শেহতীয়া আপডেটঃ

বিহালীৰ ঐতিহ্যমণ্ডিত গাংমৌ থান আৰু এটি প্রাচীন কালী মন্দিৰ দৰ্শন কৰিলে মুখ্যমন্ত্রী ড° শৰ্মাই : ৰাংছালীত উস্ম আদৰণি মুখ্যমন্ত্ৰীক

 

 

 

গাংমৌ থানৰ নির্মিয়মাণ সংহত ভৱনৰ কাম দ্রুততাৰে সম্পূৰ্ণ কৰাৰ
বাবে থান পৰিচালনা সমিতিলৈ সকলােধৰণৰ সহায়-সহযােগিতা
আগবঢ়োৱাৰ আশ্বাস মুখ্যমন্ত্ৰীৰ

গহপুৰৰ ঘাঁহিগও ষ্টেডিয়ামৰ নিৰ্মাণৰ কাম অহা বছৰৰ মাৰ্চ মাহৰ ভিতৰত সম্পূর্ণ কৰিবলৈ
মুখ্যমন্ত্রীর নির্দেশ

অসম খবৰ ডিজিটেল ডেস্ক , ২৯ ছেপ্টেম্বৰ :

■■ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই আজি বিশ্বনাথ জিলাৰ বিহালী অঞ্চলস্থিত
গুৰুজনাৰ স্মৃতিবিজড়িত পৱিত্ৰ গাংমৌ থান দৰ্শন কৰে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে জীৱনৰ বহুকেইটা
সৃষ্টিশীল বছৰ অতিবাহিত কৰা এই থানত উপস্থিত হৈ তেওঁ গুৰুজনাৰ শ্ৰীচৰণত সেৱা জনােৱাৰ লগতে
থানত সংৰক্ষিত সাঁচিপতীয়া পুথি-পাজিসমূহাে দর্শন কৰে। তেওঁ থানৰ ভকত-বৈষ্ণৱসকলৰ সৈতেও
বার্তালাপত মিলিত হয়। থান চৌহদত নির্মিয়মাণ সংহত ভৱনস্থলী পৰিদৰ্শন কৰি মুখ্যমন্ত্ৰীয়ে ভৱনটোৰ
কাম দ্রুততাৰে সম্পূৰ্ণ কৰাৰ বাবে থান পৰিচালনা সমিতিক সকলােধৰণৰ সহায়-সহযােগিতা আগবঢ়োৱাৰ
আশ্বাস প্রদান কৰে। মুখ্যমন্ত্রী ড° শৰ্মাই আজি বিশ্বনাথ জিলাস্থিত মা কল্যাণী দেৱালয়ে দর্শন কৰি সেৱা
আগবঢ়ায়। তেওঁ কয় যে এই দেৱালয়খনৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে চৰকাৰে যাৱতীয় পদক্ষেপ গ্রহণ
কৰি দেৱালয়খনক পর্যটকৰ বাবে এক আকর্ষণীয় পর্যটনস্থলী হিচাপে গঢ় দিয়া হ’ব। মুখ্যমন্ত্ৰীয়ে আজি
গহপুৰত নির্মীয়মান ঘাঁহিগাঁও ষ্টেডিয়ামখনাে পৰিদৰ্শন কৰি নির্মাণকার্যৰ বুজ লয়। অঞ্চলটোৰ
ক্রীড়াপ্রেমীসকলৰ সুবিধার্থে ষ্টেডিয়ামখনৰ নিৰ্মাণৰ কাম অহা বছৰৰ মাৰ্চ মাহৰ ভিতৰত সম্পূর্ণ কৰিবলৈ
তেওঁ সংশ্লিষ্ট কর্তৃপক্ষক নির্দেশ দিয়ে।
ইয়াৰ পূর্বে মুখ্যমন্ত্ৰীয়ে বিহালী অঞ্চলৰ এটা প্রাচীন কালী মন্দিৰ দৰ্শন কৰি ৰাজ্যখনৰ জনসাধাৰণৰ
কল্যাণৰ বাবে সেৱা আগবঢ়ায়। মহামাৰী কলেৰাৰ প্রাদুর্ভাৱৰ পৰা অঞ্চলবাসীক ৰক্ষা কৰিবলৈ এই প্রাচীন
মন্দিৰটো প্রতিষ্ঠা কৰা হৈছিল বুলি ৰাইজে বিশ্বাস কৰে। প্রবাদ আছে যে ১৯১৩ চনত এই মন্দিত পূজা
আৰম্ভ হােৱাৰ সময়তে এই মহামাৰীৰ অন্ত পৰিছিল।
গাংমৌ থান আৰু কালী মন্দিৰ দৰ্শন তথা ঘাঁহিগাঁও ষ্টেডিয়াম পৰিদৰ্শনৰ সময়ত সাংসদ পল্লৱ
লােচন দাস, বিধায়ক ৰঞ্জিত দত্ত, প্রমােদ বৰঠাকুৰ আৰু উৎপল বৰাও মুখ্যমন্ত্ৰীৰ সৈতে উপস্থিত থাকে।

