শেহতীয়া আপডেটঃ

গৰীয়সী’ৰ প্রচ্ছদ কাহিনী ‘ই-জোনাকী যুগ’

গৰীয়সী’ৰ প্রচ্ছদ কাহিনী ‘ই-জোনাকী যুগ’

অসম খবৰ ডিজিটেল ডেস্ক ৩ আগষ্ট ::

ড° ৰীতা চৌধুৰী বাইদেউৰ সম্পাদনাত প্রকাশ হোৱা ‘গৰীয়সী’ আলোচনীখনৰ আগষ্ট, ২০২২ সংখ্যাটোৰ প্রচ্ছদ কাহিনী হ’ল ‘ই-জোনাকী যুগ’ । এই বিষয়ত প্রকাশ হোৱা লেখাবোৰ হ’ল – মনজিৎ নাথ আৰু ড° সত্যকাম দত্তৰ ‘ই-জোনাকী যুগ’; সত্যজিৎ নাথৰ ‘ডিজিটেল জগতত অসমীয়াৰ কিছু কাম’; পল্লৱ শইকীয়াৰ ‘সঁফুৰা , শব্দ আৰু আমেৰিকাত অসমীয়া স্কুল’; বিক্রম মজিন্দাৰ বৰুৱাৰ ‘XOBDO.ORG-ৰ জন্ম.বিকাশ, সংঘাত আৰু বহুতো’; মিতালী বৰ্মনৰ ‘অংকীয়(ডিজিটেল) পৃথিৱীত অসমীয়াত কথা-বতৰা গোট’; উচ্চজিৎ দশগিৰিৰ ‘অসমীয়া ভাষাৰ অঙ্কীয় বা ডিজিটেল যুগৰ অন্যতম বাটকটীয়া ;ই-আলোচনী ‘সাহিত্য ডট অৰ্গ’ৰ ইতিহাস আৰু অৱদান (২০১১-২০১৫)’; ডা° গীতাৰ্থ বৰদলৈৰ ‘অসমীয়া ৱিকিপিডিয়া’; ড° গুণদীপ চেতিয়াৰ ‘ৰ’দালি:অসমীয়া ইউনিক’ড লিখন সঁজুলি’; মনজিৎ নাথৰ ‘মাইক্র’ছফটৰ লেংগুৱেজ ইণ্টাৰফেচ পেক(LIP)’; পল্লৱপ্রাণ গোস্বামীৰ ‘নীলা চৰাই সম্পৰ্কে কিঞ্চিৎ’; ড° বুলজিৎ বুঢ়াগোহাঁইৰ ‘অসমীয়া ই-সাহিত্যৰ প্রচাৰৰ অভিজ্ঞতা’; নিতুল বৰাৰ ‘ অসমীয়া ৱিকিপিডিয়া আৰু ৱিকিউৎস’; ড° সত্যকাম দত্তৰ ‘গুগলৰ ট্রান্সলেশ্বন প্রকল্পত অসমীয়া’; ডা° প্রদীপ কুমাৰ শৰ্মাৰ ‘বিকাশপিডিয়া:ইয়াৰ জন্মলগ্ন আৰু মোৰ যোগসূত্র’; ড° অঞ্জল বৰাৰ ‘ৱিকিউৎস: ডিজিটেল পুথিভঁৰাল আৰু অন্যান্য অসমীয়া সমল সংগ্রহ’ আৰু সুশান্ত কৰৰ ‘আন্তৰ্জালত অসমীয়া লিখামেলাৰ আঁৰৰ স্মৃতি কাহিনী’ ।

সম্পাদকীয়(হৃদয়ে কঢ়িয়ায় জাতীয় চেতনা)ত এনেদৰে লিখিছে ,,,জোনাকী যুগৰ দৰেই বিশ্বৰ বিভিন্ন ঠাইত বাস কৰি থকা কিছু ভাষা আৰু জাতিৰ প্রতি দায়বদ্ধ তৰুণে একগোট হৈ ইণ্টাৰনেটত
এদিন আৰম্ভ কৰিলে এক নতুন আন্দোলনৰ । তৰুণ প্রজন্মকেই নহয়, অনুপ্রাণিত কৰিলে অগ্রজ প্রজন্মকো অসমীয়া ভাষাৰ ইণ্টাৰনেটত চৰ্চা কৰিবলৈ। সৃষ্টি হ’ল নতুন লেখকৰ।কলম নমাই থোা বহুতেই আকৌ সৃষ্টিশীল পথলৈ উভতি আহিল।

