শেহতীয়া আপডেটঃ

অসমত ইলেকট্র’নিক মাধ্যম আৰু এই মাধ্যমৰ লগত জড়িত কেৰিয়াৰ

■ ইলেকট্র’নিক মাধ্যম হৈছে সংবাদ মাধ্যমৰ এটা শ্ৰেণী যিয়ে বিষয়বস্তু ইলেক্ট্ৰনিক্স আৰু ইলেক্ট্ৰ’মেকানিকেল শক্তি ব্যৱহাৰ কৰি দৰ্শকৰ আগত উপস্থাপন কৰে। সাধাৰণ জনতাৰ বাবে পৰিচিত প্ৰাথমিক ইলেকট্র’নিক মাধ্যমৰ উৎসবোৰ হ’ল- ভিডিঅ’ ৰেকৰ্ডিং, অডিঅ’ ৰেকৰ্ডিং, মাল্টিমিডিয়া উপস্থাপন, শ্লাইড উপস্থাপন, চিডি-ৰম আৰু অনলাইন বিষয়বস্তু। বেছিভাগ নতুন মাধ্যম ডিজিটেল মাধ্যমৰ ৰূপত আছে। এইদৰে ইলেকট্র’নিক মাধ্যমে সামৰি লৈছে চিনেমা, টিভিৰ অনুষ্ঠান আৰু ধাৰাবাহিক, দূৰসংযোগ, মাল্টিমিডিয়াৰ বস্তু, ৰেডিঅ’ অনুষ্ঠান আৰু ইণ্টাৰনেটৰ বিষয়বস্তুৰ জগতখন। সেয়েহে, ইলেকট্র’নিক মাধ্যমত কেৰিয়াৰ যথেষ্ট সমৃদ্ধ, বৈচিত্ৰ্যপূৰ্ণ আৰু যথেষ্ট প্ৰগতিশীল আৰু আকৰ্ষণীয়। ইলেকট্র’নিক মাধ্যমৰ পৰিসৰ ছপা মাধ্যমতকৈ বহু বেছি।

        ইলেকট্র’নিক মাধ্যমৰ কামবোৰ দুটা বহল শ্ৰেণীৰ অন্তৰ্গত, কেমেৰাৰ সন্মুখৰ কাম আৰু পৰ্দাৰ আঁৰৰ কাম। ইলেকট্র’নিক মাধ্যমৰ এই ক্ষেত্ৰবোৰৰ মুখ্য আৰু গুৰুত্বপূৰ্ণ কাৰ্যকলাপবোৰ হৈছে – বাতৰি সংগ্ৰহ, বিশ্লেষণ আৰু সম্পাদনা, আৰু উপস্থাপন; চলচ্চিত্ৰ প্ৰযোজনা; টিভি ধাৰাবাহিক আৰু প্ৰ’গ্ৰামৰ প্ৰযোজনা; দিশ; অভিনয়; স্ক্ৰিপ্ট লিখন; চিনেমাটোগ্ৰাফী; ধ্বনি ৰেকৰ্ডিং; দৃশ্যমান মিশ্ৰণ; কোৰিঅ’গ্ৰাফী; সম্পাদনা; ৰেডিঅ’ প্ৰযোজনা; ৰেডিঅ’ জকি; এনিমেচন; ভিডিঅ’ গেম ডিজাইনিং; মিউজিক ভিডিঅ’ সৃষ্টি কৰা আদি।

      প্ৰতি বছৰে নিৰ্মিত ছবি আৰু টেলিভিছনৰ অনুষ্ঠান আৰু ধাৰাবাহিকৰ সংখ্যা ক্ৰমান্বয়ে বৃদ্ধি পোৱা আৰু টিভি চেনেল আৰু এফ এম ৰেডিঅ’ ষ্টেচনৰ দ্ৰুত প্ৰসাৰৰ বাবে ভাৰতত ইলেকট্র’নিক মাধ্যমৰ চাকৰিৰ সংখ্যা বৃদ্ধি পাইছে। কিন্তু, ইলেকট্র’নিক মাধ্যমৰ চাকৰিত কিছুমান দক্ষতা থকা দৰকাৰ, যেনে – সৃষ্টিশীলতা, আৰু সাহসী, বহুমুখী, উদ্ভাৱনীমূলক হৈ থকা, নিয়মিতভাৱে নিজকে উৎকৃষ্ট কৰা আদি গুণবোৰ থকা প্রয়োজন।

