শেহতীয়া আপডেটঃ

বিহালী সমষ্টি অনূসুচীত জাতি সংৰক্ষণ ব্যৱস্থাক আদৰণি বিহালী অনূসুচীত জাতি দল সংগঠনৰ

বিহালী সমষ্টি অনূসুচীত জাতি সংৰক্ষণ ব্যৱস্থাক আদৰণি অনূসুচীত জাতি দল সংগঠনৰ :: দেশৰ নিৰ্বাচনী আয়োগলৈ স্মাৰক দুই সংগঠনৰ :

অসম খবৰ ডিজিটেল ডেস্ক বিশ্বনাথ চাৰিআলি ৫  জুলাই :
যোৱা কেইবাদিন ধৰি ৰাজ্য ৰাজনীতি গৰম হোৱা পৰিলক্ষিত হৈছে । বিশেষকৈ সমষ্টিৰ পুনৰ নিৰ্ধাৰণক কেন্দ্ৰ কৰি এক উৎসৱ মুখৰ পৰিৱেশ দেখা গৈছে বিভিন্ন সমষ্টিত। উল্লেখযোগ্য যে ১৯৫০ৰ ধাৰা ৮-কত উল্লেখ কৰা অনুসৰি, অসমৰ বাবে বিধানসভা আৰু সংসদীয় সমষ্টি সমূহৰ পুনৰ নিৰ্ধাৰণৰ প্ৰস্তাৱৰ খচৰা প্ৰকাশ কৰিছে ইতিমধ্যে নিৰ্বাচন আয়োগে।
উল্লেখ যে ভাৰতীয় সংবিধানৰ সীমা নিৰ্ধাৰণ আইন, ২০০২ (২০০২ৰ ৩৩), অনুচ্ছেদ ৮২, ১৭০, ৩৩০ আৰু ৩৩২ৰ ধাৰা ৯ (১) (গ) আৰু (ঘ)ৰ সৈতে আৰ. পি. আইন, ১৯৫০ৰ ধাৰা ৮ ক অনুসৰি সীমা নিৰ্ধাৰণৰ প্ৰক্ৰিয়া আগবঢ়োৱা হৈছে। অসমত শেষ সমষ্টি পুনৰ নিৰ্ধাৰণৰ প্ৰক্ৰিয়া ১৯৭৬ত সম্পন্ন হৈছিল যদিও বৰ্তমান পুনৰ সমষ্টিৰ নিৰ্ধাৰণত প্ৰক্ৰিয়া আৰম্ভ হৈছে অসমত।
সংবিধানৰ ১৭০ আৰু ৮২ নং অনুচ্ছেদৰ অনুসৰণেৰে ২০০১ৰ লোকপিয়লৰ ভিত্তিত ৰাজ্য খনৰ সকলো বিধান সভা আৰু সংসদীয় সমষ্টিৰ পুনৰ নিৰ্ধাৰণ কৰা সিদ্ধান্ত গ্ৰহণ কৰিছে নিৰ্বাচন আয়োগে।

কেৱল লোকপিয়ল আয়ুক্তই প্ৰকাশ কৰা ২০০১ৰ লোকপিয়লৰ পৰিসংখ্যা এই উদ্দেশ্যে বিবেচনা কৰা হৈছে বুলি প্ৰকাশ।
ইফালে বৰ্তমান অসমৰ বিধান সভা আৰু লোক সভাৰ আসনৰ সংখ্যা হৈছে ১২৬ খন বিধান সভা আৰু ১৪ খন লোক সভা।
আনহাতে ১৭০ আৰু ৮২ নং অনুচ্ছেদত উল্লেখ কৰা অনুসৰি যে ২০২৬ৰ পাছৰ প্ৰথম লোকপিয়লৰ প্ৰাসংগিক পৰিসংখ্যা উপলব্ধ নোহোৱালৈকে প্ৰতি খন ৰাজ্যৰ বিধান সভাৰ আসন আৰু লোক সভাৰ আসনৰ আবন্টনৰ সংখ্যা সলনি কৰা কোনো বৰ্তমানলৈকে সিদ্ধান্ত গ্ৰহণ নকৰি বুলি প্ৰাপ্ত তথ্য প্ৰকাশ।

অসমৰ বিধান সভাৰ ১২৬ খন আসনৰ ভিতৰত অনুসূচিত জনজাতিৰ বাবে ১৯খন আসন, লোক সভাৰ ১৪ খন আসনৰ ভিতৰত অনুসূচিত জনজাতিৰ (ST) বাবে ২ খন আসন আবন্টনৰ প্ৰস্তাৱ দিয়া বিপৰীতে ৰাজ্যৰ বিধান সভাৰ ০৯ খন আসন অনুসূচিত জাতিৰ( SC) বাবে, আনহাতে লোক সভাত অনুসূচিত জাতিৰ বাবে ০১খন আসন আবন্টনৰ প্ৰস্তাৱ জনোৱা হৈছে ।
প্ৰস্তাৱিত বিধান সভা সমষ্টি বিধান সভা সমষ্টি আৰু সংসদীয় সমষ্টি যেনে থাকিব
বিধান সভা সাধাৰণ- ৯৮ সংসদীয় ১১

