শেহতীয়া আপডেটঃ

সুকান্তি ৰাম হৰিজন , সানোৱা আৰু সম্প্ৰীতি

সুকান্তি ৰাম হৰিজন , সানোৱা আৰু সম্প্ৰীতি
~~~~~~~~~~~~~~

ফখৰুদ্দিন আহমেদ

স্বাধীনতাৰ পুৰ্ব কাল। প্ৰায় ১৯৩২ চন মানত বিহাৰৰ দ্বাৰভাঙ্গা জিলাৰ পৰা জিতমল ৰাম হৰিজন ব্যবসায় সংক্ৰান্তত পৰিয়াল সহ আহি উপস্থিত হৈছিলহি দৰং জিলাৰ ছিপাঝাৰৰ অন্তৰ্গত সানোৱা গাঁৱৰ একেবাৰে পশ্চিম দিশৰ ননৈ নদীৰ পাৰত। তেতিয়াৰ দিনত আজিৰ দৰে নদীৰ দুয়োপাৰে কোনো মথাউৰি নাছিল। এশ শতাংশ মুছলমান জনবসতি পুৰ্ন সানোৱা অঞ্চলৰ মানুহবোৰ বিভিন্ন কাৰনত জিতমল ৰাম হৰিজনে থিতাপি লোৱা ঠাই খিনিত মাজে সময়ে লগ লাগিছিল। শেষত গৈ সেই চ’ক টিৰ নাম জিতমল চ’ক নামে জনাজাত হৈ পৰিছিল। কিছুমানে আকৌ জিতমল ঘাট বুলিও কৈছিল কাৰন ননৈ নদীৰ পশ্চিম প্ৰান্ত বোৰোপাৰ , খলিহৈ বা আন অঞ্চলবোৰলৈ সানোৱাৰ মানুহবোৰ জিতমল ৰাম হৰিজন থকা ঘাটটোৰে নৌকাৰে পাৰ হৈ গৈছিল। এতিয়াৰ দৰে তেতিয়া পকাৰ দলং নাছিল। মাজে মাজে সানোৱাৰ ৰাইজে মিলি সেই ঘাটটিত বাঁহৰ সাঁকো দি লৈছিল । এয়াই আছিল জিতমল ৰাম হৰিজন আৰু সানোৱাৰ মুছলমান সমাজৰ মাজত স্থাপন হোৱা আত্মীয়তাৰ ইতিহাস। সানোৱাবাসী আৰু জিতমল ৰাম হৰিজন উভয়ে উভয়ৰ সুখ , দুখ সকলো ক্ষেত্ৰতে সমভাগী হৈ আহিছিল।
এদিন জিতমল ৰাম হৰিজন পৰলোক প্ৰাপ্তি হৈছিল। তেওঁৰ দুজন সন্তান সুগম ৰাম হৰিজন আৰু বুন্নি ৰাম হৰিজন সেই সময়লৈ এশ শতাংশ মুছলমান প্ৰধান সানোৱা গাঁৱৰ জনজীৱনৰ এৰাব নোৱাৰা অংগ হৈ পৰিছিল। মন কৰিবলগা বিষয় যে এই বৃহত্তৰ সানোৱা অঞ্চলত থকা সানোৱা , সানোৱাটাৰী , মাজৰচুবা , পুখুৰীপাৰ , গনকবাৰী , বোৰোপাৰ , খলিহৈ মেনাপাৰা , তৈয়বপুৰ , নিজ শালমাৰা দামপুৰ আদি এশ শতাংশ মুছলমান বসতিপুৰ্ন এলেকাটিত জিতমল ৰাম হৰিজনৰ পৰিয়ালটিয়েই হ’ল একমাত্ৰ বিহাৰী লোক কিন্তু হিন্দু ধৰ্মাৱলম্বী ।
বৃহত্তৰ সানোৱা অঞ্চলৰ সম্প্ৰীতিৰ এক সুকীয়া ঐতিহ্য আছে। সানোৱা আৰু গৰুখুটী অঞ্চলৰ মনিকাঞ্চন সংযোগ ৰহমত আলি চিকাৰী আৰু কান্তি ৰাম নাথ ওজাৰ ব্যক্তিত্ব আৰু ঐক্যৰ বানীৰে আজিও মহীয়ান হৈ আছে সানোৱা , গৰুখুটী , সাতখলি আৰু হাতিমুৰীয়া গাঁও।