      অসমীয়া ভাষাৰ টেলিভিছন চেনেলসমূহ হ’ল- ডী ডী অসম (https://prasarbharati.gov.in/dd-north-east-homepage), প্ৰাগ নিউজ (),  ডি. ৱাই. ৩৬৫ (https://dy365.in/livetv), নিউজ লাইভ (https://newslivetv.com/live-tv), প্ৰতিদিন টাইম (https://www.pratidintime.com/live-tv), আছাম টক্‌ছ (https://assamtalks.com/live-tv), নিউজ ১৮ অসম-নৰ্থ ইষ্ট (https://assam.news18.com/live-tv), এন কে টিভি (https://www.nktv.in/live-tv), নিউজ ডেইলি ২৪(https://www.newsdaily24.in), এনবি নিউজ (https://nbnewstv.com), প্রথম খবৰ(https://prathamkhabartv.com/), ৰং (https://www.rangtv.org), ৰেঙণি (https://rengonitv.com), জোনাক (https://www.youtube.com/@Jonackchannel/videos), স্পন্দন টিভি (https://www.spondontv.com/live-tv/), ইন্দ্ৰধনু (https://indradhanutv.com), ৰামধেনু (https://ramdhenutv.com) আদি।

       অসমৰ ৰেডিঅ’ ষ্টেচনবোৰ হ’ল – আকাশবাণী (https://prasarbharati.gov.in/homepage-air/) , গপ-চপ্ (https://gupshupradio.com/), ৰেডিঅ’ মিৰ্চি(https://onlineradiofm.in/assam/guwahati/mirchi), বিগ এফ এম

 (https://onlineradiofm.in/assam/guwahati/big), ৰেড এফ এম (https://www.redfmindia.in/guwahati), ৰেডিঅ’ লুইত (https://radioluit.gauhati.ac.in/), মহাবাহু (https://onlineradiofm.in/stations/all-india-radio-air-assamese), প্ৰাগজ্যোতিষ (https://onlineradiofm.in/stations/air-guwahati-pragjyotishpur) আদি।

      লগতে বহুতো  ৱেব পৰ্টেল , ব্ল’গ ,  ইউটিউব চেনেল আছে। ‘অসম সম্পৰ্কীয় ৱেবছাইটৰ তালিকা (http://websitebuljit.blogspot.com)’ নামৰ মোৰ নিজা ব্ল’গত  ইয়াৰ কিছুমান অন্তৰ্ভুক্ত কৰিছোঁ।

      ইলেকট্র’নিক মাধ্যমত নিযুক্তি লাভ কৰিব পৰা কেইটামান পদ হ’ল -কেমেৰামেন (Cameraman) ,চলচ্চিত্ৰ পৰিচালক (Film Director) ,চলচ্চিত্ৰ/টিভি অভিনেতা বা অভিনেত্ৰী (Film/TV Actor or Actress) ,চিত্ৰনাট্য লেখক (Script Writer),চিনেমা প্ৰজেকচনিষ্ট (Cinema Projectionist) ,জনসম্পৰ্ক বিষয়া (Public Relations Officer), টিভি ফিল্ড ৰিপ’ৰ্টাৰ (TV Field Reporter) ,টিভি বাতৰি বিশ্লেষক (TV News Analyst), টিভি বাতৰি সম্পাদক (TV News Editor)  ,টিভি বাতৰি/প্ৰগ্ৰেম এংকৰ (TV News/Program Anchor) ,টিভি সাংবাদিক/লেখক (TV Journalist/Writer),  দৃশ্য-শ্ৰাব্য উৎপাদন বিশেষজ্ঞ (Audiovisual Production Specialist),প্ৰডাকচন মেনেজাৰ (Production Manager) ,ফিল্ড আৰু ইন-হাউচ সংবাদদাতা (Field and In-house Correspondent) , ফ্ল’ৰ মেনেজাৰ (Floor Manager), বাতৰি গৱেষণা বিশ্লেষক (News Research Analyst) , বাতৰি/কাৰ্যসূচী উপস্থাপক(News/Program Presenter), বিজ্ঞাপন কাৰ্যবাহী (Advertising Executive) ,ভিজুৱেল মিক্সাৰ (Visual Mixer) , মিডিয়া মাৰ্কেটিং এক্সিকিউটিভ (Media Marketing Executive),  মেকআপ আৰ্টিষ্ট (Makeup Artist) ,ৰেডিঅ’ প্ৰডাকচন (Radio Production) ,সংগীত সুৰকাৰ (Music Composer) ,সহায়ক বা চৰিত্ৰ শিল্পী (Supporting or Character Artists) আদি।

