শেহতীয়া আপডেটঃ

ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ উদ্যোগত গুৱাহাটীত পাঁচদিনীয়াকৈ আৰম্ভ আন্তঃমণ্ডল ক্ৰিকেট প্ৰতিযোগিতা

গুৱাহাটীঃ ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ নতুন দিল্লীস্থিত মূখ্য কাৰ্যালয়ৰ ক্ৰীড়া নিয়ন্ত্ৰণ পৰিষদৰ উদ্যোগত আৰু গুৱাহাটীৰ বৰঝাৰস্থিত উত্তৰ পূৱ মণ্ডলৰ ক্ষেত্ৰীয় ক্ৰীড়া নিয়ন্ত্ৰণ পৰিষদৰ সহযোগত আজিৰে পৰা গুৱাহাটীত পাঁচদিনীয়াকৈ আৰম্ভ হৈছে সৰ্বভাৰতীয় আন্তঃমণ্ডল ক্ৰিকেট প্ৰতিযোগিতা। অহা ১০ জানুৱাৰীলৈকে চলিবলগীয়া এই প্ৰতিযোগিতা একে সময়তে জজ খেলপথাৰ আৰু মালিগাঁওস্থিত ৰেলৱে ষ্টেডিয়ামত আৰম্ভ হৈছে। তাৰ ভিতৰত জজ খেলপথাৰত দিবা-নৈশ আৰু উত্তৰ পূৱ সীমান্ত ৰেলৱেৰ মালিগাঁওস্থিত ষ্টেডিয়ামত কেৱল দিনৰ ভাগত খেলসমূহ অনুষ্ঠিত কৰা হৈছে। প্ৰতিযোগিতাত উত্তৰ পূৱ মণ্ডলকে ধৰি মুঠ ছয়টা মণ্ডলে ভাগ লৈছে। প্ৰতিযোগিতাত আম্পায়াৰৰ দায়িত্বত আছে অসম ক্ৰিকেট সংস্থাৰ দ্বাৰা নিৰ্বাচিত আম্পায়াৰ।

সোমবাৰে পুৱা জজ খেলপথাৰত প্ৰতিযোগিতাত ভাগ লোৱা খেলুৱৈ সকলৰ অভিবাদন গ্ৰহণ কৰি প্ৰতিযোগিতাখন উদ্ধোধন কৰে ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ উত্তৰ পূৱ মণ্ডলৰ ক্ষেত্ৰীয় কাৰ্যবাহী সঞ্চালক এম ৰাজা কিশোৰে। অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে ক্ষেত্ৰীয় ক্ৰীড়া নিয়ন্ত্ৰণ পৰিষদৰ উপ সভাপতি জ্ঞান বাত্ৰা, এয়াৰপৰ্ট অথৰিটি এম্পলয়িজ ইউনিয়নৰ (এ এ ই ইউ) উত্তৰ পূৱ মণ্ডলৰ ক্ষেত্ৰীয় সম্পাদক পৱিত্ৰ দাসকে ধৰি কেবাজনো কৰ্মকৰ্তা উপস্থিত থাকে। আনহাতে দিনৰ ভাগত জজ খেলপথাৰত অনুষ্ঠিত প্ৰতিযোগিতাত পশ্চিম মণ্ডলে মধ্য মণ্ডলক ২৪ ৰাণত পৰাজিত কৰে।

প্ৰথমে বেট ধৰি পশ্চিম মণ্ডলে নিৰ্ধাৰিত ২০ অভাৰত ৪ উইকেটৰ বিনিময়ত ১৮৫ ৰাণ কৰে। ইয়াৰ প্ৰত্যুত্তৰত মধ্য মণ্ডলে ২০ অভাৰত ৮ উইকেট হেৰুৱাই, ১৬১ ৰাণ কৰে। আনহাতে মালিগাঁৱৰ ৰেলৱে ষ্টেডিয়ামত অনুষ্ঠিত আন এখন খেলত দক্ষিণ মণ্ডলে উত্তৰ মণ্ডলক ৫ ৰাণত পৰাজিত কৰে। প্ৰথমে বেট ধৰি নিৰ্ধাৰিত ২০ অভাৰত ৯ উইকেট হেৰুৱাই ১৩২ ৰাণ কৰাৰ বিপৰীতে উত্তৰ মণ্ডলে ২০ অভাৰত ১২৭ ৰাণ কৰে।

উল্লেখ্য যে ১০ জানুৱাৰীৰ দিনা সন্ধিয়া বৰঝাৰস্থিত হোটেল কিৰণশ্ৰীত প্ৰতিযোগিতাৰ সামৰণি অনুষ্ঠান অনুষ্ঠিত হব। তাত বিজয়ী আৰু বিজিত দল, বিভিন্ন শাখাৰ শ্ৰেষ্ঠ খেলুৱৈ সকলক বঁটা প্ৰদান কৰা হব বুলি প্ৰাধিকৰণৰ উত্তৰ পূৱ মণ্ডল ক্ষেত্ৰীয় ক্ৰীড়া পৰিষদৰ মিডিয়া মেনেজমেন্ট কমিটীৰ সচিব সুশীল লাল চৌধুৰীয়ে জানিবলৈ দিছে।

album-art
Roi Roi Binale A Zubeen Garg Musical
00:00
Sorry, no results.
Please try another keyword
  • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
  • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
  • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
  • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS
  • ROI ROI BINALE- TITTLE TRACK |ZUBEEN GARG |GEOCONDA VESSICHELLI |
  • Tumar Nilim Kothar Dore | Zubeen Garg | RGS | Roi Roi Binale |
  • Dusokur Kajolere | Zubeen Garg | SABITA SHARMA GOSWAMI, ARUNDHATI BHANU PRIYA | Zeal Creations |
  • Mon Gole-Roi Roi Binale | Zubeen Garg | Achurjya Borpatra | Fency Rajkumari | Zeal Creations" by Zeal Creations.
  • ROI ROI BINALE JUKEBOX | ZUBEEN GARG |
  • FREE BIRD | ZUBEEN GARG |
  • Herowa Chanda- Trailer
spot_imgspot_imgspot_imgspot_img

Latest Posts

বিশেষঃ

Stay in touch

To be updated with all the latest news, offers and special announcements.