গৰুখুটী এম ই স্কুল, গৰুখুটী হাই স্কুল ( বৰ্তমান উচ্চতৰ মাধ্যমিক বিদ্যালয়), গৰুখুটী ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ , গৰুখুটী পশু চিকিৎসালয় , ৰঙামাটি-কুৰুৱা ব্ৰহ্মপুত্ৰ মথাউৰি , ননৈ মথাউৰি আদি এই বৃহত্তৰ অঞ্চলটিৰ সকলো ধৰনৰ সামাজিক উন্নয়নৰ কামৰ সিদ্ধান্তৰ বাবে চিকাৰী-ওঝাৰ যুটীৰ মন্তব্যই আছিল মাইলৰ খুটি স্বৰূপ। সমগ্ৰ অঞ্চলটিত ৰাজনৈতিক , সামাজিক , আৰ্থিক , সাম্প্ৰদায়িক সম্প্ৰীতি , ভাতৃত্ববোধৰ এনাজৰি আৰু ব্যক্তিগত সমস্যাৰ সমাধানতো এই দুজন ব্যক্তিৰ অৰিহনা সাম্প্ৰতিক সময়তো এই অঞ্চলৰ মানুহৰ মুখে মুখে কিম্বদন্তী হৈ চৰ্চিত হৈ আছে।
জিতমল ৰাম হৰিজনৰ মৃত্যুৰ পিছত সুগম আৰু বুন্নি দুয়োগৰাকী পাৰিবাৰিক ভাবে পৃথক হয় আৰু সানোৱাবাসী ৰাইজৰ লগত সামাজিক বান্ধোনেৰে বান্ধ খাই আজিও নিচিন্ত ভাবে বসবাস কৰি আহিছে। জিতমল ৰাম হৰিজনৰ এতিয়াৰ প্ৰজন্মই পুৰ্ব পুৰুষৰ চামৰা ব্যবসায় প্ৰায় এৰি দিছে আৰু খেতি-বাতি বা অন্য ব্যসায়ত মনোযোগ দিয়া দৃষ্টি গোচৰ হৈছে।
শিক্ষা দীক্ষাৰ ক্ষেত্ৰতো এই হৰিজন পৰিয়ালটিৰ সতি সন্ততি সকল পিছ পৰি থকা নাই। বহুত উচ্চ শিক্ষা অৰ্জন কৰিবলৈ সক্ষম হোৱা নাই কাৰন এওলোকে পৰিয়াল চলাবলৈ আৰ্থিক অনাটনৰ জোৰা মাৰিবলৈ মেট্ৰিক বা উচ্চতৰ মাধ্যমিক পয্যায় অতিক্ৰম কৰিয়েই শিক্ষা আৰ্জনৰ সমাপ্তি ঘটাব লাগে।লক্ষ্যনীয় বিষয়টি হ’ল সানোৱা অঞ্চলত থকা উচ্চ শিক্ষাৰ একমাত্ৰ শিক্ষানুষ্ঠান সানিৱা হাই মাদ্ৰাছাত শিক্ষা অৰ্জন কৰা এওলোকৰ পৰিয়ালৰ ল’ৰা ছোৱালীয়ে ইছলাম ধৰ্মৰ কোৰআন আৰু হাদিছৰো শিক্ষা অৰ্জন কৰে। কিন্তু সুখৰ বিষয় যে আজিকোপতি হৰিজন পৰিয়ালটিৰ কোনো সদস্যই এতিয়ালৈ ইছলাম ধৰ্ম গ্ৰহন কৰা নাই বা গ্ৰহন কৰিবলগা পৰিস্থিতিৰ সৃষ্টি হোৱা নাই। বৰঞ্চ এও লোকৰ বিভিন্ন উৎসব-পাৰ্বনত সানোৱাৰ মুছলমান লোক সকলে সহযোগিতা কৰি সেই উৎসব-পাৰ্বনবোৰ সফলকাম হোৱাত বিস্তৰ সহযোগিতা আগবঢ়াই আহিছে।
পুৰ্বৰ দিনবোৰত এই হৰিজন পৰিয়ালটিৰ মানুহৰ মৃত্যু হ’লে অসমৰ বিভিন্ন প্ৰান্তত থকা তেওঁলোকৰ মানুহে আহি মৃতদেহ সৎকাৰ কৰিছিল। কিন্তু যোৱা ইং ২৩ জুলাই ২০২০ তাৰিখ বৃহস্পতিবাৰে বুন্নি ৰান হৰিজনৰ অবিবাহিতা কন্যা সুকান্তি ৰাম হৰিজনৰ মৃত্যু হোৱাত পৰিয়ালটি বিবুদ্ধিত পৰে যদিও সানোৱাৰ শালমাৰা চুবাৰ সচেতন ব্যক্তি তথা শালমাৰা ইউথ ক্লাব আৰু হজৰত আবুবক্কৰ চিদ্দিক মছজিদ মহল্লাৰ ৰাইজে মিলি মৃতদেহ সৎকাৰৰ সকলো ব্যবস্থা কৰে লগতে দুখীয়া পৰিয়ালটিক দহ দিন পৰ্যন্ত খোৱা বোৱাৰ ব্যবস্থাও গ্ৰহন কৰে।