        সাংবাদিকতা/গণসংযোগ, টিভি বাতৰি আৰু টিভি আৰু চলচ্চিত্ৰ উদ্যোগত কেৰিয়াৰৰ বাবে বিভিন্ন স্তৰত বিভিন্ন পাঠ্যক্ৰম প্ৰদান কৰা অসমৰ বাহিৰৰ কেইখনমান শিক্ষানুষ্ঠান হ’ল-দিল্লী বিশ্ববিদ্যালয় (www.du.ac.in ),পুনে বিশ্ববিদ্যালয় (www.unipune.ac.in),  কলকতা বিশ্ববিদ্যালয় (www.caluniv.ac.in),বেনাৰস হিন্দু বিশ্ববিদ্যালয় (www.bhu.ac.in),  ইন্দিৰা গান্ধী ৰাষ্ট্রীয় মুকলি বিশ্ববিদ্যালয় (http://rcguwahati.ignou.ac.in),লেডী শ্রীৰাম কলেজ (http://lsr.edu.in),খ্রীষ্ট বিশ্ববিদ্যালয় (www.christuniversity.in),ইন্দ্রপ্রস্থ কলেজ ফৰ ৱমেন(http://ipcollege.ac.in), হায়দৰাবাদ বিশ্ববিদ্যালয় (www.commuoh.in),ইণ্ডিয়ান ইনষ্টিটিউট অৱ মাছ কমিউনিকেছন (http://iimc.nic.in) ,ছিমবায়’ছিছ ইনষ্টিটিউট অৱ মিডিয়া এণ্ড কমিউনিকেছন (https://www.simc.edu), এছিয়ান কলেজ অৱ জাৰ্ণেলিজিম (https://www.asianmedia.org.in),জেভিয়াৰ ইনষ্টিটিউট অৱ কমিউনিকেছন(https://www.xaviercomm.org),ছফিয়া ইনষ্টিটিউট অৱ ছ’চিয়েল কমিউনিকেছন(http://www.scmsophia.com),মনোৰমা স্কুল অৱ কমিউনিকেছন (www.manoramajschool.com), মুদ্রা ইনষ্টিটিউট অৱ কমিউনিকেছন(www.mica.ac.in), ইণ্ডিয়ান ইনষ্টিটিউট অৱ জাৰ্ণেলিজিম এণ্ড নিউ মেডিয়া (http://www.iijnm.org), ইণ্টাৰনেচনেল ইনষ্টিটিউট অৱ মাছ মিডিয়া (https://www.iimmdelhi.com), ফিল্ম এণ্ড টেলিভিচন ইনষ্টিটিউট অৱ ইণ্ডিয়া (https://www.ftii.ac.in),এচিয়ান একাডেমী অৱ ফিল্ম এণ্ড টেলিভিশ্যন  (https://aaft.com), সত্যজিৎ ৰায় ফিল্ম এণ্ড টেলিভিচন ইনষ্টিটিউট (https://srfti.ac.in), জামিয়া মিল্লিয়া ইসলামিয়া (http://jmi.ac.in),নিঅ’ ফিল্ম স্কুল (https://www.neofilmschool.com),নেচনেল ইনষ্টিটিউট অৱ ফিল্ম এণ্ড ফাইন আৰ্টছ ,কলকাতা (https://www.niffa.org), শ্রী অৰবিন্দ চেণ্টাৰ ফৰ আৰ্টছ এণ্ড কমিউনিকেছন , নিউ দিল্লী (http://www.sac.ac.in), বিজু পাটনায়ক ফিল্ম এণ্ড টেলিভিচন ইনষ্টিটিউট অৱ উৰিষ্যা(http://www.bpftio.org/BijuPattanaik/index.html), মুম্বাই  মিউজিক ইনষ্টিটিউট (https://www.mumbaimusicinstitute.in) ,এল ভি প্রসাদ ফিল্ম এণ্ড টেলিভিচন অকাদেমী (https://www.prasadacademy.com) ,নেছনেল স্কুল অৱ ড্রামা(https://nsd.gov.in/delhi/), নেচনেল ইনষ্টিটিউট অৱ ডিজাইন (https://www.nid.edu),হুইষ্টলিংউডছ ইণ্টাৰনেচনেল (https://whistlingwoods.co.in),স্কুল অৱ ব্ৰডকাষ্টিং এণ্ড কমিউনিকেছন (https://www.sbc.ac.in),ৰেডিঅ’ চিটি স্কুল অৱ ব্ৰডকাষ্টিং, মুম্বাই (https://www.radiocity.in/radiocity-school-of-broadcasting ),এমিটি স্কুল অৱ কমিউনিকেছন (https://www.amity.edu/asco/)আদি

