জম্মু-কাশ্মীৰ আৰক্ষীয়ে পিচিআৰ জম্মু আৰু পিচিআৰ কাশ্মীৰ-শ্ৰীনগৰত ২৪ ঘণ্টাই সক্ৰিয় ৰাজহুৱা ট’ল ফ্রী হেল্পলাইন মুকলি

■ জম্মু-কাশ্মীৰ আৰক্ষীয়ে পিচিআৰ জম্মু আৰু পিচিআৰ কাশ্মীৰ-শ্ৰীনগৰত ২৪ ঘণ্টাই ৰাজহুৱা ট’ল ফ্ৰী হেল্পলাইন মুকলি কৰিছে। এই হেল্পলাইনৰ দ্বাৰা জনসাধাৰনে উগ্ৰবাদ, নাৰ্কোটিক-ড্ৰাগ সৰবৰাহ, বা আন যিকোনো দেশদ্ৰোহী, অসামাজিক কাৰ্যকলাপ সম্পৰ্কে সময়মতে যিকোনো তথ্য প্ৰেৰণ কৰিব পাৰিব। আৰক্ষীয়ে তথ্য প্ৰদান কৰা ব্যক্তিজনৰ পৰিচয় গোপন ৰখা হ’ব বুলিও জানিবলৈ দিছে। তথ্যৰ মানদণ্ডৰ ওপৰত নিৰ্ভৰ কৰি তেওঁলোকক পুৰস্কৃত কৰা হ’ব।

লেণ্ডলাইন নম্বৰৰ ভিতৰত আছে পিচিআৰ কাশ্মীৰ 0194 2455798, টোল ফ্ৰী নম্বৰ 18001807193 আৰু পিচিআৰ জম্মু 0191 2520309, ট’ল ফ্ৰী নম্বৰ 18001807192। ইতিমধ্যে 100, 112, 1090, 1091 আৰু লেণ্ডলাইন নম্বৰৰ হেল্পলাইন সুবিধা প্ৰদান কৰি ৰখা হৈছে। এই সুবিধাৰ দ্বাৰা জম্মু-কাশ্মীৰ আৰক্ষীক এক শক্তিশালী ৰূপত বিৰোধী শক্তিৰ বিৰুদ্ধে যুঁজ দিয়াত সহায় কৰিব। লগতে এই সুবিধাৰ যোগেদি ব্যৱসায়ী, পৰ্যটক, পৰিবহনকাৰী, শিক্ষাৰ্থী আৰু সমাজৰ অন্যান্য শ্ৰেণীৰ মাজত নিৰাপত্তাৰ বৃদ্ধি কৰাৰ প্ৰচেষ্টা বুলিব পাৰি।

Be the first to comment

Leave a Reply

Your email address will not be published.


*


This site uses Akismet to reduce spam. Learn how your comment data is processed.