সানোৱাৰ সমাজ জীৱনৰ অবিচ্ছদ্য অংগ হিচাপে বিবেচনা কৰা পৰিয়ালটিক এই সহায় খিনি কৰিবলৈ পাই সানোৱাৰ ৰাইজক অতিকৈ সুখী অনুভব কৰা দৃষ্টিগোচৰ হৈছিল।
স্বাধীনোত্তৰ কালৰ প্ৰাক ক্ষনতে সানোৱাৰ সন্তান মৌলানা ইছলামুদ্দিন উচ্চ শিক্ষা আহৰনৰ বাবে ইজিপ্তলৈ গৈছিল আৰু তাৰ ৰাজধানী কাইৰো চহৰত থকা বিশ্বখ্যাত আল্ আজহাৰ বিশ্ববিদ্যালয় আৰু আমেৰিকান ইউনিভাৰচিটিত উচ্চ শিক্ষা অৰ্জন কৰি অসমলৈ আহি ৰঙিয়াত অসমৰ প্ৰথমখন আৰবী মহাবিদ্যালয় ৰঙিয়া আৰবী মহাবিদ্যালয় স্থাপন কৰিছিল।এই বিদ্বৎ পুৰুষে স্বাধীনতা আন্দোলন , অসম আন্দোলন আদিত অংশ গ্ৰহন কৰি কাৰাবাস বৰন কৰিবলগা হৈছিল। এখেত ধৰ্মত উদাৰপন্থী আছিল। সুবক্তা এই গৰাকী পন্ডিতৰ বক্তব্যৰ মূল বিষয়বস্তু ঘাইকৈ আছিল বিশ্ব ভাতৃত্ববোধ।
এই খিনিতে উল্লেখ কৰিব বিচাৰিছো যে অসম সাহিত্য সভাই বিগত ১৯৯৭ চনৰ ১১ অক্টোবৰ তাৰিখ শনিবাৰে দিনযোৰা কাৰ্যসুচীৰে সানোৱা সাহিত্য সভাৰ উদ্যোগত অসম সাহিত্য সভাৰ সংহতি সপ্তাহৰ শুভাৰম্ভনি অনুষ্ঠানটি সানোৱাৰ ৰহমত চিকাৰী-কান্তি ওঝা ক্ষেত্ৰত পালন কৰিছিল । সেই কাৰ্যসুচীৰ প্ৰথম কাৰ্যসুচী আছিল অসমৰ সম্প্ৰীতিৰ ওপৰত । সঞ্চালনা কৰিছিল প্ৰসিদ্ধ গীতিকাৰ অধ্যাপক তফজ্জুল আলি চাৰে। আলোচক হিচাপে অংশ গ্ৰহন কৰিছিল বুৰঞ্জীবিদ ৰফিউল হুছেইন বৰুৱা , জিকিৰ সম্ৰাট ৰেকিবুদ্দিন আহমেদ , কবি ইমৰান আলি দৰঙী আদিয়ে। দ্বিতীয় কাৰ্যসুচীৰ তদানিন্তন অসম সাহিত্য সভাৰ সভাপতি ড. নগেন শইকীয়াৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাত অংশ গ্ৰহন কৰিছিল সাহিত্য অকাডেমী বটা বিজয়ী সাহিত্যিক , অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ড. লক্ষ্মীনন্দন বড়া , অসম সাহিত্য সভাৰ তদানিন্তন প্ৰধান সম্পাদক শৈলেন দাস ,অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ড. পৰমানন্দ ৰাজবংশী আৰু অসম সাহিত্য সভাৰ প্ৰাক্তন উপসভাপতি কবি, গীতিকাৰ ইদ্ৰিছ আলিয়ে। এই অনুষ্ঠানটি অনুষ্ঠিতকৰনৰ লক্ষ্য আৰু উদ্দেশ্যক বৃহত্তৰ সানোৱাবাসী ৰাইজে আজিকোপতি সন্মান সহকাৰে কাৰ্যকৰী কৰি আহিছে।
