Friday, May 23, 2025
26 C
Guwahati

ৰাজ্যত জিলা প্ৰশাসনৰ উদ্যোগত ভোটাৰ ৰাইজক ভোটদানৰ সজাগতাৰ বাবে বিভিন্ন কাৰ্যসূচী

- Advertisement -
- Advertisement -
- Advertisement -
- Advertisement -

লোকসভা নিৰ্বাচনৰ বাবে সমগ্ৰ ৰাজ্যতে জিলা প্ৰশাসনৰ উদ্যোগত ভোটাৰ ৰাইজৰ মাজত ভোটদানৰ সজাগতাৰ বাবে বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰা হয়। কাৰ্বি আংলং জিলা প্ৰশাসন আৰু কাৰ্বি ফিল্ম ছ’চাইটিৰ সহযোগত ডিফুৰ জিলা আয়ুক্তৰ কাৰ্যালয়ৰ প্ৰাংগণত ভোটদানৰ সজাগতা বৃদ্ধিৰ বাবে বাটৰ নাট প্ৰদৰ্শন কৰা হয়। বাটৰ নাটখনিৰ নাট্যকাৰ আৰু পৰিচালক বশিষ্ট অভিনেতা ৰাজীৱ ক্ৰ’। নাটকৰ যোগেদি তৃতীয় লিংগৰ ভোটাৰক এইবাৰ লোকসভা নিৰ্বাচনত বিশেষ সুবিধা প্ৰদান কৰা হ’ব বুলি প্ৰকাশ কৰা হয়। অনুষ্ঠানত ডিফু লোকসভা সমষ্টিৰ সাধাৰণ পৰ্যৱেক্ষক- জয়দেৱ মুখপাধ্যায়, নির্বাচনী ব্যয় পর্যৱেক্ষক, আৰক্ষী পর্যৱেক্ষক, কাৰ্বি আংলং জিলাৰ আয়ুক্তকে ধৰি জিলাখনৰ অন্যান্য প্রশাসনিক বিষয়াসকল উপস্থিত থাকে। নতুন ভোটদাতাসকলৰ সজাগতাৰ বাবে বাক্সা জিলাটো প্ৰশাসনে মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত ভোটদানৰ সজাগতা সভা অনুষ্ঠিত কৰে। বাক্সা জিলাৰ জালাহৰ বি বি কিষাণ মহাবিদ্যালয়তো আজি নতুন ভোটাৰসকলৰ উপস্থিতিত এখন সজাগতা সভা অনুষ্ঠিত হয়। সভাত বিশিষ্ট শিল্পী মণিষা হাজৰিকাই অংশগ্রহণ কৰে। শিল্পীগৰাকীয়ে নতুন ভোটাৰ ছাত্ৰ-ছাত্ৰীসকলক উদ্দেশ্যি কয় যে ভোটদান হৈছে মৌলিক অধিকাৰ, সেয়ে ভোটদান সাব্যস্ত কৰাটো অতিকৈ প্ৰয়োজনীয়। বাক্সা জিলাৰ অতিৰিক্ত আয়ুক্ত কবিতা ফাংচুৰ লগতে জিলাখনৰ অন্যান্য প্ৰশাসনীয় কেইবাগৰাকীও বিষয়াই অংশগ্ৰহণ কৰে। একেদৰে আজি নিকাচি জ্ঞানপীঠ ডিগ্রী মহাবিদ্যালয় আৰু বৰমা মহাবিদ্যালয়তো নতুন ভোটাৰসকলৰ বাবে সজাগতা সভা অনুষ্ঠিত হয়।

- Advertisement -

Hot this week

গুৱাহাটীৰ মাজমজিয়াত ইউনিপল হৰ্ডিং আঁতৰাবলৈ নিৰ্দেশ লোক নিৰ্মাণ বিভাগৰ

▶️গুৱাহাটীৰ মাজমজিয়াত ইউনিপল হৰ্ডিং আঁতৰাবলৈ নিৰ্দেশ লোক নিৰ্মাণ বিভাগৰ ▶️১০...

বিশ্বনাথত অনা অসমীয়া ব্যৱসায়ীৰ কু কাণ্ড

বিশ্বনাথত অনা অসমীয়া ব্যৱসায়ীৰ কু কাণ্ড অসম খবৰ বিশ্বনাথ ২১...

