শেহতীয়া আপডেটঃ

কেইগৰাকীমান মহিলাক লাখপতি কৰিয়েই মহিলা সবলীকৰণ কৰিব নেকি বিজেপি চৰকাৰে- অনুৰূপা ডেকাৰজা

◊ বিজেপি চৰকাৰৰ মহিলাবিৰোধী স্থিতিক কঠোৰ সমালোচনা আম আদমি পাৰ্টীৰ
◊ লাখপতি বাইদেউ নিৰ্বাচনী চমকৰ বাহিৰে একো নহয়- আম আদমি পাৰ্টী
গুৱাহাটী, ৮ মাৰ্চঃ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰা ‘লাখপতি বাইদেউ’ আঁচনিক তীব্ৰ সমালোচনা কৰি এখন সংবাদমেল সম্বোধন কৰে আম আদমি পাৰ্টী, অসমৰ জ্যেষ্ঠ মুখপাত্ৰ অনুৰূপা ডেকাৰজাই। গণেশগুৰিস্থিত আপ, অসমৰ মুখ্য কাৰ্যালয়ত সম্বোধন কৰা এই সংবাদমেলখনত অনুৰূপা ডেকাৰজাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ অসম ভ্ৰমণৰ সময়চোৱাতেই বিজেপি চৰকাৰৰ মহিলাবিৰোধী স্থিতিক কঠোৰ সমালোচনা কৰি কয় যে ‘লাখপতি বাইদেউ’ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্বাচনী চমকৰ বাহিৰে একো নহয়। তেওঁ কয় যে ইয়াৰ পূৰ্বেও মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মহিলাসকলৰ ক্ষুদ্ৰ ঋণ মাফ কৰি দিয়াৰ কথা কৈ এতিয়া তেওঁলোকৰ বহুতকেই এটকাৰ চেকহে প্ৰদান কৰিলে। সেইদৰে জ্যেষ্ঠ মুখপাত্ৰগৰাকীয়ে অংগনৱাড়ী কৰ্মীসকলৰ আন্দোলনৰ সম্পৰ্কে প্ৰশ্ন উত্থাপন কৰি বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কৰে আৰু কয় যে অংগনৱাড়ীৰ কৰ্মী-সহায়িকাসকল লাখপতি হ’ব নালাগে নেকি? অৰুণোদই আঁচনিৰ হিতাধিকাৰীসকল লাখপতি হ’ব নালাগে নেকি?

‘সবকা সাথ সবকা বিকাশ’ৰ শ্লোগান দিয়া নৰেন্দ্ৰ মোডীৰ বিজেপি চৰকাৰৰ এই মহিলাবিৰোধী স্থিতিক সমালোচনা কৰি অনুৰূপা ডেকাৰজাই কয় যে কেইগৰাকীমান মহিলাক লাখপতি কৰি সমাজৰ বৃহৎসংখ্যক মহিলাক দৰিদ্ৰতাৰ মাজত ৰাখি বিজেপি চৰকাৰে কিদৰে মহিলা সবলীকৰণ কৰিব? সেইদৰে জ্যেষ্ঠ মুখপাত্ৰগৰাকীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ অসম ভ্ৰমণক তীব্ৰ সমালোচনা কৰি কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে মণিপুৰৰ নিৰ্যাতিতা মহিলাসকলৰ কাষলৈ কিয় যাবলৈ সাহস গোটাব পৰা নাই? মহিলা সবলীকৰণৰ সম্পৰ্কে ক’বলৈ গৈ অনুৰূপা ডেকাৰজাই অসম চৰকাৰক দিল্লীৰ অৰবিন্দ কেজৰিৱাল নেতৃত্বাধীন আম আদমি পাৰ্টীৰ চৰকাৰৰ নীতিৰ সৈতে তুলনা কৰি তীব্ৰ সমালোচনা কৰে।

তেওঁ কয় যে দিল্লীত চৰকাৰে মহিলাসকলক বিনামূলীয়া বাছ যাত্ৰা প্ৰদান কৰিছে, বাছত মহিলা সুৰক্ষাকৰ্মী নিয়োগ কৰিছে, দিল্লীৰ প্ৰতিটো অলিয়ে-গলিয়ে চিচিটিভিৰ ব্যৱস্থা কৰিছে, মহিলা সন্মান যোজনাৰ অধীনত ষাঠি লাখ মহিলাক প্ৰতি মাহে ১০০০ টকাকৈ প্ৰদান কৰাৰ ব্যৱস্থা কৰিছে,বিধৱাসকলক মাহিলী পেঞ্চন প্ৰদান কৰিছে। তাৰ বিপৰীতে অসম চৰকাৰে মহিলাসকলৰ সুৰক্ষা আৰু বিকাশৰ বাবে পৰ্যাপ্ত কাম কৰা নাই। অসম চৰকাৰে মহিলাৰ সুৰক্ষাৰ বাবে চিচিটিভিৰ ব্যৱস্থা কিয় কৰা নাই বুলি প্ৰশ্ন উত্থাপন কৰে জ্যেষ্ঠ মুখপাত্ৰগৰাকীয়ে। সেইদৰে অনুৰূপা ডেকাৰজাই চৰকাৰৰ নীতিক সমালোচনা কৰি কয় যে অসমৰ মহিলাসকলৰ উপাৰ্জন বিজেপি চৰকাৰৰ দিনত দুখলগাকৈ কমি আহিছে আৰু এনে পৰিস্থিতিত বিজেপি চৰকাৰে মহিলা সবলীকৰণৰ ঢাকঢোল বজোৱাৰ কোনো অৰ্থ নাই। অংগনৱাড়ী কৰ্মীসকলৰ প্ৰতিবাদৰ সম্পৰ্কে সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত অনুৰূপা ডেকাৰজাই কয় যে আম আদমি পাৰ্টীয়ে অংগনৱাড়ী কৰ্মী-সহায়িকাসকলৰ মাননি বঢ়াব লাগে বুলি আগৰেপৰাই চৰকাৰক দাবী জনাই আহিছে আৰু বৰ্তমান সময়ত চলি থকা অংগনৱাড়ী কৰ্মী-সহায়িকাসকলৰ প্ৰতিবাদক সম্পূৰ্ণৰূপে সমৰ্থন জনাইছে।

album-art
Roi Roi Binale A Zubeen Garg Musical
00:00
Sorry, no results.
Please try another keyword
  • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
  • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
  • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
  • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS
  • ROI ROI BINALE- TITTLE TRACK |ZUBEEN GARG |GEOCONDA VESSICHELLI |
  • Tumar Nilim Kothar Dore | Zubeen Garg | RGS | Roi Roi Binale |
  • Dusokur Kajolere | Zubeen Garg | SABITA SHARMA GOSWAMI, ARUNDHATI BHANU PRIYA | Zeal Creations |
  • Mon Gole-Roi Roi Binale | Zubeen Garg | Achurjya Borpatra | Fency Rajkumari | Zeal Creations" by Zeal Creations.
  • ROI ROI BINALE JUKEBOX | ZUBEEN GARG |
  • FREE BIRD | ZUBEEN GARG |
  • Herowa Chanda- Trailer
spot_imgspot_imgspot_imgspot_img

Latest Posts

বিশেষঃ

Stay in touch

To be updated with all the latest news, offers and special announcements.