ভূত এখন সূচীমতে পৰীক্ষা অনুষ্ঠিত কৰিব বিচাৰে। ৰাষ্ট্ৰীয় পৰ্যায়ৰ নেট/শ্লেট পৰীক্ষাত উত্তীৰ্ণ হ’লে প্ৰাৰ্থী এগৰাকী অধ্যাপনাৰ বাবে যোগ্য হয়।

File Pic

তেনেস্থলত আকৌ নিযুক্তি পৰীক্ষা অনুষ্ঠিত কৰিব লোৱা বিষয়টোৱ নেট বা শ্লেট পৰীক্ষাৰ বৈধতাকে প্ৰশ্ন কৰিছে। যি সকল ব্যক্তি গৱেষণাৰ সৈতে জড়িত হৈ আছে তেওঁলোকে যথেষ্ট সময় আৰু অৰ্থ ব্যয় কৰি শাৰিৰীক, মানসিক পৰিশ্ৰম কৰি এটা নিৰ্দিষ্ট বিষয়ৰ ওপৰত গৱেষণা কৰে। বৰ্তমানৰ খচৰা মতে এই গৱেষকসকলৰ পৰিশ্ৰমক অমান্য কৰিছে বুলি মন্তব্য কৰি সভাপতি গৰাকীয়ে কয় যে গৱেষক সকলক পুনৰ বিষয় বহিৰ্ভূত পৰীক্ষাত বহিবলৈ দিয়াতো এক বোজা আৰু অন্যায়। কলেজ শিক্ষক হ’বলৈ নিৰ্দিষ্ট বিষয়ৰ ওপৰত পৰ্যাপ্ত জ্ঞানৰ দৰকাৰ তেনেস্থলত প্ৰাৰ্থীক কি যুক্তিত বিষয় বহিৰ্ভূত সাধাৰণ জ্ঞান, কাৰেন্ট এফেয়াৰ্চ আদিৰ ওপৰত থকা জ্ঞানৰ ওপৰত নিৰ্ভৰ কৰি বাচনি কৰা হ’ব বুলি প্ৰশ্ন কৰে সভাপতি গৰাকীয়ে। বৰ্তমানৰ মহাবিদ্যালয়ৰ শিক্ষক নিযুক্তি পৰীক্ষাৰ প্ৰক্ৰিয়াত যিসমূহ আসোঁৱাহ আছে সেই আসোঁৱাহ সমূহৰ সংস্কাৰ কৰাটো প্ৰয়োজনীয় বুলি মন্তব্য কৰি প্ৰতিনিধিদ্বয়ে কয় যে প্ৰস্তাৱিত খচৰাখন বৰ্তমানৰ প্ৰক্ৰিয়াৰ বিকল্প হ’ব নোৱাৰে। মহাবিদ্যালয়ৰ শিক্ষক নিযুক্তিৰ ক্ষেত্ৰত কেন্দ্ৰীয় ব্যৱস্থা এটাৰ প্ৰয়োজনীয়তাৰ কথা স্বীকাৰ কৰি প্ৰেছ বাৰ্তাটোত প্ৰতিনিধিদ্বয়ে কয় যে কেন্দ্ৰীয় ভাৱে নিযুক্তি হ’লেও গৱেষণা তথা শিক্ষকতাৰ অভিজ্ঞতা, প্ৰাথীৰ শৈক্ষিক পাৰদৰ্শিতা আদি দিশে মৌলিকতা লাভ কৰিব লাগিব। নিযুক্তি পৰীক্ষাৰ ওপৰিও খচৰা খনত প্ৰবেজন-কনফাৰ্মেচনৰ সময়সীমা, স্থায়ী বাসিন্দাৰ প্ৰমাণ পত্ৰৰ প্ৰয়োজনীয়তা সম্পৰ্কে উল্লেখ নথকাকে আদি কৰি আন একাধিক আসোঁৱাহ আছে বুলি মন্তব্য কৰি গৱেষক সন্থাৰ তদৰ্থ সমিতিয়ে শীঘ্ৰে এই খচৰা উঠাই ল’বলৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী তথা শিক্ষামন্ত্ৰীক আহ্বান জনায়। চলিত নিযুক্তি প্ৰক্ৰিয়াৰ সংশোধনীৰ বাবে অসমৰ শিক্ষক সংস্থা, অধ্যক্ষ পৰিষদ, কৰ্মচাৰী পৰিষদ, ছাত্ৰ সংগঠন তথা বিশিষ্ট শিক্ষাবিদ সকলৰ সৈতে আলোচনা কৰি এখন নতুন খচৰা প্ৰস্তুত কৰিবলৈ আহ্বান জনায়।

ইপিনে সংবাদ মেল সম্বোধন কৰি সংস্থাৰ সাধাৰণ সম্পাদক ত্ৰিবুজ্বল প্ৰকাশে চৰকাৰৰ এই সিদ্ধান্তই ভৱিষ্যত দিনত গৱেষণাৰ দিশটো কোঙা কৰিব বুলি কয়। তেওঁ কয় যে এই খচৰা কাৰ্যকৰী হ’লে ভৱিষ্যত দিনত নতুন ছাত্ৰ ছাত্ৰীসকল গৱেষণা কৰিবলৈ আগ বাঢ়ি নাহিব। ইপিনে অসম চৰকাৰৰ উচ্চ শিক্ষা বিভাগে গৱেষণাৰ দিশটোক বিগত দিন সমূহত গুৰুত্ব আৰোপ নকৰাৰ অভিযোগ তুলি সমিতিখনে কয় যে উচ্চ শিক্ষা বিভাগে ৰাজ্যৰ গৱেষক সকলৰ বাবে বিশেষ জলপানি প্ৰদানৰ ব্যৱস্থা কৰিব লাগে।

উল্লেখ্য যে সংবাদ মেলত সংস্থাৰ যুটীয়া সম্পাদক শ্যামল বৰা, সদস্য পল্লৱী বসুমতাৰী, ভাগ্য দাস, হৃষীকেশ মেধী প্ৰমুখ্যে আন আন গৱেষক সকল উপস্থিত আছিল।

album-art
Roi Roi Binale A Zubeen Garg Musical
00:00
Sorry, no results.
Please try another keyword
  • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
  • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
  • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
  • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS
  • ROI ROI BINALE- TITTLE TRACK |ZUBEEN GARG |GEOCONDA VESSICHELLI |
  • Tumar Nilim Kothar Dore | Zubeen Garg | RGS | Roi Roi Binale |
  • Dusokur Kajolere | Zubeen Garg | SABITA SHARMA GOSWAMI, ARUNDHATI BHANU PRIYA | Zeal Creations |
  • Mon Gole-Roi Roi Binale | Zubeen Garg | Achurjya Borpatra | Fency Rajkumari | Zeal Creations" by Zeal Creations.
  • ROI ROI BINALE JUKEBOX | ZUBEEN GARG |
  • FREE BIRD | ZUBEEN GARG |
  • Herowa Chanda- Trailer
spot_imgspot_imgspot_imgspot_img

Latest Posts

বিশেষঃ

Stay in touch

To be updated with all the latest news, offers and special announcements.