বিহালীৰ বটিয়ামাৰীত ব্ৰহ্মপুত্ৰৰ খহনীয়াগ্রস্ত অঞ্চল পৰিদৰ্শন মুখ্যমন্ত্রী ড° শৰ্মাৰ

বটিয়ামাৰীত এখন হাইস্কুল স্থাপনৰ লগতে মােনাবাৰী পথটো পুনৰ
নির্মাণ কৰি ইয়াক শ্বহীদ কনকলতা বৰুৱাৰ নামেৰে নামকৰণৰ কথা
ঘােষণা মুখ্যমন্ত্ৰীৰ

বৰকঠীয়াবাৰী সংহত শিশু উন্নয়ন সেৱা প্ৰকল্পৰ অধীনৰ এটা অংগনৱাড়ী কেন্দ্রও
পৰিদর্শন মুখ্যমন্ত্ৰী

গহপুৰ অসম খবৰ ২৯ ছেপ্টেম্বৰঃ

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই আজি বিশ্বনাথ জিলাৰ বিহালী সমষ্টিৰ বটিয়ামাৰী
অঞ্চলত ব্ৰহ্মপুত্ৰৰ খহনীয়াত ক্ষতিগ্রস্ত অঞ্চলসমূহ পৰিদৰ্শন কৰে। খহনীয়াৰ তীব্ৰতা আৰু ইয়াৰ ফলত
ঘৰ-মাটি হেৰুওৱা পৰিয়ালবােৰৰ কথা বিবেচনা কৰি মুখ্যমন্ত্ৰীয়ে জলসম্পদ বিভাগৰ প্রধান সচিব ছৈয়দ্দিন
আব্বাচীক বান আৰু খহনীয়া সমস্যাৰ স্থায়ী সমাধানৰ বাবে জিঅ’-বেগ ব্যৱহাৰৰ দৰে দীৰ্ঘম্যাদী আঁচনি
গ্রহণ কৰিবলৈ নির্দেশ দিয়ে। তেওঁ লগতে কয় যে বটিয়ামাৰীত এখন হাইস্কুল স্থাপন কৰা হ’ব। সেইদৰে
মােনাবাৰী পথটো পুনৰ নিৰ্মাণ কৰি ইয়াক শ্বহীদ কনকলতা বৰুৱাৰ নামেৰে নামকৰণ কৰা হ’ব বুলিও
তেওঁ জানিবলৈ দিয়ে। অঞ্চলটো পৰিদৰ্শনৰ সময়ত সাংসদ পল্লৱ লােচন দাস, বিধায়ক ৰঞ্জিত দত্ত,
প্রমােদ বৰঠাকুৰ আৰু উৎপল বৰাৰ লগতে জলসম্পদ বিভাগৰ অভিযন্তাসকলাে উপস্থিত থাকে।
ইয়াৰ পূর্বে মুখ্যমন্ত্ৰীয়ে বিহালীৰ কঠীয়াবাৰী সংহত শিশু উন্নয়ন সেৱা প্ৰকল্পৰ অধীনৰ এটা
অংগনৱাড়ী কেন্দ্র পৰিদৰ্শন কৰি শিশুসকলৰ সৈতে কিছু সময় অতিবাহিত কৰে। তেওঁ অঞ্চলটোৰ ৯৬ টি
শিশুৰ মাজত ঘৰলৈ নিব পৰা পুষ্টিকৰ খাদ্য সামগ্ৰীৰ টোপােলাও বিতৰণ কৰে। কেন্দ্ৰটোত কৰ্মৰত অংগনৱাড়ী
কর্মীসকলক তেওঁলােকৰ সেৱাৰ বাবে ধন্যবাদ জ্ঞাপন কৰাৰ লগতে উপযুক্ত ৰূপত শিশুসকলৰ যত্ন
লােৱাৰ বাবে সমর্পিত মনােভাৱেৰে কৰ্তব্যত ব্ৰতী হ’বলৈ আহ্বান জনায়।

