ই-চাইকেল, ১০০ কিলোমিটাৰ মাত্ৰ ৬ টকাত

■ পেট্ৰ’ল আৰু ডিজেলৰ মূল্য দিনক দিনে বৃদ্ধি পাই আহিছে। ফলস্বৰূপে, সাধাৰণ মানুহে এতিয়া বেটাৰী চালিত বাহন ক্ৰয় কৰাৰ দিশে আগবাঢ়ি আহিছে। আৰু সেয়েহে এইবাৰ টাটা কোম্পানীৰ ফালৰ পৰা ভাৰতীয় বজাৰলৈ দুখনকৈ ইলেক্ট্ৰনিক চাইকেল নিৰ্মাণ কৰি উলিয়াইছে। সাধাৰণ মানুহৰ প্ৰয়োজনীয়তাৰ কথা বিবেচনা কৰিয়েই দেশৰ আগশাৰীৰ কোম্পানী টাটাই ইতিমধ্যে এই দুখন ইলেক্ট্ৰনিক চাইকেল মুকলি কৰাৰ কথা ঘোষণা কৰিছে। সেই দুখন চাইকেল হৈছে কণ্টিনো ইটিবি ১০০ আৰু ভল্টিক ১.৭। প্ৰতিষ্ঠানটোৱে বিশ্বাস কৰে যে এই চাইকেল দুখনে দ্ৰুততাৰে ভাৰতীয় বজাৰ দখল কৰিব। টাটা ষ্টাইডাৰ কণ্টিনো ইটিবি-১০০ নামৰ মডেলটোৰ মূল্য ৩৭,৯৯৯ টকা হ’ব বুলি অনুমান কৰা হৈছে। আনহাতে, ১.৭ মডেলৰ ষ্টাইডাৰ ভল্টিক টাটাৰ মূল্য ২৯,৯৯৫ টকা হ’ব বুলি অনুমান কৰা হৈছে। এই চাইকেল কেইখন চাৰ্জ হোৱাৰ পিছত, ই ৬০ কিলোমিটাৰ যাব। তথ্য অনুসৰি, প্ৰতি কিলোমিটাৰত এই চাইকেলবোৰ চলাবলৈ মাত্ৰ ৬ পইচা খৰচ হয়, অৰ্থাৎ ১০০ কিমি যাবলৈ মাত্ৰ ৬ টকা।

About অশ্বিনী কুমাৰ গগৈ, মুখ্য সম্পাদক, অসম খবৰ 29 Articles
All India Radio- RNU-GHY Web Digital Specialist at Asom Khobor(Chief Editor) Digital Editor NotunSomoy.

Be the first to comment

Leave a Reply

Your email address will not be published.


*


This site uses Akismet to reduce spam. Learn how your comment data is processed.