      অসমতো শিক্ষা গ্রহণ কৰিব পৰা বহুত শিক্ষানুষ্ঠান আছে । যেনে- গুৱাহাটী বিশ্ববিদ্যালয় (http://www.gauhati.ac.in),  তেজপুৰ বিশ্ববিদ্যালয় (www.tezu.ernet.in),  অসম বিশ্ববিদ্যালয় (www.aus.ac.in),  ডিব্রুগড় বিশ্ববিদ্যালয় (www.dibru.ac.in),  অসম মহিলা বিশ্ববিদ্যাল (www.awu.ac.in),  কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয় (www.kkhsou.in),  কটন  বিশ্ববিদ্যালয় (https://cottonuniversity.ac.in),  অসম ডন বস্ক’ বিশ্ববিদ্যালয় (https://www.dbuniversity.ac.in),Turning Point Institute of Media & Creative Skills  ,  অসম সাংবাদিকতা বিদ্যালয় , ড° ভূপেন হাজৰিকা আঞ্চলিক চৰকাৰী চলচ্চিত্ৰ আৰু টেলিভিশ্যন প্ৰতিষ্ঠান (https://dbhrgfti.assam.gov.in)  আদি । এই শিক্ষানুষ্ঠানবোৰৰত বিভিন্ন পাঠ্যক্রমত নাম ভৰ্তি কৰিব বাবে প্রয়োজন হোৱা সবিশেষ তথ্য জানিবৰ বাবে শিক্ষানুষ্ঠানবোৰৰ ৱেবছাইটত চাব পাৰে। লগতে নাম ভৰ্তি বাবে বিজ্ঞাপন বাতৰি কাকতত প্রকাশ হয় । কেৰিয়াৰ বিষয়ৰ বিভিন্ন কথা কোনো আগ্ৰহী শিক্ষাৰ্থীয়ে জানিব বিচাৰে ,তেন্তে প্ৰত্যেক শনিবাৰে বিয়লি ৬-৯ বজাৰ ভিতৰত ফোন(৯৪৩৫১৮৮৬৩০)ত যোগাযোগ কৰিব পাৰে।

ড° বুলজিৎ বুঢ়াগোহাঁই
কেৰিয়াৰ পৰামৰ্শদাতা তথা মুৰব্বী, যান্ত্রিক অভিযান্ত্রিক বিভাগ,
অসম ডন বস্ক’ বিশ্ববিদ্যালয়
ফোন: ৯৪৩৫১৮৮৬৩০
ই-মেইল: buljit@gmail.com
www.buljit.com

album-art
Roi Roi Binale A Zubeen Garg Musical
00:00
Sorry, no results.
Please try another keyword
  • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
  • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
  • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
  • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS
  • ROI ROI BINALE- TITTLE TRACK |ZUBEEN GARG |GEOCONDA VESSICHELLI |
  • Tumar Nilim Kothar Dore | Zubeen Garg | RGS | Roi Roi Binale |
  • Dusokur Kajolere | Zubeen Garg | SABITA SHARMA GOSWAMI, ARUNDHATI BHANU PRIYA | Zeal Creations |
  • Mon Gole-Roi Roi Binale | Zubeen Garg | Achurjya Borpatra | Fency Rajkumari | Zeal Creations" by Zeal Creations.
  • ROI ROI BINALE JUKEBOX | ZUBEEN GARG |
  • FREE BIRD | ZUBEEN GARG |
  • Herowa Chanda- Trailer
spot_imgspot_imgspot_imgspot_img

Latest Posts

বিশেষঃ

Stay in touch

To be updated with all the latest news, offers and special announcements.