31.3 C
Guwahati
Thursday, February 19, 2026
More

    Trending Now:

    শেহতীয়া আপডেটঃ

    কামৰূপ জিলা প্ৰশাসনৰ উদ্যোগত ৭৭ সংখ্যক স্বাধীনতা দিৱস উদযাপন

    কামৰূপ জিলা প্ৰশাসনৰ উদ্যোগত ৭৭ সংখ্যক স্বাধীনতা দিৱস উদযাপন ::

    উত্তৰ গুৱাহাটীৰ ১৫ আগষ্ট :

    সমগ্ৰ দেশৰ লগতে কামৰূপ জিলা প্ৰশাসনৰ উদ্যোগত মঙ্গলবাৰে উত্তৰ গুৱাহাটীৰ আমিন গাঁৱত ৭৭ সংখ্যক স্বাধীনতা দিৱস উদযাপনৰ কৰা হয়। অসম চৰকাৰৰ উদ্যোগ আৰু সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী বিমল বৰাই ত্ৰিৰংগা পতাকা উত্তোলন কৰে।পতাকা উত্তোলন কৰি মন্ত্ৰীগৰাকীয়ে আৰক্ষী,এন চি চি,স্কাউট এণ্ড গাইডৰ অভিনন্দন গ্ৰহণ কৰে।

    ভাষণত মন্ত্ৰীগৰাকীয়ে জিলাখনৰ গুণ-গৰিমা বাখ্যা কৰি বৰ্তমানে ৰাজ্য তথা কেন্দ্ৰীয় চৰকাৰে সৰ্বসাধাৰণ ৰাইজৰ হকে কৰি থকা কাম কাজৰ খতিয়ান দাঙি ধৰে। এইবেলি স্বাধীনতা দিৱসৰ পেৰেড গ্ৰাউণ্ডত আৰক্ষী,এন চি চি , স্কাউট এণ্ড গাইড, লগতে উত্তৰ গুৱাহাটীৰ অন্যতম স্বেচ্ছাসেৱী স‌গঠন জনকল্যান ছ’চাইটি আৰু সাংস্কৃতিক বিদ্যালয় ছাত্ৰ- ছাত্ৰী লগতে জনলক্যান ছ’চাইটি সদস্য/সদস্যা অসমীয়া জাতিৰ অংগ স্বৰূপ বিহু নাচ পৰিৱেশ কৰা লগতে কামৰূপৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে নাট,সাংস্কৃতিক অনুষ্ঠান পৰিৱেশন কৰা প্ৰতি গৰাকীৰ শিল্পী ব্যক্তিলৈ
    মন্ত্ৰী বিমল বৰাৰ লগতে দেশবাসীক ৭৭ সংখ্যক স্বাধীনতা দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰে।
    আনহাতে কামৰূপ জিলা বিভিন্ন শিক্ষানুষ্ঠানৰ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে পেৰে়ডত অংশগ্ৰহণ কৰা ছাত্ৰ ছাত্ৰীক মন্ত্ৰী বৰাই ও শুভেচ্ছা জ্ঞাপন কৰে৷
    পেৰেডৰ পিছত বিভিন্ন সাংস্কৃতিক কাৰ্যসূচীৰ লগতে ল’ৰা-ছোৱালীৰ মাজত খেল ধেমালি অনুষ্ঠিত কৰা হয়। এই অনুষ্ঠানত উপস্থিত থাকে কামৰূপ জিলা আয়ুক্ত কীৰ্তি জল্লীৰ,কামৰূপ জিলা আৰক্ষী অধীক্ষক হিতেশ চন্দ্ৰ ৰয়,কমলপুৰ বিধান সভা সমষ্টিৰ বিধান দিগন্ত কলিতা লগতে উত্তৰ গুৱাহাটীৰ বিশিষ্ট সমাজ সেৱক তথা স্বেচ্ছাসেৱী সংগঠন জনলক্যান ছ’চাইটি সভাপতি কুমুদ নাথকে ধৰি কেইবাজনো বিশিষ্ট ব্যক্তিয়ে।
    ইফালে কামৰূপ জিলা আয়ুক্ত কীৰ্তি জল্লীৰ আৰু কামৰূপ জিলা আৰক্ষী অধীক্ষক হিতেশ চন্দ্ৰ ৰয় ও জিলা খনৰ সমূহ কৰ্মচাৰীয়ে সুন্দৰ ভাৱে পৰিচালনা কৰি অনুষ্ঠানটি সফল কৰাত ৰাইজে ধন্যবাদ জ্ঞাপন কৰিছে জিলা খনৰ প্ৰশাসনিক বিষয়া সকলৰ লগতে সমূহ কৰ্মচাৰীক।

    [sonaar_audioplayer albums="latest" order="desc" orderby="date" show_skip_bt="default" show_shuffle_bt="default" show_repeat_bt="default" show_speed_bt="default" show_volume_bt="default" show_miniplayer_note_bt="default" progress_bar_style="default" wave_bar_width="1" wave_bar_gap="1" track_memory="default" player_layout="skin_boxed_tracklist" tracklist_layout="list" hide_track_number="false" show_track_market="true" track_market_inline="true" cta_track_show_label="default" force_cta_dl="default" force_cta_share="default" force_cta_favorite="default" force_cta_singlepost="default" track_artwork_format="thumbnail" show_track_publish_date="default" show_playlist="true"][/sonaar_audioplayer]
    spot_imgspot_imgspot_imgspot_img

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.