ASSAM RIFLES CONDUCTS CAREER COUNSELING SESSION AT JIRIBAM

● Assam Rifles conducted a career counseling session aimed...

Topics

বিশ্বনাথত অনা অসমীয়া ব্যৱসায়ীৰ কু কাণ্ড

বিশ্বনাথত অনা অসমীয়া ব্যৱসায়ীৰ কু কাণ্ড অসম খবৰ বিশ্বনাথ ২১...
00:05:02

‘জীৱনৰ ৰামধেনু’ আপোনাৰ বাবে এক নিৰ্ভৰযোগ্য মঞ্চ

▶️আপুনি সাহিত্য চৰ্চা কৰি ভাল পায় নেকি? ▶️আপুনি মনৰ অনুভৱ...

ASSAM RIFLES CONDUCTS CAREER COUNSELING SESSION AT JIRIBAM

● Assam Rifles conducted a career counseling session aimed...

গুৱাহাটীৰ মাজমজিয়াত ইউনিপল হৰ্ডিং আঁতৰাবলৈ নিৰ্দেশ লোক নিৰ্মাণ বিভাগৰ

▶️গুৱাহাটীৰ মাজমজিয়াত ইউনিপল হৰ্ডিং আঁতৰাবলৈ নিৰ্দেশ লোক নিৰ্মাণ বিভাগৰ ▶️১০...

Related Articles

Popular Categories

Assam
overcast clouds
23.7 ° C
23.7 °
23.7 °
90 %
1.2kmh
100 %
Fri
33 °
Sat
35 °
Sun
29 °
Mon
26 °
Tue
25 °

লেখনি বিচৰা হৈছেঃ


Follow the Khobor Media Group channel on WhatsApp: https://whatsapp.com/channel/0029Va7zdb21SWswKyHYlX11

লেখনি বিচৰা হৈছেঃ
অসম খবৰ ডিজিটেল সংবাদ গোষ্ঠীৰ বাৰ্ষিক আলোচনী ‘জনকণ্ঠ’ৰ বাবে সৃষ্টিশীল লেখনি বিচৰা হৈছেঃ
প্ৰতিগৰাকী লেখক/লেখিকাৰ বাবে অনুৰোধঃ

📌 লেখাবোৰ সৃজনীমূলক লেখা, যেনে- স্বৰচিত গল্প, প্ৰৱন্ধ, কবিতা, ধাৰাবাহিক উপন্যাস, অনুবাদ সাহিত্য, ভৌতিক গল্প, বিশেষ ব্যক্তিৰ সাক্ষাৎকাৰ, ভ্ৰমণ কাহিনী, ক্ৰীড়া বাৰ্তা, নীলাখামৰ চিঠি, কৌতুক, সাঁথৰ, মহৎ লোকৰ বাণী, কুইজ, সাংবাদিকতাৰ অভিজ্ঞতা, সংবাদ ক্ষেত্ৰৰ ভৱিষ্যত, বুৰঞ্জীমূলক লেখা, স্বাস্থ্য সজাগতা,
ৰাজনীতিৰ ওপৰত লেখা, সৃষ্টিশীল বাতৰি, ছবি, কাৰ্টুন, ফটোগ্ৰাফী ইত্যাদি সামৰি লোৱা হৈছে।
📌 একেজন লিখকৰ একাধিক সৃষ্টিও ইয়াত প্ৰকাশ পাব। চৰ্ত কেৱল প্ৰকাৰ ভিন্ন হোৱাটো বাঞ্চনীয়।
📌আলোচনীত যিকোনো ধৰণৰ লেখা প্ৰকাশ পাবৰ বাবে আপোনাৰ সৃষ্টিৰাজিক স্পষ্টকৈ মোবাইলত বা কম্পিউটাৰ DTP কৰি  asomkhobor@gmail.com অথবা 8404052898 নম্বৰত প্ৰেৰণ কৰিবলৈ অনুৰোধ জনালোঁ।
ইতি-
অসম খবৰ’ পৰিয়ালৰ হৈ
মুখ্য সম্পাদক অশ্বিনী কুমাৰ গগৈ
মুখপাত্ৰ সম্পাদক শ্ৰীমন্ত দাস


This will close in 45 seconds