31.3 C
Guwahati
Thursday, February 19, 2026
More

    Trending Now:

    শেহতীয়া আপডেটঃ

    বিশ্বনাথ প্ৰশাসনৰ তৎপৰতা : বিশ্বনাথত যোগান বিভাগৰ পৰিদৰ্শকৰ অভিযান বটল, গেলনত ভৰাই পেট্ৰল ডিজেলজাতীয় ইন্ধন বিক্ৰী কৰাত নিষেধাজ্ঞা

     

    বিশ্বনাথ চাৰিআলি, ২৯ এপ্ৰিল :_ দীৰ্ঘদিন ধৰি বিশ্বনাথৰ বিভিন্ন ঠাইত বটল আৰু গেলনত মুকলিকৈ বিক্ৰী কৰি অহা পেট্ৰল ডিজেলজাতীয় ইন্ধন বিক্ৰী বন্ধ কৰিবলৈ নিৰ্দেশ দিছে বিশ্বনাথ প্ৰশাসনে।

    ইতিমধ্যে এই সন্দৰ্ভত বিশ্বনাথৰ অতিৰিক্ত উপায়ুক্ত তথা ভাৰপ্ৰাপ্ত মহকুমাধিপতি জয় শিবানীয়ে বিশ্বনাথৰ সকলো পেট্ৰল ডিপো আৰু পেট্ৰলিয়ামজাত সামগ্ৰী যেনে পেট্ৰল, ডিজেলজাতীয় ইন্ধন খুচুৰা বিক্ৰী কেন্দ্ৰলৈ এনেদৰে মুকলিকৈ বটল বা গেলনত পেট্ৰল ডিজেল বিক্ৰী নকৰিবলৈ নিৰ্দেশ জাৰিও কৰিছে।

    উল্লেখ্য যে ভাৰপ্ৰাপ্ত মহকুমাধিপতি গৰাকীৰ নিৰ্দেশৰ ভিত্তিত আজি বিশ্বনাথৰ খাদ্য অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ উপ পৰিদৰ্শক ভবেন কুমাৰৰ নেতৃত্বত যোৱা এটা অনুসন্ধানকাৰী দলে বিশ্বনাথৰ বিভিন্ন ঠাইত অভিযান চলায়।

    অভিযানকাৰী যোগান বিভাগৰ দলটোৱে বিশ্বনাথৰ একাধিক পেট্ৰল ডিপো আৰু মুকলিকৈ বটলত ভৰাই পেট্ৰল ডিজেলজাতীয় ইন্ধন বিক্ৰী কৰা দোকান পৰিদৰ্শন কৰি তাৎক্ষণিকভাৱে এনে বিক্ৰী বন্ধ কৰিবলৈ নিৰ্দেশ দিছে। উল্লেখ কৰা সমীচিন হ’ব যে পূৰ্বৰ বিশ্বনাথ জিলাৰ পেট্ৰলিয়ামজাত সামগ্ৰী যেনে পেট্ৰল ডিজেল আদি ইন্ধন বিক্ৰী কৰা ডিপোৰ লগতে বহুতো খুচুৰা বিক্ৰী কেন্দ্ৰই প্লাষ্টিকৰ বটল আৰু গেলন পেট্ৰ’লিয়ামজাত সামগ্ৰী যেনে পেট্ৰল ডিজেল আদি ইন্ধন বিক্ৰী কৰিবলৈ ব্যৱহাৰ কৰে, যিটো আইনৰ ব্যৱস্থাৰ অধীনত অনুমোদিত নহয়।

     

    পেট্ৰ’লিয়াম আইন, ২০০২ ৰ ধাৰা ৮ অনুসৰি, যিকোনো ব্যক্তিক বটল আৰু পাত্ৰত পেট্ৰ’লিয়ামজাত সামগ্ৰী যেনে পেট্ৰল ডিজেল আদিৰ দৰে ইন্ধন বিক্ৰী কৰা আৰু কঢ়িয়াই নিয়াতো নিষিদ্ধ।

    সেয়ে এনে দিশ সমুহৰ প্ৰতি লক্ষ্য ৰাখি, অনুজ্ঞাপত্ৰ কৰ্তৃপক্ষৰ পৰা ক্ৰেতাৰ অনুমতি নোপোৱালৈকে কোনো ব্যক্তিক বটল আৰু গেলনত পেট্ৰলিয়ামজাত এই সামগ্ৰীসমুহ বিক্ৰী নকৰিবলৈ ডিপো সমুহলৈ নিৰ্দেশ জাৰি কৰিছে বুলি জানিব পৰা গৈছে। যদি কোনো ডিলাৰে প্লাষ্টিকৰ বটল, গেলন আদিত পেট্ৰলিয়ামজাত এনে ইন্ধন বিক্ৰী কৰে, তেন্তে ইয়াৰ অধীনত কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলিও নিৰ্দেশটোত সকীয়াই দিয়া হৈছে।

    বিশ্বনাথ প্ৰশাসনৰ এনে তৎপৰতাৰ পিছত এতিয়া বিশ্বনাথত পথৰ অলিয়ে গলিয়ে সঘনাই বিক্ৰী হৈ অহা বটল আৰু গেলনত বিক্ৰী কৰা পেট্ৰল অথবা ডিজেল আদিৰ বিক্ৰীৰ বন্ধ হ’ব।

    [sonaar_audioplayer albums="latest" order="desc" orderby="date" show_skip_bt="default" show_shuffle_bt="default" show_repeat_bt="default" show_speed_bt="default" show_volume_bt="default" show_miniplayer_note_bt="default" progress_bar_style="default" wave_bar_width="1" wave_bar_gap="1" track_memory="default" player_layout="skin_boxed_tracklist" tracklist_layout="list" hide_track_number="false" show_track_market="true" track_market_inline="true" cta_track_show_label="default" force_cta_dl="default" force_cta_share="default" force_cta_favorite="default" force_cta_singlepost="default" track_artwork_format="thumbnail" show_track_publish_date="default" show_playlist="true"][/sonaar_audioplayer]
    spot_imgspot_imgspot_imgspot_img

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.