বিহপুৰীয়া সমষ্টিত যুৱক-যুৱতী সকলৰ মাজত কৰ্মময় আন্দোলন গঢ়ি তোলা লক্ষ্যৰে বিধায়ক অমিয় কুমাৰ ভূঞা

■ বিহপুৰীয়া সমষ্টিৰ বিধায়ক অমিয় কুমাৰ ভূঞায়ে শনিবাৰে আবেলি ভোলাবৰী গাঁও পঞ্চায়তৰ অন্তৰ্গত উদয়পুৰ প্ৰাথমিক বিদ্যালয়ত অনুষ্ঠিত হোৱা এখন দলীয় কৰ্মী সভাত অংশগ্ৰহন কৰি যুৱক যুৱতী সকলৰ মাজত কৰ্মময় বিপ্লৱ গঢ়ি তোলা সংকপ্ল গ্ৰহণ কৰে।

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্ম দিৱসৰ লগত সংগতি ৰাখি আয়োজন কৰা সভাখনত সভাপতি কৰে বিপুল হাজৰিকাই। ইয়াৰ আগতে অমিয় কুমাৰ ভূঞাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ছবিত বন্তি প্ৰজ্বলন কৰে।

মাতৃ‌ বন্দনাৰে আৰম্ভ কৰা সভাখনত অঞ্চলটোৰ বহুতো গণ্য-মান্য ব্যক্তি উপস্থিত থাকে। সভাত ৰাজহুৱা ভাৱে বিধায়ক অমিয় কুমাৰ ভূঞাক সম্বৰ্ধনা জনোৱা হয়। সভাত ভূঞাই অঞ্চলটোত হাতত লোৱা কাৰ্যসূচী সমূহ অৱগত কৰায়।

Be the first to comment

Leave a Reply

Your email address will not be published.


*


This site uses Akismet to reduce spam. Learn how your comment data is processed.