■■গহপুৰৰ ৰঙাবাৰীস্থিত শ্বহীদ কনকলতা বৰুৱাৰ বাসগৃহত উপস্থিত হৈ শ্বহীদগৰাকীৰ প্রতি গভীৰ
শ্রদ্ধাঞ্জলি জ্ঞাপন কৰিলে মুখ্যমন্ত্রী ড° শৰ্মাই

◆ শ্বহীদ মুকুন্দ কাকতি আৰু মুক্তিযােদ্ধা মাপতি ৰাজখােৱাৰ পৰিয়ালকো সাক্ষাৎ কৰিলে মুখ্যমন্ত্রীয়ে
গহপুৰ সমষ্টিত ৯৯৯.৯৪ লাখ টকাৰ ব্যয়েৰে নিৰ্মাণ কৰা দুটা পথ শ্বহীদ মুকুন্দ
কাকতি আৰু শ্বহীদ কনকলতা বৰুৱাৰ নামত উৎসর্গা মুখ্যমন্ত্ৰীৰ

গহপুৰ ২৯ ছেপ্টেম্বৰঃ

■■ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই আজি বিশ্বনাথ জিলাৰ গহপুৰৰ বৰঙাবাৰীস্থিত
শ্বহীদ কনকলতা বৰুৱাৰ বাসগৃহত উপস্থিত হৈ শ্বহীদগৰাকীৰ প্রতি গভীৰ শ্রদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে
শ্বহীদগৰাকীৰ প্ৰতিমূৰ্তিত পুস্পাঞ্জলি অর্পণ কৰি শ্রদ্ধা জ্ঞাপন কৰে। তেওঁ শ্বহীদ কনকলতাৰ কনিষ্ঠ ভাতৃ
কালিচৰণ বৰুৱাৰ লগতে শ্বহীগৰাকীৰ পৰিয়ালৰ উত্তৰসূৰীসকলৰ সৈতেও কিছু সময় বার্তালাপ কৰে।
মুখ্যমন্ত্ৰীয়ে পৰিয়ালটোৰ অভাৱ-অভিযােগসমূহ বুজ লােৱাৰ লগতে সেইসমূহ নিৰাময়ৰ বাবে চৰকাৰৰ
তৰফৰ পৰা প্রয়ােজনীয় সহায় আগবঢ়োৱাৰ আশ্বাস প্রদান কৰে। মাতৃভূমিৰ কাৰণে সর্বোচ্চ ত্যাগ স্বীকাৰ
কৰা শ্বহীদ কনকলতা বৰুৱাৰ দেশপ্ৰেমৰ আদৰ্শই ৰাজ্যবাসীক সদায়েই অনুপ্ৰেৰণা যােগাই যাব বুলি
মুখ্যমন্ত্ৰীয়ে মত ব্যক্ত কৰে। মুখ্যমন্ত্রী ড° শৰ্মাই আজি দেশৰ স্বাধীনতা সংগ্ৰামৰ শ্বহীদ মুকুন্দ কাকতি আৰু
মুক্তিযােদ্ধা মাপতি ৰাজখােৱাৰ পৰিয়ালৰ সদস্যসকলকো সাক্ষাৎ কৰি তেওঁলােকৰ অভাৱ-অভিযােগৰ
বুজ লৈ ৰাজ্য চৰকাৰৰ তৰফৰ পৰা প্রয়ােজনীয় সহায় আগবঢ়োৱাৰ আশ্বাস প্রদান কৰে। মুখ্যমন্ত্রীয়ে
শ্বহীদ মুকুন্দ কাকতিৰ প্ৰতিমূৰ্তিত পুস্পাঞ্জলি অর্পণ কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।
ইয়াৰ পাছতে মুখ্যমন্ত্ৰীয়ে গহপুৰ সমষ্টিত ৯৯৯.৯৪ লাখ টকাৰ ব্যয়েৰে নিৰ্মাণ কৰা দুটা পথ
শ্বহীদ মুকুন্দ কাকতি আৰু শ্বহীদ কনকলতা বৰুৱাৰ নামত উৎসর্গ কৰে। ২০১৯-২০ বৰ্ষৰ বাবে ৰাজ্যিক
স্ব-অগ্রাধিকাৰ উন্নয়ন আঁচনিৰ অধীনত এই পথ দুটা নির্মাণ কৰা হৈছে। মুখ্যমন্ত্রী ড° শৰ্মাই গহপুৰ মহকুমা
অসামৰিক চিকিৎসালয়খন আধুনিক চিকিৎসা সুবিধা উপলব্ধ কৰাৰ লগতে চিকিৎসালয়খনৰ বিচনাৰ সংখ্যা
বৃদ্ধি কৰা হ’ব বুলিও আজি ঘােষণা কৰে।
উপৰিউক্ত কাৰ্যসূচীসমূহত সাংসদ পল্লৱ লােচন দাস, বিধায়ক ৰঞ্জিত দত্ত, প্রমােদ বৰঠাকুৰ আৰু
উৎপল ৰাও মুখ্যমন্ত্ৰীৰ সৈতে উপস্থিত থাকে।