এই অনুষ্ঠানটিৰ সম্পৰ্কত ড. লক্ষ্মীনন্দন বড়াই “সানোৱাত সংহতি বিচাৰি” নামৰ প্ৰবন্ধত লিখিছিল “সানোৱাৰ সভাত কেবাজনো মুছলমান বক্তাৰ শংকৰদেব আৰু মাধবদেব সম্পৰ্কে গভীৰ জ্ঞান দেখি মই আচৰিত হ’লো।ভাবিলো এইখনেই অসম দেশ য’ত ধৰ্ম মুখ্য বস্তু নহয় , কৃষ্টি-সংস্কৃতি আৰু পৰম্পৰাহে মুখ্য।অধ্যাপক তফজ্জুল আলিৰ শংকৰদেবৰ লগত আজান ফকিৰৰ তুলনামুলক আলোচনাই সকলোৰে অন্তৰ স্পৰ্ষ কৰিলে”।
অসম সাহিত্য সভাৰ প্ৰাক্তন উপসভাপতি তথা তদানিন্তন দৰং জিলা সাহিত্য সভাৰ সভাপতি অধ্যাপক ইদ্ৰিছ আলিয়ে ” সংহতিৰ উৰ্মিৰে প্লাবিত হ’ল সানোৱা ” শীৰ্ষক লিখনিৰ শেষত উল্লেখ কৰিছিল-
ধন্য ধন্য কলি কাল
ধন্য যে সানোৱা ভাল
ধন্য ধন্য আসাম মুলুকে
সংহতিৰ মহাবানী
সম্প্ৰীতিৰ শুভ ধ্বনি
সানোৱাৰ মাটিতে জিলিকে।
প্ৰধানত মৎস্য আৰু কৃষিজীবি বৃহত্তৰ সানোৱা অঞ্চলৰ ৰাইজৰ মহানুভবতাই পুনৰ আমাক সোঁৱৰাই থৈ গ’ল ধৰ্মান্ধতাই আমাৰ জনজীৱনক অন্ধকাৰলৈ ঠিলে দিয়াৰ বিপৰীতে ধৰ্মপৰায়নতাই সম্প্ৰীতিৰ পথৰে আমাক মানব সভ্যতাৰ চূড়ান্ত শিখৰলৈ লৈ যাবলৈ সক্ষম হয়। বৰ্তমান সময়ত এই ধৰ্মপৰায়নতাই মানব জাতিৰ মুলধন হোৱা নিত্যান্তই প্ৰয়োজনীয় সম্পদ হিচাপে বিবেচিত হোৱা একান্ত প্ৰয়োজন।

মোবাইল নং-৮৬৩৮৩১২৭০৭

album-art
Roi Roi Binale A Zubeen Garg Musical
00:00
Sorry, no results.
Please try another keyword
  • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
  • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
  • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
  • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS
  • ROI ROI BINALE- TITTLE TRACK |ZUBEEN GARG |GEOCONDA VESSICHELLI |
  • Tumar Nilim Kothar Dore | Zubeen Garg | RGS | Roi Roi Binale |
  • Dusokur Kajolere | Zubeen Garg | SABITA SHARMA GOSWAMI, ARUNDHATI BHANU PRIYA | Zeal Creations |
  • Mon Gole-Roi Roi Binale | Zubeen Garg | Achurjya Borpatra | Fency Rajkumari | Zeal Creations" by Zeal Creations.
  • ROI ROI BINALE JUKEBOX | ZUBEEN GARG |
  • FREE BIRD | ZUBEEN GARG |
  • Herowa Chanda- Trailer
spot_imgspot_imgspot_imgspot_img

Latest Posts

বিশেষঃ

Stay in touch

To be updated with all the latest news, offers and special announcements.