শেহতীয়া আপডেটঃ

ৰাজ্যৰ ৪৮ শতাংশ মানুহৰ মুখৰ ভাষা অসমীয়া, সংবাদমেলত আপৰ নেত্ৰী পুনম গগৈৰ প্ৰশ্ন

ধ্ৰুপদী ভাষাৰ স্বীকৃতিয়ে অসমীয়া ভাষাক সুৰক্ষিত কৰিবনে?

গুৱাহাটীঃ অসমীয়া ভাষাই ধ্ৰুপদী ভাষাৰ স্বীকৃতি লাভৰ পিচত চৰকাৰে ৰাজ্যজুৰি গ্ৰহণ কৰিছে ‘ভাষা গৌৰৱ’ সপ্তাহ কাৰ্যসূচী। আজি মহানগৰীৰ গণেশগুৰিস্থিত আম আদমী পাৰ্টিৰ কাৰ্যালয়ত এই সন্দৰ্ভত আয়োজিত এক সংবাদমেলত আপৰ ৰাজ্যিক সাধাৰণ সম্পাদক পুনম গগৈয়ে কয়, ‘অসমৰ মাত্ৰ ৪৮ শতাংশ লোকে অসমীয়া ভাষা ব্যৱহাৰ কৰে।

ৰাজ্যৰ খিলঞ্জীয়া বড়ো, মিচিং, ৰাভা আদি জনগোষ্ঠীয় ভাষা সমূহ বিলুপ্তিৰ পথত। এনে অৱস্থাত অসমীয়া ভাষাৰ প্ৰতি কেৱল মাত্ৰ ধ্ৰুপদী ভাষাৰ স্বীকৃতি লাভেই আমাৰ মাতৃভাষা সুৰক্ষিত কৰিব নে?’ কেন্দ্ৰীয় চৰকাৰে প্ৰদান কৰা এই স্বীকৃতি আৰু ৰাজ্য চৰকাৰৰ ভাষা গৌৰৱ সপ্তাহৰ কাৰ্যসূচী আপে আদৰণি জনায়। সংবাদমেলত আপৰ সাধাৰণ সম্পাদক পুনম গগৈয়ে কয়, ‘অসমীয়া ভাষাৰ সুৰক্ষাৰ বাবে মাথোঁ এই স্বীকৃতিয়ে যথেষ্ট নহয়। ৰাজ্যৰ চৰকাৰী বিদ্যালয় সমূহত মাতৃভাষা অৱহেলিত হৈ আছে। অসমীয়া ভাষাৰ সুৰক্ষাৰ বাবে মাতৃভাষা মাধ্যমৰ বিদ্যালয়, কেন্দ্ৰীয় বিদ্যালয় আৰু ব্যক্তিগত খণ্ডৰ বিদ্যালয় সমূহতো অসমীয়া ভাষাৰ পাঠ্যক্ৰম চৰকাৰে বাধ্যতামূলক কৰা উচিত।’ আনহাতে অসম লোকসেৱা আয়োগৰ প্ৰাৰম্ভিক পৰীক্ষা তথা অন্যান্য প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰশ্নকাকত অসমীয়া ভাষাত প্ৰৱৰ্তন কৰিবলৈয়ো চৰকাৰক আহ্বান জনায়। ৰাজ্যৰ বিধান সভাত গৃহীত ১৯৬০ চনৰ চৰকাৰী ভাষা আইন সন্দৰ্ভত আপৰ নেত্ৰী গৰাকীয়ে কয়, ‘চৰকাৰী কাৰ্যালয় সমূহত এতিয়াও অসমীয়া ভাষা এলাগী হৈ আছে। ১৯৬০ চনৰ চৰকাৰী ভাষা আইন অনুসৰি ৰাজ্য চৰকাৰৰ সকলো বিভাগৰ কাৰ্যালয়তে অসমীয়া ভাষাৰ প্ৰয়োগ বাধ্যতামূলক কৰিবলৈ আমি চৰকাৰক দাবী জনাইছোঁ।’ ধ্ৰুপদী ভাষাৰ স্বীকৃতি লাভৰ পিচত চৰকাৰক ভাষাৰ সুৰক্ষাৰ ক্ষেত্ৰত থকা কেৰোণ সমূহ আঁতৰ কৰিবলৈ দাবী জনায় আম আদমী পাৰ্টিৰ ৰাজ্যিক সাধাৰণ সম্পাদক গৰাকীয়ে। সংবাদমেলত পুনম গগৈৰ সৈতে আপৰ ৰাজ্যিক মহিলা শক্তিৰ সভানেত্ৰী তথা গুৱাহাটী পৌৰ নিগমৰ ৱাৰ্ড মেম্বাৰ মাছুমা বেগমো উপস্থিত থাকে।

album-art
Roi Roi Binale A Zubeen Garg Musical
00:00
Sorry, no results.
Please try another keyword
  • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
  • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
  • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
  • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS
  • ROI ROI BINALE- TITTLE TRACK |ZUBEEN GARG |GEOCONDA VESSICHELLI |
  • Tumar Nilim Kothar Dore | Zubeen Garg | RGS | Roi Roi Binale |
  • Dusokur Kajolere | Zubeen Garg | SABITA SHARMA GOSWAMI, ARUNDHATI BHANU PRIYA | Zeal Creations |
  • Mon Gole-Roi Roi Binale | Zubeen Garg | Achurjya Borpatra | Fency Rajkumari | Zeal Creations" by Zeal Creations.
  • ROI ROI BINALE JUKEBOX | ZUBEEN GARG |
  • FREE BIRD | ZUBEEN GARG |
  • Herowa Chanda- Trailer
spot_imgspot_imgspot_imgspot_img

Latest Posts

বিশেষঃ

Stay in touch

To be updated with all the latest news, offers and special announcements.