■ এই তিনিটা শব্দ সমষ্টি বা মহত্ব অতি জটিল। কেতিয়াবা বুজিবলৈ অসুবিধা পাওঁ। সৰ্বসাধাৰণ অর্থ আমি প্ৰতিজন লোকে যেতিয়া খাবলৈ মন যায়, তেতিয়াই আমি ভোক লগা বুলি কওঁ। আৰু খাদ্য গ্ৰহণ কৰি ভোকৰ নিবাৰণ কৰোঁ। অন্যহাতে, সমাজত দৈনিক আমি পদপথেই হওঁক বা অন্যান্য যিকোনো স্থানত খাদ্যৰ সন্ধান কৰি থকা বহুজনক লগ পাওঁ, তেওঁলোকক কওঁ দুখীয়া, দৰিদ্ৰতা, নিঃকিন, ভীক্ষাৰী ইত্যাদি ইত্যাদি ভিন্ন শব্দ। এইসকল লোকৰ মহৎ গুণ হৈছে, ভোকত থাকিলেও আপোনাৰ মোৰ পৰা খুজি খাব বিচাৰিব, কিন্তু অন্যৰ খাদ্যৰ ঠালিখন কাঢ়ি খাব নোখোজে। ইফালে আকৌ অন্য এচাম লোকে আজিৰ সমাজখনত ভৰ্তি হৈ আছে, এইসকলেও কিন্ত ভোকত আছে। কিন্ত তেওঁলোক খাদ্যৰ অভাৱত ভোকত থকা নাই। এইচাম লোকৰ ভোক নিবাৰণৰ ধৰা অন্য প্ৰকাৰৰ। তেওঁলোকৰ ভোক চলে বলে কৌশলেৰে পেট ভৰ্তি কৰিব লাগে, অৰ্থাৎ পেট ভৰ্তি হব লাগে, লাগিলে অতিভোজনেই হওঁক। তেওঁলোকে ভোক নিবাৰণ কৰে সা-সম্পত্তি, টকা-পইচাৰে। মুঠৰ ওপৰত কবলৈ গলে এইসকলে দুখীয়া, দৰিদ্ৰ, নিঃকিন, সৰ্বসাধাৰণ জনক দকা-হকা দি কেৱল নিজৰ ভোক নিবাৰণ কৰে, ই সেইসকলৰ বাবে ভোক গুচি ভোগ। এইসকলৰ এনে দু-কৰ্মৰ ফলত অধিকাংশৰ জীৱনটো জটিলতাৰ মাজতে দেখা পোৱা যায়, ইয়াৰ উদাহৰণ সৰ্বজনবিদিত। তেওঁলোকে ভোগ কৰোঁতে কৰোঁতে এনে এক পৰ্যায়ত উপনীত হয়গৈ, অলেখ সম্পত্তিৰ পাহাৰ থকা তৎস্বত্তেও খাব নোৱাৰে, ভোগিব নোৱাৰে। দুৰ্বিসহঃ হৈ পৰে জীৱনটো। নিজৰ ল’ৰা- ছোৱালী অধিকাংশ এনে লোকৰ অবাটে যায়, নকৰিবলগীয়া ভিন্ন কামত নিয়োজিত হৈ পৰে, হৈ পৰে উশৃংখল জীৱন। যাৰ বাবে এইসকলে হাবাথুৰি খাই ফুৰে জীৱনৰ সুখ বিচাৰি। এনে লোকৰ অনুভৱ নহয় জীৱনৰ অর্থ কি? ভোকৰ অৰ্থ কি? ভোগৰ অৰ্থ নো কি? পদপথেদি যাওঁতে খাদ্যৰ সন্ধান কৰি ভিক্ষা পাত্ৰ আগুৱাই দিয়া নিঃকিন, দাৰিদ্ৰ লোকজনলৈ লক্ষ্য কৰিলেই হল, কথা পাতিলে ভোগ, ভোক আৰু সুখ ইয়াৰ উত্তৰ পাব নিশ্চয়! দৰিদ্ৰ জনেৰ অভাৱত থাকিও কিদৰে মুকলি আকাশৰ তলত সুখেৰে আছে! তেওঁৰ বাবে দৈনিক পেটৰ ভোক নিবাৰণেই হয়তু ভোগ, হয়তো সুখ!




