চলিত বৰ্ষত বৃহৎ পৰিমাণৰ আপেল ক্ৰয় হিমাচল প্ৰদেশ চৰকাৰৰ

■ হিমাচল প্ৰদেশ চৰকাৰে এই বছৰ চলিত ঋতুত বৃহৎ পৰিমাণৰ আপেল ক্ৰয় কৰিছে। এইচ.পি.এম.চি. (HPMC)আৰু হিমফেডে বজাৰ হস্তক্ষেপ আঁচনিৰ (MIS-Market Intervention Scheme) জৰিয়তে আপেলসমূহ ক্ৰয় কৰিছে। চলিত বছৰত দুয়োটা সংগঠনে একেলগে ক্ৰয় কৰিছে প্ৰায় ৭০,০০০মেট্ৰিক টন। ইয়াৰ ভিতৰত আছে এইচপিএমচিৰ ৩৫,০০০ মেট্ৰিক টন আৰু হিমফেডৰ দ্বাৰা ৩৩,০০০ মেট্ৰিক টন। এটা দশকত সৰ্বাধিক হিমফেডে ক্ৰয় কৰিছে। যোৱা বছৰ, ১৮,০০০ মেট্ৰিক টন ক্ৰয় কৰিছিল। এইচ.পি.এম.চি.-ৰ বাবেও, এয়া যোৱা এক দশকত অভিলেখ ক্ৰয় বুলিব পাৰি।

এম.আই.এছ.-ৰ জৰিয়তে ক্ৰয় বৃদ্ধি পাইছে। কিয়নো নিৰন্তৰ শিল বৰষুণ আৰু শুকান বতৰৰ বাবে আপেলৰ বেছিভাগ নিম্নমানৰ হৈছিল। যদিও এইচ.পি.এম.চি.-য়ে ইয়াৰ ক্ৰয়ৰ এটা অংশ ৰস আৰু জাম তৈয়াৰ কৰাৰ বাবে ব্যৱহাৰ কৰে, বাকীখিনি পাৰৱানুত বিক্ৰী কৰা হয়।

Be the first to comment

Leave a Reply

Your email address will not be published.


*


This site uses Akismet to reduce spam. Learn how your comment data is processed.