এই ল’ৰা-ছোৱালীবোৰৰ বহু বছৰৰ নীৰৱ আৰু নিৰলস সাধনাই অসমীয়া ভাষা-সাহিত্যত যি নতুন জাগৰণৰ সৃষ্টি কৰিছে – সেই ইতিহাসক সঠিকভাৱে সংৰক্ষণ কৰাৰ প্রয়োজন আছে। যি জাতিয়ে যোগ্যজনক যথাযথ স্বীকৃতি আৰু সন্মান দিব জানে ,যি জাতিয়ে প্রকৃত পথপ্রদৰ্শকক চিনাক্ত কৰিব পাৰ যি জাতিয়ে সন্মিলিত প্রচেষ্টাৰে ইতিবাচক দিশেৰে আগ বাঢ়ি যাবলৈ চেষ্টা কৰে সেই জাতিয়েই প্রত্যাহ্বান পাৰ কৰি তিষ্ঠি থকাৰ যোগ্য।

এই ‘ই-জোনাকী যুগ আৰম্ভ হৈছে মাত্র।

অসমৰ মুদ্রিত সাহিত্য ক্ষেত্রলৈও নতুন সজীৱতা আহিছে।…. ‘ই-জোনাকী যুগ’ৰ প্রচ্ছদ কাহিনীত মনজিৎ নাথ আৰু ড° সত্যকাম দত্তই এইদৰে উল্লেখ কৰিছে ।
বহু সময়ত খুজি খুজি বা দাবী কৰি বস্তু আহৰণ কৰা আমি সকলোৱে গুগলৰ দৰে আন্ত:ৰাষ্ট্রীয় সংস্থা এটিৰ সিদ্ধান্ত এটাকো বেলেগ ধৰণে ব্যাখ্যা কৰা যেন আমাৰ অনুমান হ’ল। মুনাফা অৰ্জন কৰা আন্ত:ৰাষ্ট্রীয় অনুষ্ঠান এটিৰ সিদ্ধান্ত এটাৰ ক্ষেত্রত কোনো জাতীয় অনুষ্ঠান বা গাইগুটীয়া প্রচেষ্টাৰ পোনপটীয়া প্রভাৱ থকা বুলি ভবাটো ভুল ।

অসমীয়াৰ লগতে অন্তৰ্ভুক্ত হোৱা মিজো ভাষাৰ ক্ষেত্রত ইমান হুলস্থূল হোৱা দেখা নগ’ল।

আমাৰ অনুভৱ হ’ল, ডিজিটেল মাধ্যমৰ কাৰিকৰিতাখিনি সকলোৱে বুজি নোপোৱা বাবে কিছুমান ব্যক্তি আৰু অনুষ্ঠানে বহুত তথ্য বিকৃতভাৱে উপস্থাপন কৰিছে।

আটাইতকৈ দুখ লাগিল যেতিয়া ডিজিটেলমাধ্যমত অসমীয়া ভাষাতউপলব্ধতা আৰু প্রসাৰসম্পৰ্কীয় ইতিহাসৰ কিছুমান তথ্য ভুলকৈ বুজোৱা বা গাপ দিবলৈ চেষ্টা কৰা হ’ল।… “ডিজিটেল মাধ্যমত অসমীয়া ভাষাৰ উপলব্ধতা আৰু প্ৰসাৰ” শীৰ্ষক ইতিহাস সংৰক্ষণ প্ৰকল্পৰ কাম হাত লোৱা বাবে মনজিৎ নাথ আৰু ড° সত্যকাম দত্তক ধন্যবাদ জনাইছো । আহক, অসমৰ জাতি-ধৰ্ম নিৰ্বিশেষে সকলোৱে এই প্রকল্পত সহায়ৰ হাত আগবঢ়াও।

আমি ভাবো ‘গৰীয়সী’ এই সংখ্যাটো অসমীয়া লেখা-পঢ়া কৰিব জনা সকলোৱে পঢ়া উচিত আৰু সংখ্যাটো সংৰক্ষণ যোগ্য ।

ড° বুলজিৎ বুঢ়াগোহাঁই,
অসম ডনব’স্ক’ বিশ্ববিদ্যালয়, আজাৰা , গুৱাহাটী -৭৮১০১৭
ফোন: ৯৪৩৫১৮৮৬৩০
ই-মেইল: buljit@gmail.com
www.buljit.com

album-art
Roi Roi Binale A Zubeen Garg Musical
00:00
Sorry, no results.
Please try another keyword
  • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
  • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
  • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
  • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS
  • ROI ROI BINALE- TITTLE TRACK |ZUBEEN GARG |GEOCONDA VESSICHELLI |
  • Tumar Nilim Kothar Dore | Zubeen Garg | RGS | Roi Roi Binale |
  • Dusokur Kajolere | Zubeen Garg | SABITA SHARMA GOSWAMI, ARUNDHATI BHANU PRIYA | Zeal Creations |
  • Mon Gole-Roi Roi Binale | Zubeen Garg | Achurjya Borpatra | Fency Rajkumari | Zeal Creations" by Zeal Creations.
  • ROI ROI BINALE JUKEBOX | ZUBEEN GARG |
  • FREE BIRD | ZUBEEN GARG |
  • Herowa Chanda- Trailer
spot_imgspot_imgspot_imgspot_img

Latest Posts

বিশেষঃ

Stay in touch

To be updated with all the latest news, offers and special announcements.