Tuesday, July 8, 2025
26.8 C
Guwahati
TOP NEWS:

ৰঙিয়া মহাবিদ্যালয় প্ৰাঙ্গণত সদৌ অসম কবি মঞ্চৰ উদ্যোগত ই-আলোচনী তথা গ্ৰন্থ উন্মোচনী সভা

বিশিষ্ট লেখিকা তথা শিক্ষাবিদ ডঃ ৰুণুমি দত্ত ডেকাৰ দ্বাৰা লিখিত আধ্যত্মিক গ্ৰন্থ 'অমৃতৰ ছন্দ' উন্মোচন কৰে অসম আৰক্ষীৰ যুটীয়া আয়ুক্ত তথা সুলেখক পাৰ্থসাৰথী মহন্তই।

- Advertisement -

■ সদৌ অসম কবি মঞ্চৰ উদ্যোগত আৰু আভ্যন্তৰীণ গুণগত মান নিশ্চিতকৰণ কোষ ৰঙিয়া মহাবিদ্যালয়ৰ দ্বাৰা আজি সদৌ অসম কবি মঞ্চৰ তৃতীয় সংখ্যক মাহেকীয়া আলোচনী আৰু গ্ৰন্থ উন্মোচনী সভা অনুষ্ঠিত হয়।

সভাত উপস্থিত থাকে অসমৰ স্বনামধন্য কবি নীলিম কুমাৰ, ডঃ হিতেশ বৰ্মণ, ডঃ ৰুণুমি দত্ত ডেকা, গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যপক প্ৰশান্ত শৰ্মা, ডঃ হৰি প্ৰসাদ শৰ্মা, অসম আৰক্ষীৰ যুটীয়া আয়ুক্ত পাৰ্থসাৰথী মহন্ত, ৰাজ্যসভাৰ সাংসদ ভূৱনেশ্বৰ কলিতাকে ধৰি বহুতো কবি সাহিত্যিক।

সভাত কবি নীলিম কুমাৰে আবৃত্তি কৰে তেখেতৰ স্বৰচিত কেবাটাও বিখ্যত কবিতা, যাৰ ভিতৰত অন্যতম ‘নিমখ’, ‘কিবা এটা আছে’। কবি গৰাকীয়ে লগতে বৰ্তমানৰ কবিতা তথা কবি সম্পৰ্কেও কিছু আক্ষেপ প্ৰকাশ কৰি কেতবোৰ বিশেষ মন্তব্য আগবঢ়াই। গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটোত কেইবাজনো বিশিষ্ট কবি তথা মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে কাব্যিক ভাষণ ৰখাৰ লগতে কবিতা আবৃত্তি কৰে।

ৰাজ্যসভাৰ সাংসদ তথা কবি মঞ্চৰ মুখ্য পৃষ্ঠপোষক ভূৱনেশ্বৰ কলিতাই মঞ্চৰ দ্বাৰা প্ৰকাশিত আলোচনী আৰু অনুষ্ঠান সমূহ আগবঢ়াই নিয়াত বিশেষকৈ আৰ্থিকভাৱে আগবঢ়াই অহা সহযোগিতাৰ বাবে কবি মঞ্চৰ সভাপতি জাভেদ জামান আৰু সম্পাদক জিতু কাঞ্চনে শলাগ জনাই। সদৌ অসম কবি মঞ্চৰ দ্বাৰা প্ৰকাশিত তৃতীয় সংখ্যক ই-আলোচনীখন ভাৰ্চুৱেলী মুকলি কৰে সাংসদ কলিতাই।

সভাত বিশিষ্ট লেখিকা তথা শিক্ষাবিদ ডঃ ৰুণুমি দত্ত ডেকাৰ দ্বাৰা লিখিত আধ্যত্মিক গ্ৰন্থ ‘অমৃতৰ ছন্দ’ উন্মোচন কৰে অসম আৰক্ষীৰ যুটীয়া আয়ুক্ত তথা সুলেখক পাৰ্থসাৰথী মহন্তই। আনহাতে গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটোত বহুতো কবি সাহিত্যিক আৰু ছাত্ৰ-ছাত্ৰী উপস্থিত থাকি সভাৰ সৌষ্ঠৱ বঢ়াই।

Hot this week

Topics

Which field of study leads to high-paying jobs quickly?

Letter to the Editor: Dear Editor,               Since 2005, I have...

শিক্ষানুষ্ঠানসমূহত কোচিং চেণ্টাৰ স্কলাৰশ্বিপ টেষ্ট

সম্পাদকলৈ চিঠি: মাননীয় সম্পাদক মহোদয়,         বর্তমান কিছুমান কোচিং  চেণ্টাৰে  স্কলাৰশ্বিপ...

শিক্ষাৰ্থীৰ কেৰিয়াৰ গঠনত বাতৰি কাকতৰ ভূমিকা

ড° বুলজিৎ বুঢ়াগোহাঁই             আজিৰ যুগত কেৰিয়াৰৰ বিকল্পবোৰ বৃদ্ধি পাইছে,,...

Scholarship Tests by Coaching Centres in Educational Institutions

Letter to the Editor:  Dear Editor,          Some coaching centres conduct...

ASSAM RIFLES TAKES OATH AGAINST DRUGS

Assam Rifles organised an anti-drug oath-taking ceremony on 26...

Related Articles

Popular Categories

Assam
broken clouds
26.9 ° C
26.9 °
26.9 °
81 %
2.3kmh
77 %
Tue
27 °
Wed
29 °
Thu
32 °
Fri
33 °
Sat
33 °