মুখ্যমন্ত্ৰীক সম্বৰ্ধনা আদৰণি

বুধবাৰে বিহালী সমষ্টিত পৰিদৰ্শনৰ সময়ত
মুখ্যমন্ত্ৰী ড°হিমন্তবিশ্ব শৰ্মাক বিভিন্ন স্থানত ৰাইজে সম্বৰ্ধনা জনাই।
বিহালী গাংমৌথানলৈ যোৱা পথত মুখ্যমন্ত্ৰী গৰাকীক বহু লোকে পথত ৰখাই সম্বৰ্ধনা জনোৱা দৃশ্য দেখা গ’ল।
ইফালে
স্বাধীনোত্তৰ কালৰ পিছত প্ৰথমবাৰৰ বাবে ৰাংছালী গাঁৱত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ই ভৰি দিয়াত সদৌ ৰাংছালী আৰ্থ সামাজিক উন্নয়ন সমিতিয়ে গাওঁ লৈ আদৰণি জনোৱা লগতে মুখ্যমন্ত্ৰীক সম্বৰ্ধনা জনোৱা দেখা গ’ল।

ইয়াৰ পাছত বটিয়ামাৰী গাওঁ পঞ্চায়ত ভানু ৰংগ মঞ্চত আয়োজন কৰা সম্বৰ্ধনা অনুষ্ঠানত বটিয়ামাৰী গাওঁ পঞ্চায়ত তৰফৰ পৰা সম্বৰ্ধনা জনোৱা লগতে সদৌ বটিয়ামাৰীবাসী ৰাইজে মুখ্যমন্ত্ৰী গৰাকীক উষ্ম আদৰণি জনাই।

album-art
Roi Roi Binale A Zubeen Garg Musical
00:00
Sorry, no results.
Please try another keyword
  • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
  • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
  • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
  • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS
  • ROI ROI BINALE- TITTLE TRACK |ZUBEEN GARG |GEOCONDA VESSICHELLI |
  • Tumar Nilim Kothar Dore | Zubeen Garg | RGS | Roi Roi Binale |
  • Dusokur Kajolere | Zubeen Garg | SABITA SHARMA GOSWAMI, ARUNDHATI BHANU PRIYA | Zeal Creations |
  • Mon Gole-Roi Roi Binale | Zubeen Garg | Achurjya Borpatra | Fency Rajkumari | Zeal Creations" by Zeal Creations.
  • ROI ROI BINALE JUKEBOX | ZUBEEN GARG |
  • FREE BIRD | ZUBEEN GARG |
  • Herowa Chanda- Trailer
spot_imgspot_imgspot_imgspot_img

Latest Posts

বিশেষঃ

Stay in touch

To be updated with all the latest news, offers and special announcements.