যোৰহাটত মুখ্যমন্ত্ৰী সৈতে বৈঠক আৰক্ষী বিষয়া :

 

শনিবাৰে যোৰহাটৰ আৰক্ষী বিষয়াসকলৰ সৈতে এক বৈঠকত মিলিত হয় অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা ।
মুখ্যমন্ত্ৰী গৰাকীয়ে জিলাখনৰ আইন-শৃংখলা পৰিস্থিতিৰ ওপৰত পৰ্যালোচনা কৰে ।

বৈঠকখনত প্ৰশাসন ব্যৱস্থাত ত্ৰুটিমুক্ত পৰিৱেশ সৃষ্টি কৰিবলৈ কেইবাটাও গুৰুত্বপূৰ্ণ নিৰ্দেশন দিয়ে মুখ্যমন্ত্ৰীয়ে।
অহা ৩১ মাৰ্চ, ২০২২ৰ ভিতৰত সকলো পুৰণি গোচৰ নিষ্পত্তি কৰাৰ দিশতো গুৰুত্ব প্ৰদান কৰাৰ লগতে জিলাখনৰ স্পৰ্শকাতৰ অঞ্চল সমূহত নিয়মীয়া আৰক্ষীৰ টহল ব্যৱস্থা নিশ্চিত কৰিবলৈ আৰক্ষী বিষয়াসকলক নিৰ্দেশ দিয়ে মুখ্যমন্ত্ৰীয়ে।

বৈঠকত মুখ্যমন্ত্ৰীক সংগ দিয়ে মন্ত্ৰী ডা: ৰণোজ পেগু, সাংসদদ্বয় তপন কুমাৰ গগৈ আৰু কামাখ্যা প্ৰসাদ তাছা, আৰক্ষী উপ মহাপৰিদৰ্শক জিৎমল দলে, যোৰহাটৰ জিলা উপায়ুক্ত অশোক কুমাৰ বৰ্মন, আৰক্ষী অধীক্ষক অংকুৰ জৈনৰ লগতে জিলাখনৰ থানা সমূহৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সকল উপস্থিত থাকে এই বৈঠকত।

Be the first to comment

Leave a Reply

Your email address will not be published.


*


This site uses Akismet to reduce spam. Learn how your comment data is processed.