বিধান সভা SC ০৯
সংসদীয় ০১
বিধান সভা ST এছটি ১৯
সংসদীয় ০২
মুঠ আসন বিধান সভা সমষ্টিৰ ১২৬ বিপৰীতে সংসদীয় সমষ্টিৰ থাকিব ১৪ । ইফালে এই প্ৰস্তাৱৰ খচৰা খনৰ প্ৰকাশৰ পিছতে ৰাজ্যৰ ৰাজনীতিত দেখা গৈছে এক অদ্ভুত পৰিৱৰ্তন। বৰ্তমান অতুল বৰা অসম গণ পৰিষদ দল, BTR নেতা প্ৰমোদ বড়ো দল UPPL, ভৱেশ কলিতা বিজেপি দল লগতে এজন নিদলীয় বিধায়কলৈ গঠন হোৱা  মিত্রজোঁট বিজেপি চৰকাৰে ইতিমধ্যে হিমন্ত বিশ্ব শৰ্মা নেতৃত্বত ২ বছৰ সম্পূৰ্ণ কৰিলে। হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ মতে যদি সচাকৈয়ে এই খচৰা খন থাকে তেন্তে অসমত খিলঞ্জীয়া সকল অহা ৩০ বছৰলৈকে সুৰক্ষিত থাকিব বুলি প্ৰকাশ কৰে । ৰাজ্যত অধিকাংশ সমষ্টিতে এই প্ৰস্তাৱৰ খচৰা প্ৰকাশ পোৱা লগে লগে এক আনন্দ মুখৰিত হোৱা দেখা গৈছে। ইফালে কোনো কোনো সমষ্টিত ইয়াৰ প্ৰতিবাদ কৰা ও দেখা গৈছে।ইফালে অনুসূচীত জাতি বাবে উত্তৰ অসমৰ বিহালী বিধান সভা সমষ্টিতো অনূসুচীত জাতি বাবে প্ৰস্তাৱিত খচৰা প্ৰকাশ পোৱাত বিহালী বিধান সভা সমষ্টিৰ অনুসূচীত জাতি লোক সকলৰ মাজত দেখা গৈছে এক আনন্দ। সমষ্টিতো থকা অনুসূচীত জাতি লোকৰ মাজত এক উৎসৱ পৰিৱেশ দেখা গৈছে। ইখনৰ পিছত খন সভা আয়োজন কৰি নিৰ্বাচন আয়োগে লোৱা সিদ্ধান্তক আদৰণীয় জনোৱা লগতে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাকো ধন্যবাদ জ্ঞাপন কৰিছে বিহালী সমষ্টিৰ অনূসুচীত জাতি লোক সকলে। ইফালে এই প্ৰস্তাৱিত খচৰা মতে সমষ্টিটো অনুসূচীত জাতি বাবে সংৰক্ষণ ৰাখিবলৈ কালি বিহালী সমষ্টিৰ অনুসূচীত জাতি সংৰক্ষণ যৌথ সজাগতা মঞ্চ আৰু বিশ্বনাথ জিলা অনুসূচীত জাতি পৰিষদৰ যুটীয়া উদ্যোগত দুয়োটা সংগঠনে সুকীয়া সুকীয়াকৈ বিশ্বনাথ মহকুমাৰ ভা:প্ৰাপ্ত মহকুমাধিপতিৰ জৰিয়তে ভাৰতৰ নিৰ্বাচন আয়োগলৈ দুখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে। এই স্মাৰক প্ৰেৰণৰ দলটোত উপস্থিত থাকে যৌথ মঞ্চ উপদেষ্টা দিগন্ত দাস, আইনী উপদেষ্টা দিনমনী দাস, সভাপতি লক্ষণ ৰয়, সম্পাদক মফিল হাজৰিকা আৰু জাতি পৰিষদৰ উপদেষ্টা হিতেশ্বৰ দাস ,সভাপতি ভূধৰ দাস সম্পাদক জীৱন দাসৰ লগতে সাংগঠনিক সম্পাদক জয়ন্ত দাস।

album-art
Roi Roi Binale A Zubeen Garg Musical
00:00
Sorry, no results.
Please try another keyword
  • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
  • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
  • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
  • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS
  • ROI ROI BINALE- TITTLE TRACK |ZUBEEN GARG |GEOCONDA VESSICHELLI |
  • Tumar Nilim Kothar Dore | Zubeen Garg | RGS | Roi Roi Binale |
  • Dusokur Kajolere | Zubeen Garg | SABITA SHARMA GOSWAMI, ARUNDHATI BHANU PRIYA | Zeal Creations |
  • Mon Gole-Roi Roi Binale | Zubeen Garg | Achurjya Borpatra | Fency Rajkumari | Zeal Creations" by Zeal Creations.
  • ROI ROI BINALE JUKEBOX | ZUBEEN GARG |
  • FREE BIRD | ZUBEEN GARG |
  • Herowa Chanda- Trailer
spot_imgspot_imgspot_imgspot_img

Latest Posts

বিশেষঃ

Stay in touch

To be updated with all the latest news, offers and special announcements.